নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অশান্ত লোহিত সাগৰ

গাজাত হামাছ আৰু ইজৰাইলৰ মাজৰ ৰক্তক্ষয়ী যুদ্ধই ইতিমধ্যে পৰিস্থিতি জটিল কৰি তুলিছে৷ সমগ্র মধ্যপ্রাচ্যলৈ অশান্তি কঢ়িয়াই আনিছে এই যুদ্ধই৷ ইয়াৰ মাজতে লোহিত সাগৰত এক নতুন ৰণাংগন সৃষ্টিৰ আশংকা কঢ়িয়াই আনিছে য়েমেনৰ সশস্ত্র সংগঠন ‘হুথী’–এ৷বিশ্বৰ বিভিন্ন দেশৰ বাণিজ্যিক জাহাজৰ ওপৰত সঘনে হুথীয়ে আক্রমণ চলাই আহিছে৷ এই আক্রমণৰ কাৰণ হৈছে গাজাত পেলেস্তাইনীৰ ওপৰত চলা ইজৰাইলী বোমাবর্ষণ৷ ইয়াৰ প্রতিশোধ ল’বলৈ পাশ্চাত্যৰ দেশসমূহৰ বাণিজ্যিক জাহাজত সঘনে ড্রোণা আৰু ক্ষেপণাস্ত্রৰে আঘাত হানি আছে হুথীয়ে৷ ইৰান সমর্থিত য়েমেনৰ এই সশস্ত্র সংগঠনটোক সংযত হ’বলৈ বাৰে বাৰে আমেৰিকা আৰু ইউৰোপে সকীয়নি দিছে যদিও কোনোপধ্যে হুথীক নিয়ন্ত্রণ কৰিব পৰা নাই৷ আনকি আমেৰিকা আৰু ব্রিটেইনে য়েমেনস্থিত হুথীৰ কেইবাটাও শিবিৰত বোমাবর্ষণো কৰিছে৷ হুথীৰ বহু শিবিৰ ধ্বংস কৰা বুলি দাবী কৰিছে মার্কিন সেনাই৷ তথাপি লোহিত সাগৰত হুথীক নিয়ন্ত্রণ কৰিব পৰা নাই কোনো দেশে৷ শেহতীয়াকৈ চীনে লোহিত সাগৰৰ বাণিজ্যিক পথ সুচল কৰি ৰাখিবলৈ সকলো পক্ষক আহ্বান জনোৱাৰ লগতে প্রয়োজনত কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলিও হুংকাৰ দিছে৷ অর্থাৎ প্রয়োজন হ’লে লোহিত সাগৰত বাণিজ্যিক জাহাজৰ ওপৰত চলি থকা আক্রমণৰ পোটক তুলিবলৈ অস্ত্র ব্যৱহাৰ কৰিব চীনে৷ চীনৰ এই হুংকাৰৰ পিছতে পুনৰ বাণিজ্যিক জাহাজত আক্রমণ কৰিছে ইৰানৰ সশস্ত্র সংগঠনটোৱে৷ মার্শ্বাল আইলেণ্ডৰ পতাকা লগোৱা ‘এম ভি মার্লিন লুৱাণ্ডা’ নামৰ জাহাজখনত শেহতীয়াকৈ হুথীয়ে আক্রমণ চলোৱা বুলি ভাৰতীয় নৌসেনাই দাবী কৰিছে৷ হুথীৰ আক্রমণৰ ফলত জাহাজখনত ভয়াৱহ অগ্ণিকাণ্ডৰ সৃষ্টি হয়৷ এই জাহাজখনত ২২গৰাকী ভাৰতীয় আৰু এজন বাংলাদেশী নাৱিক থকা বুলি নৌ–সেনাৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ জাহাজখনৰ বিস্তৰ ক্ষতি হ’লেও নাৱিকসকলৰ জীৱন ৰক্ষা পৰা বুলি দাবী কৰিছে নৌ–সেনাই৷ উল্লেখনীয় যে ২৬ জানুৱাৰীত এই আক্রমণৰ খবৰ পোৱাৰ লগে লগে ভাৰতীয় নৌ–সেনাৰ ৰণতৰী আইএনএছ বিশাখাপত্তনমে জাহাজখনৰ নাৱিকসকলক ৰক্ষা কৰিবলৈ যাত্রা কৰে৷ এডেন উপসাগৰত বাণিজ্যিক জাহাজৰ নিৰাপত্তাৰ দিশটোক নজৰ দিয়াৰ বাবে মোতায়েন কৰি ৰখা হৈছে নৌ–সেনাৰ এই ৰণতৰীখন৷

