নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখী দেশ

বিচিত্র পৃথিৱীত বিচিত্র মনৰ বিচিত্র মানৱ৷ জীৱশ্রেষ্ঠ মানৱে নিজৰ সুবিধাৰ বাবে পৃথিৱীখনৰ সা–সম্পদক নিজৰ মতে সজাই তুলিছে৷ আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্বাৰা মানুহে জীৱন–যাপনৰ বাবে প্রয়োজনীয় সামগ্রীৰ লগতে সুবিধা গঢ়ি লৈছে৷ আদিম বন্যতাৰ পৰা আধুনিক জীৱশ্রেষ্ঠ মানৱলৈ বিভিন্ন পর্যায়ৰ মাজেৰে আহি উপনীত হোৱাৰ পিছত মানৱ জাতিৰ মাজত সামাজিক, ধার্মিক, আর্থিক, সাংস্কৃতিক আদি বিভিন্ন বিষয় গঢ় লৈ উঠিছে৷ মানুহে জীৱন–যাপনৰ বাবে নিজৰ মতে সাজু কৰি লোৱা দিশসমূহ সঠিকভাৱে বর্তাই ৰখাৰ ক্ষেত্রত সদায়ে ব্যস্ত হৈ আছে৷ বিভিন্ন দেশত মানুহৰ জীৱন–ধাৰণৰ মানত কিছু কিছু ভিন্নতা আছে৷ যিখন দেশত জীৱন–যাপনৰ বাবে প্রয়োজনীয় সকলো সা–সুবিধা সঠিক ৰূপত লাভ কৰা হয় সেই দেশখনৰ মান সদায় চর্চিত হৈ থাকে৷ পৃথিৱীখনত কোনখন দেশৰ মানুহ অধিক সুখী তথা সুখেৰে বাস কৰি আছে তাক লৈও চর্চা চলে৷ ঠিক তেনেদৰে পৃথিৱীৰ কোনখন দেশ মানুহৰ বাসৰ বাবে অধিক উপযোগী হৈ আছে সেই সন্দর্ভতো সমীক্ষা চলোৱা হয়৷ পৃথিৱীত কোনখন দেশ সুখী তাক লৈ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত গৃহীত প্রস্তাৱ অনুসৰি ২০১১ চনৰ জুলাইৰ পৰাই বিশ্বৰ দেশসমূহৰ মাজত সুখৰ সূচাংক নির্ধাৰণ কৰা হয়৷ উক্ত চনৰে পৰা বিশ্বৰ কোনখন দেশ সুখী তাক লৈ তালিকা প্রকাশ কৰি আহিছে৷ ২০২২ বর্ষৰ মার্চত প্রকাশিত বিশ্ব সুখৰ সূচাংক তালিকাত ফিনলেণ্ড বিশ্বৰ সবাতোকৈ সুখী দেশ হিচাপে চিহ্ণিত হৈছে৷ একেৰাহে ৫ বছৰ ধৰি ফিনলেণ্ড বিশ্বৰ সুখী দেশ হিচাপে স্বীকৃত হৈছে৷ অর্থাৎ ফিনলেণ্ডত মানুহৰ জীৱন–যাপনৰ বাবে অত্যাৱশ্যকীয় সকলো দিশ উৎকৃষ্ট৷
বিশ্বৰ ১৩৪খন দেশৰ ভিতৰত সুখী দেশৰ তালিকা প্রস্তুত কৰোঁতে ১৪টা শিতানত সমীক্ষা চলোৱা হয়৷ এই ১৪টা শিতানত চলোৱা সমীক্ষাৰ ভিত্তিত দেশসমূহক ০১ পৰা ১০লৈ সূচাংক নির্ধাৰণ কৰা হয়৷ যিখন দেশে সূচাংকৰ ক্ষেত্রত সর্বাধিক মূল্যাংকন লাভ কৰে সেইখন দেশেই সুখী দেশ হিচাপে স্বীকৃত হয়৷ দেশ এখনৰ জনসংখ্যাৰ আধাৰত সমীক্ষা চলোৱা ১৪টা শিতান হৈছে বাণিজ্য আৰু অর্থনীতি, নাগৰিকৰ ব্যৱস্থাপনা, সংযোগ আৰু প্রযুক্তি, বিচিত্রতা (সামাজিক বিষয়), শিক্ষা আৰু