সম্পাদকীয় : আমাৰ ভাল হ’ব
এটা নতুন বছৰত ভৰি দিছোঁ৷ নতুন বছৰৰ শুভেচ্ছা আমি আমাৰ চিনাকি সকলোকে জনাইছো, তেওঁলোকৰ পৰা লৈছোও৷ সকলোৱে সকলোৰে কুশল কামনা কৰিছোঁ৷ ইজনে আনজনক ইমানবোৰ শুভেচ্ছা দি–লাভ কৰি আমি আনন্দিত হৈছোঁ৷ কিন্তু আনন্দৰ মাজতেই আমি নিজলৈ এবাৰ জুমি চাইছো৷ নিজলৈ চাই ভাবিছো কিদৰে অতিবাহিত কৰিলোঁ ২০২৫৷
ভাল–বেয়া স্মৃতিয়ে মনৰ দুৱাৰত টোকৰ মাৰিছে৷ ২০২৫ত কৰিম বুলি ভবা কামবোৰ সম্পন্ন হ’লনে, সপোনবোৰ বাস্তৱায়িত হ’লনে ইমানবোৰ ভাব অহাৰ পিছত বেয়াবোৰ একাষৰীয়াকৈ ৰাখি নতুনৰ বীজ ৰোপণ কৰিছো৷ নতুনকৈ সপোন দেখিছোঁ৷ ইমান আশীর্বাদ, শুভেচ্ছা পোৱাৰ পিছতো জীৱনত কিবা বেয়া হ’ব পাৰে নেকি বুলি ভাবিছো৷
কাৰণ জীৱন এটা, এবাৰেই৷ ইয়াক সঠিক দিশত আগুৱাই নিয়াটো আমাৰ নৈতিক দায়িত্ব৷ আমাৰ বাবে জীৱন মানেই হ’ল পোৱাবোৰ হেৰুৱাবলৈ, নোপোৱাবোৰ বিচাৰিবলৈ৷ আমি যি হেৰুৱালোঁ সেইবোৰ আজীৱন স্মৃতি হৈ ৰয় আৰু নোপোৱাবোৰ আশা হৈ ৰয়৷ নোপোৱাবোৰ পাবলৈকে আমাৰ কিমান যে সাধনা, কষ্ট, প্রার্থনা আৰু হেৰাই যোৱাৰ পিছতো কত স্মৃতি, সৃষ্টি, প্রার্থনা৷ জীৱনত পোৱা–নোপোৱাবোৰ থাকিবই৷
কিন্তু আমি জীৱন যাপন কৰিবলৈ শিকিব লাগিব৷ সময়ৰ সদ্ব্যৱহাৰ কৰি সঠিক পৰিকল্পনাৰে আগবাঢ়িব লাগিব৷ আমাৰ জীৱনত ষ্ট্রেছ থাকে, থাকিবই৷ ষ্ট্রেছক সহ্য কৰিব লাগিব৷ তাৰ বাবে আমাক লাগিব ধৈর্য৷ ষ্ট্রেছক নিয়ন্ত্রণ কৰিবলৈ আমি আমাৰ শিক্ষা–সংস্কৃতি, মানসিক গঠন, জীৱনবোধৰ ওপৰত গুৰুত্ব দিব লাগিব৷ এবাৰ এজন যুৱকৰ কাহিনী পঢ়িছিলোঁ৷ যুৱকজনে IAS হোৱাৰ সপোন দেখিছিল৷ সপোনক বাস্তৱ ৰূপ দিবলৈ বহু চেষ্টা চলাহছিল, কিন্তু বহু চেষ্টাৰ পিছতো সফল হ’ব পৰা নাছিল৷
এদিন যুৱকজনে হতাশ হৈ সুৰাপান কৰিবলৈ আৰম্ভ কৰিলে৷ ঠিক তেনেদৰে দৈনিক সুৰাপান কৰি নিজকে ধবংস কৰি দিব বিচাৰিলে৷ এদিন এজন ভদ্রলোকে সুৰাপান কৰি নিজকে ধবংস কৰি দিব বিচৰা যুৱকজনক সুধিলে–পৃথিৱীত জীয়াই থকা ভাল আৰু মেধা মানুহবোৰ তুমি ধবংস হৈ যোৱাটো বিচাৰানে?
