নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেনক লৈ প্রত্যাশা

ক’ৰোনাকালীন সংকটৰ মাজতো সমগ্র বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ওপৰত৷ সততে ৰাজনীতিৰ ভু নৰখা বহু ভাৰতীয় নাগৰিকে ইণ্টাৰনেট–সংবাদ মাধ্যমৰ জৰিয়তে ভোটগণনাৰ প্রক্রিয়া মুহূর্তে মুহূর্তে খবৰ ৰখা পৰিলক্ষিত হৈছে৷ এক কথাত ক’বলৈ গ’লে মার্কিন ৰাষ্ট্রপতি নির্বাচনৰ ভোটগণনা প্রক্রিয়াক লৈ সর্বত্র সৃষ্টি হৈছিল উৎকণ্ঠা৷ অৱশেষত পাঁচ দিন ধৰি চলা ভোটগণনাৰ অন্তত কালি নিশা ডেম’ক্রেট শিবিৰৰ জ’ বাইডেনে হোৱাইট হাউছ দখল কৰাটো নিশ্চিত হয়৷ অর্থাৎ দ্বিতীয়বাৰৰ বাবে সর্বশক্তিমান আমেৰিকাৰ ৰাষ্ট্রপতি পদটোত অধিষ্ঠিত হোৱাৰ সপোন পূৰণ নহ’ল ড’নাল্ড ট্রাম্পৰ৷ এইবাৰৰ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন কেইবাটাও দিশৰ পৰা ব্যতিক্রম ৰূপে চিহ্ণিত হৈছে৷ অভিলেখপূর্ণ হাৰত ভোটদান হোৱা নির্বাচনত বিজয়ী জ’ বাইডেন হ’ব আমেৰিকাৰ আটাইতকৈ বয়সিয়াল ৰাষ্ট্রপতি৷ সেইদৰে ২৪৪ বছৰীয়া ইতিহাসত দেশখনত প্রথমগৰাকী মহিলা উপ–ৰাষ্ট্রপতি হোৱাটো নিশ্চিত হৈছে ভাৰতীয়–আফ্রিকান বংশোদ্ভুত কমলা হেৰিছ৷ ড’নাল্ড ট্রাম্পক বিদায় দি আমেৰিকাৰ ৰাষ্ট্রপতি আৰু উপ–ৰাষ্ট্রপতিৰ আসনত বহিবলগীয়া ক্রমে জ’ বাইডেন আৰু কমলা হেৰিছক লৈ ইতিমধ্যে আন্তর্জাতিক স্তৰত বহু প্রত্যাশাৰ সৃষ্টি হৈছে৷ বিশেষকৈ ড’নাল্ড ট্রাম্পৰ বিভেদকামী ৰাজনীতিৰ অৱসান ঘটাই জ’ বাইডেনে জাতি–ধর্ম–বর্ণ নির্বিশেষে সকলোকে লগত লৈ কার্যক্ষেত্রত আগবাঢ়িব বুলি ইতিমধ্যে আশা প্রকাশ কৰিছে বিভিন্নজনে৷ এই আশাক অধিক সজীৱ কৰিছে কালি নিশা ইলেক্টৰেল কলেজৰ মেজিক নম্বৰ ২৭০ অতিক্রমি আমেৰিকাৰ ৪৬সংখ্যক ৰাষ্ট্রপতিৰ পদ দখল কৰা নিশ্চিত হোৱাৰ পাছতেই জ’ বাইডেনৰ এক টুইটে৷ টুইটত তেওঁ আমেৰিকাবাসীক উদ্দেশ্যি স্পষ্টভাৱে কৈছে যে সন্মুখত বহু কঠিন কাম আছে৷ কিন্তু প্রতিশ্রুতি দিছোঁ, মই আমেৰিকাৰ সকলো নাগৰিকৰ ৰাষ্ট্রপতি হিচাপে কাম কৰিম৷ আপোনালোকে মোৰ ওপৰত যি বিশ্বাস ৰাখিলে, তাৰ মর্যাদা ৰক্ষা কৰিম৷ বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কৃষ্ণাংগ–মুছলিম বিদ্বেষ সর্বজনবিদিত৷ ইয়াৰ কাৰণে তেওঁ আন্তর্জাতিক পর্যায়ত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ এতিয়া নতুন ৰাষ্ট্রপতি জ’ বাইডেনে যদি এনে ধৰণৰ বিদ্বেষৰ অৱসান ঘটাব পাৰে, স্বাভাৱিকতে তেওঁ অকল আমেৰিকাতেই নহয়, বিশ্বতো জনপ্রিয় নেতা ৰূপে চিহ্ণিত হ’ব৷ নতুন ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ লগে লগে ২০১৫ চনৰ ১২ ডিচেম্বৰত ১৯৬খন দেশে সহমত প্রকাশ কৰা পেৰিছ চুক্তিৰ প্রসংগও চর্চালৈ আহিছে৷ গোলকীয় উষ্ণতা প্রতিৰোধকল্পে ২০১৬ চনৰ ২২ এপ্রিলত সম্পাদিত এই গুৰুত্বপূর্ণ চুক্তিখনৰ পৰা একমাত্র নিজৰ স্বার্থৰ বাবে ড’নাল্ড ট্রাম্প আঁতৰি আহিছিল৷ জ’ বাইডেন মার্কিন ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পাছত বিষয়টোক লৈ উদ্ভৱ হোৱা জটিলতা আঁতৰ হোৱাৰো সম্ভাৱনা প্রকট হৈ পৰিছে৷ যদিহে ভবা ধৰণে নতুন মার্কিন ৰাষ্ট্রপতিয়ে বিষয়টোত ইতিবাচক মনোভাব প্রদর্শন কৰে, তেন্তে সেয়া চিহ্ণিত হ’ব এক মাইলৰ খুঁটি হিচাপে৷
জ’ বাইডেন নতুন ৰাষ্ট্রপতি ৰূপে নির্বাচিত হোৱাৰ পাছতেই ভাৰত–আমেৰিকাৰ সম্পর্কৰ বিষয়টো ব্যাপক ৰূপত চর্চালৈ আহিছে৷ বিশেষকৈ জ’ বাইডেন আমেৰিকাৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱাত ভাৰত লাভৱান হ’ব নে নহয়, তাক লৈ কূটনৈতিক মহলত বিভিন্ন ধৰণৰ প্রশ্ণৰ অৱতাৰণা হৈছে৷ ইয়াৰ মাজতেই ডেম’ক্রেট শিবিৰে প্রকাশ কৰা এখন ‘পলিচী ডকুমেণ্ট’–এ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে আমেৰিকাৰ প্রবাসী ভাৰতীয়সকলৰ কাৰণে৷ ‘পলিচী ডকুমেণ্ট’ত দিয়া প্রতিশ্রুতি অনুসৰি অন্ততঃ প্রায় পাঁচ লাখ প্রবাসী ভাৰতীয়ই এইবাৰ স্থায়ীভাৱে মার্কিন নাগৰিকত্ব পাব পাৰে৷ তদুপৰি যোৱা জুন মাহত বিদায়ী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে চলিত বছৰ পর্যন্ত এইচ ৱান বি আৰু অন্যান্য কামৰ ভিছা কৰাটো সম্পূর্ণৰূপে বন্ধ কৰি দিছিল৷ কিন্তু জ’ বাইডেনে ইতিমধ্যে এই বাধা–নিষেধ উঠাই দিয়াৰ কথাও উল্লেখ কৰিছে ‘পলিচী ডকুমেণ্ট’ত৷ যিটো ভাৰতসহ বিভিন্ন দেশৰ পৰা আমেৰিকালৈ কামৰ বাবে যোৱা উচ্চ শিক্ষিত লোকসকলৰ বাবে ইতিবাচক খবৰ৷ অন্যান্য ক্ষেত্রত ভাৰতৰে দ্বিপাক্ষিক সম্পর্ক ৰক্ষা কৰাত নতুন মার্কিন ৰাষ্ট্রপতিয়ে কি ধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া অনাগত সময়ত অধিক স্পষ্ট হ’ব৷

You might also like