লক্ষণীয় বিষয়টো হৈছে যোৱা অক্টোবৰ মাহত গাজাত ইজৰাইল আৰু পেলেস্তাইনী সশস্ত্র সংগঠন হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বিভিন্ন সশস্ত্র সংগঠনে হামাছৰ প্রতি সমর্থন জনাই ইজৰাইলক আক্রমণৰ লক্ষ্য কৰি লৈছে৷ য়েমেনৰ সশস্ত্র সংগঠন হুথীৰ উপৰি লেবাননৰ সশস্ত্র গোট হিজবুল্লায়ো ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছে৷ অকল সেয়াই নহয়, ইজৰাইলক সহায় কৰা আমেৰিকাকে ধৰি পাশ্চাত্যৰ বিভিন্ন দেশৰ বিৰুদ্ধে আক্রমণৰ হুংকাৰ দিছে এই সশস্ত্র গোটসমূহে৷ লোহিত সাগৰ আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলত পণ্যবাহী বাণিজ্যিক জাহাজসমূহৰ ওপৰত হুথীয়ে গাজাত চলা হামাছবিৰোধী আক্রমণৰ প্রতিশোধ হিচাপে আক্রমণ আৰম্ভ কৰিছে৷ এই আক্রমণৰ প্রকোপ ইমানেই বৃদ্ধি পাইছে যে ছুয়েজ প্রণালীৰ বিভিন্ন স্থানত এতিয়া সামুদ্রিক বাণিজ্যলৈ নামি আহিছে আশংকা৷ বহু বাণিজ্যিক জাহাজে ছুয়েজ খালৰ যাত্রাপথ পৰিহাৰ কৰি চলিবলগীয়া হৈছে৷ সমগ্র দক্ষিণ–পূব এছিয়াৰ সামুদ্রিক বাণিজ্যলৈ নামি আহিছে ভাবুকি৷ ইয়াৰ উপৰি পাশ্চাত্যৰ বাণিজ্যিক জাহাজসমূহৰ যাত্রাপথত সৃষ্টি হৈছে সংকট৷ গতিকে আমেৰিকা আৰু ব্রিটেইনে সামুদ্রিক নিৰাপত্তা ৰক্ষাৰ বাবে বিশেষ যৌথ টাস্ক ফ’চ গঠনৰ দাবী তুলিছে৷ হুথীৰ আক্রমণ বৃদ্ধি পোৱাৰ লগে লগে ভাৰতসহ বিভিন্ন দেশে নিজ নিজ বাহিনীক সস্তম কৰিছে এডেন উপসাগৰত৷ লোহিত সাগৰ আৰু এডেন উপসাগৰৰ মাজেৰেই ইউৰোপ আৰু এছিয়াৰ সামুদ্রিক বাণিজ্য চলি আহিছে৷ যদি এই বাণিজ্যিক পথৰ নিৰাপত্তা ৰক্ষা কৰিব পৰা নাযায় তেন্তে প্রাচ্য আৰু পাশ্চাত্যৰ সামুদ্রিক বাণিজ্যলৈ নামি আহিব সংকট৷ গতিকে মধ্যপ্রাচ্যৰ অস্থিৰতাই এতিয়া বিশ্বৰ বাণিজ্যত প্রতিকূল প্রভাৱ পেলাইছে এনে পৰিস্থিতিত চীনসহ বিভিন্ন দেশে যিকোনো প্রকাৰে লোহিত সাগৰত যাত্রা পথ নিৰাপদে ৰখাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰিছে৷ সমান্তৰালকৈ গাজাত চলি থকা ইজৰাইলৰ ৰক্তপাত বন্ধ কৰিবলৈ দাবী জনাইছে বিভিন্ন ৰাষ্ট্রই৷ কিন্তু গাজাত হামাছবিৰোধী অভিযান ইজৰাইলে বন্ধ নকৰে বুলি ঘোষণা কৰিছে৷ ইয়াৰ লগে লগে বিভিন্ন দেশৰ সশস্ত্র গোটসমূহৰ আক্রমণৰ লক্ষ্য হৈ পৰিছে সামুদ্রিক পথ৷ গতিকে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে৷ অর্থাৎ মধ্যপ্রাচ্যৰ সংকটৰ অৱসান ঘটোৱাৰ পথ বিচাৰি উলিয়াব নোৱাৰিলে সামুদ্রিক যাত্রাপথত যিকোনো মুহূর্ততে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷

You might also like