যুৱকজনে হঠাৎ উত্তৰ দিলে– নিবিচাৰোঁ৷ তেতিয়া ভদ্রলোকজনে লগে লগে জনালে– তুমিও এজন ভাল আৰু মেধা যুৱক৷ গতিকে তোমাৰ দৰে এজন মানৱ সম্পদ ধ্বংস হৈ গ’লে এই পৃথিৱীখন কিদৰে ধুনীয়া হৈ থাকিব৷ আচলতে পৃথিৱীৰ প্রতিজন মানুহেই ধুনীয়া৷ কিন্তু আমি নিজক ধুনীয়া কৰি ৰাখিব নিবিচাৰোঁ৷ হৃদয়–মন পৰিষ্কাৰ কৰি নাৰাখোঁ৷ বহুতে ভাবি লয়– জীৱনটো কেৱল মোৰ, গতিকে মই মোৰ দৰেই চলিম, মোৰ মতেই কৰিম৷ আচলতে কথাবোৰ বহুতে ভবাৰ দৰে নহয়৷
আমাৰ জীৱনটো অসংখ্য মানুহৰ ওপৰত নির্ভৰশীল৷ সেয়ে ইজনে আনজনৰ সহযোগিতা অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ৷ জীৱনত কেতিয়াবা আনৰ পৰা অলপ প্রশংসা, মৰম নাপালে, যিকোনো সিদ্ধান্ত বা কামত সহযোগিতা নাপালে আমি হতাশ, নিৰাশ হওঁ৷ ইয়াৰ মূলতেই হ’ল–আমাৰ জীৱনটো কেৱল আমাৰেই নহয়৷
আমি বহুজনৰ বাবে জীয়াব লাগে,বহু মানুহৰ কথাও ভাবিব লাগে৷ সেয়ে জীয়াই থকা দিনবোৰত ভালপোৱাৰে জীৱনক মহৎ কৰি তুলিব লাগে৷ খং, ক্ষোভ, হিংসাই মানুহক মহৎ কৰিব নোৱাৰে৷ কেৱল ভালপোৱাইহে জীৱনক মহৎ কৰিব পাৰে৷
মনোবিদ ৱাটছনে কৈছিল– ভালপোৱা হৈছে এটি শিশুৰ জন্মৰ লগে লগে অনুভৱ কৰি উঠা এক প্রাথমিক আৰু মৌলিক আৱেগ৷ শৈশৱত শিশু অত্যন্ত আত্মকেন্দ্রিক হয়৷ সেয়ে শৈশৱত দৈহিক সন্তুষ্টিৰ ফলত আনন্দ আৰু অসন্তুষ্টিৰ ফলত দুখ প্রকাশ কৰে আৰু লাহে লাহে শৈশৱৰ পৰা কৈশোৰ পোৱালৈ সমাজমুখী হয়৷ সমাজমুখী হোৱাৰ লগে লগে কিছুমান সমস্যা আহি পৰে৷
সম্প্রতি কৈশোৰৰ ল’ৰা–ছোৱালীৰে নহয়,বহুসংখ্যক বয়োজ্যেষ্ঠ লোকো মানসিক জটিলতাত সোমাই পৰিছে৷ পৰিস্থিতি সাপেক্ষে কেতিয়াবা যদি ভয়, কেতিয়াবা ক্রোধ, বিৰক্তি, সন্দেহ, অনাস্থা, ঘৃণা, হিংসাই সকলোকে আৱৰি ধৰিছে৷ বহু সময়ত এনে অনুভৱ হৈছে যেন আমাৰ প্রায়বোৰৰে আৱেগিক সুস্থতা নাই৷ এই নোহোৱা হোৱা সুস্থতা আমি আনিব লাগিব৷ সৰলতা, সাধুতা, অমায়িকতা, নিৰপেক্ষতা আদিবোৰ আমাৰ আৱেগৰ মূলধন হ’ব লাগিব৷
এইবোৰ গুণক সবল কৰিব লাগিব৷ সেয়ে আহক, ২০২৬ত আমি নিজলৈ চাওঁ, নিজক সংশোধন কৰোঁ৷ এই সংশোধনী কৰিবলৈ যাওঁতে মনত ৰাখিব লাগিব যে জীৱনত সংঘর্ষ, বিষাদো থাকিব, কিন্তু এহ কথাবোৰ শিকিবলৈ আমি প্রকৃতিৰ মাজলৈও যাব লাগিব, শিকিব লাগিব৷ পাহাৰৰ শিলত খুন্দা খাই বৈ অহা নিজৰাৰ পানীখিনিলৈ মন কৰিলে দেখা পাম যে শিলত খুন্দা খাই বৈ অহা পানী সদায় স্বচ্ছ আৰু তাৰ পৰা সৃষ্টি হোৱা নিজৰাৰ সৌন্দর্য সকলোৰে প্রিয়৷ সেই নিজৰাৰ পৰাই সৃষ্টি হয় সাতোৰঙী ৰামধেনু৷
এই ৰং, স্বচ্ছতা, সৌন্দর্যবোৰেই হ’ল সংঘর্ষ–ঘাত–প্রতিঘাত, বাধা, যুদ্ধৰ ফল৷ এনেধৰণৰ প্রত্যাহ্বানৰ মাজেৰে আগুৱাব পাৰিলেহ আমিও সফল হ’ব পাৰিম৷ জীৱনক পোহৰাই তুলিব পাৰিম৷ কিন্তু তাৰ বাবে আমি হিংসা, ঈর্ষাক বর্জন কৰি ভালপোৱা, মিলা–প্রীতিক গুৰুত্ব দিব লাগিব৷ সমাজখনক বিশুদ্ধ কৰি ৰাখিব লাগিব৷ সকলোৱে নিজক সংশোধন কৰিবই লাগিব৷ সমাজ–ৰাজ্য–দেশৰ বাবে আমি সততাৰে কাম কৰিব লাগিব৷ আসন্ন সময়বোৰ আমাৰ ভাল হ’ব৷