পৰিয়াল, কল্যাণ, পৰিৱেশ আৰু শক্তি, খাদ্য আৰু আশ্রয়, চৰকাৰ আৰু ৰাজনীতি, আইন আৰু শৃংখলা, স্বাস্থ্য, ধর্ম আৰু বিচাৰধাৰা, পৰিবহণ আৰু কর্ম৷ এই ১৪টা শিতানত দেশখনত কি কি পৰিস্থিতি, কি কি পর্যায়, কেনে মান তাৰ ওপৰত গুৰুত্ব দিয়া হয়৷ অর্থাৎ দেশ এখনৰ সামাজিক ধার্মিক, আর্থিক, সাংস্কৃতিক, ৰাজনৈতিক আদিৰ স্থিতিৰ মূল্যাংকন কৰা হয়৷ এই মূল্যাংকনৰ পৰা দেশখনত মানুহৰ জীৱন–ধাৰণৰ ছবি এখনো প্রতিফলিত হয়৷ ১৪টা শিতানত চলোৱা সমীক্ষাৰ মূল্যাংকনত দেশৰ সূচাংক নির্ধাৰণ কৰা হয়৷ ২০২২ বর্ষত বিশ্ব সুখৰ সূচাংকত ০–১০ৰ ভিতৰত ফিনলেণ্ড ৭.৮৪২, ডেনমার্ক ৭.৬২, ছুইজাৰলেণ্ড ৭.৫৭১, আইচলেণ্ড ৭.৫৫৪, নেদাৰলেণ্ডছ ৭.৪৬৪, নৰৱে ৭.৩৯২, ছুইডেন ৭.৩৬৩, লুক্সেমবার্গ ৭.৩২৪, নিউজিলেণ্ড ৭.২৭৭ আৰু অষ্ট্রিয়াৰ ৭.২৬৮৷ উল্লেখিত দেশকেইখন হৈছে তালিকাৰ শীর্ষত থকা ১০খন সুখী দেশ৷ আনপিনে, বিশ্বৰ অসুখী দেশ হিচাপে স্বীকৃত হৈছে আফগানিস্তান৷ আফগানিস্তানে তালিকাত ১৪৬সংখ্যক স্থান লাভ কৰিছে৷ বর্তমান তালিবানশাসিত আফগানিস্তানৰ সুখৰ সূচাংক হৈছে ২.৫২৩৷ এই দেশখনত মানুহৰ জীৱন–যাপনৰ বাবে অতি প্রয়োজনীয় সকলোকেইটি দিশৰে অৱস্থা তুলনামূলকভাৱে অত্যন্ত নিম্নমানৰ৷ বিশ্বৰ সর্ববৃহৎ জনসংখ্যাৰ গণতান্ত্রিক দেশ ভাৰতৰ স্থানো অত্যন্ত চিন্তাজনক৷ বিশ্ব সুখৰ সূচাংক তালিকাত ১৪৬খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে ১৩৬৷ তালিকাত ভাৰতৰ স্থানেই এই কথা প্রতিফলিত কৰিছে যে মানুহৰ জীৱন–যাপনৰ বাবে প্রয়োজনীয় সকলোকেইটি দিশ তথা সমীক্ষাৰ বাবে চিহ্ণিত কৰা ১৪টা শিতানতেই দেশখনৰ অৱস্থা শোচনীয়৷ বায়ু প্রদূষণত বিশ্বৰ সর্বাধিক প্রদূষিত দেশৰ তালিকাত পঞ্চম স্থানত থকা ভাৰতৰ সুখ সূচাংক তালিকাত স্থান হৈছে ১৩৬৷ অর্থাৎ সমীক্ষাত ভাৰতে ৩.৮১৯ লাভ কৰিছে৷ বিশ্বৰ সুখী দেশ ফিনলেণ্ডৰ ৭.৮৪২ৰ বিপৰীতে ভাৰতৰ মাত্রা ৩.৮১৯৷ প্রণিধানযোগ্য যে সুখৰ সূচাংক তালিকাত ভাৰতৰ স্থান একেবাৰে নিম্ন স্থানৰ পৰা মাত্র ১০টা স্থান আগত আছে৷ অর্থাৎ ভাৰত বিশ্বৰ এখন অসুখী দেশ হিচাপে চিহ্ণিত হৈছে৷ বিশ্বৰ ১০ অসুখী দেশৰ এখন ভাৰত৷ বিশ্ব সূচাংকৰ তালিকাত নিজৰ স্থান উন্নীত কৰিবলৈ হ’লে ভাৰতে মানৱৰ জীৱন–যাপনৰ বাবে অতি প্রয়োজনীয় দিশকেইটাৰ উত্তৰণ ঘটাব লাগিব৷

You might also like