নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ১ জানুৱাৰী, জানক আপোনাৰ ৰাশিফল

আজি ১ জানুৱাৰী, ইংৰাজী নৱবৰ্ষ, ১৬ পুহ, ২০২৬

মেষ
আজি কিছুমান লোকৰ মনপছন্দৰ বস্তু লাভ হ’ব। দিনৰ আৰম্ভণিতে আপোনাৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। মান-সন্মান বৃদ্ধি পাব। দিনৰ শেষত ধন লেনদেনৰ পৰা বিৰত থাকিব। বিবাহিত জীৱনত সুখ-শান্তি থাকিব।

বৃষভ
দিনটোৰ আৰম্ভণিতে চাকৰিজীৱী লোকসকলৰ ওপৰত কামৰ চাপ থাকিব পাৰে। সফলতা লাভ কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। পাৰিবাৰিক জীৱন সুখদায়ক হ’ব।

মিথুন
আজি পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। চাকৰিজীৱী লোকসকলে নতুন সুযোগ লাভ কৰিব পাৰে। স্বাস্থ্যৰ বিশেষ যত্ন লোৱা প্ৰয়োজন। বিলাসী সামগ্ৰীত খৰচ হ’ব পাৰে।

কৰ্কট
আজি কোনো বিশেষ কামত সফলতা লাভ কৰিব পাৰে। দিনটো শুভ সংবাদ লৈ আহিব পাৰে। আয়ৰ উৎস বৃদ্ধি পাব। ব্যৱসায়ীসকলে মনপছন্দৰ বস্তু লাভ কৰিব।

সিংহ
আজি মনত নেতিবাচক চিন্তাৰ প্ৰভাৱ পৰিব পাৰে, ফলত আৰ্থিক বাজেট নিমিলিব পাৰে। সন্তান সম্পৰ্কীয় কোনো বিষয়ত চিন্তা থাকিব।

কন্যা
প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা লোকসকলৰ বাবে আজি শুভ হ’ব পাৰে। ভাগ্য উজ্জ্বল হ’ব। মনৰ মতে সফলতা লাভ কৰিব। অমীমাংসিত কাম সম্পূৰ্ণ হ’ব।

তুলা
আজি ছাত্ৰ-ছাত্ৰীসকলৰ মন পঢ়াৰ পৰা অলপ আঁতৰি যাব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য দেখা দিব পাৰে। সুখ-সুবিধা সংক্রান্ত বস্তুত খৰচ হ’ব পাৰে। দিনৰ আৰম্ভণিতে খৰচৰ সন্মুখীন হ’ব পাৰে।

বৃশ্চিক
আজি খং আৰু বাক্‌-ব্যৱহাৰত নিয়ন্ত্ৰণ ৰাখিব। তথাপিও দিনৰ শেষলৈ মনপছন্দৰ বস্তু লাভ হ’ব পাৰে। কোনো কামত অৱহেলা নকৰিব। চাকৰিজীৱী লোকসকলে গোপন শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব।

ধনু
আজি কৰ্মস্থলীত পদোন্নতি লাভ কৰিব পাৰে। দিনৰ মাজভাগত গোপন শত্ৰুৰ পৰা সাৱধান থাকিব। কিছুমান ডাঙৰ খৰচৰ সন্মুখীন হ’ব পাৰে। দিনৰ আৰম্ভণিতে কিছু বাধা আহিব পাৰে।

মকৰ
আজি সময় আৰু ধন দুয়োটাই বিচাৰ-বিবেচনাৰে খৰচ কৰিব। শাৰীৰিক আৰু মানসিকভাৱে কিছু অস্বস্তি অনুভৱ কৰিব পাৰে। চাকৰিজীৱী লোকসকলে নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে।

কুম্ভ
আজি কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ হ’ব পাৰে। বিবাহিত লোকসকলৰ প্ৰেমজীৱন ভাল থাকিব। কিছুমান ডাঙৰ খৰচ আহিব পাৰে, যাৰ ফলত আৰ্থিক বাজেট ডাবল হৈ যাব পাৰে।

মীন
আজিৰ দিনটোৱে মিশ্ৰ ফলাফল লৈ আহিব। কামৰ বাবে ভ্ৰমণ কৰিব লাগিব পাৰে। দিনৰ আৰম্ভণিতে কিছুমান প্ৰত্যাহ্বান আহিব, যাৰ সন্মুখীন হ’ব লাগিব। আত্মপ্ৰেমৰ ওপৰত গুৰুত্ব দিব।

You might also like