চিত্তাকর্ষক চিন্তন
২০২৬ৰ বিধানসভা নির্বাচন প্রায় জোঁৰ পুৰি হাত পাইছে৷ ইতিমধ্যে এই নির্বাচনৰ দামামা বাজিছে৷ নির্বাচন আয়োগৰ সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰো কুচকাৱাজ আৰম্ভ হৈ গৈছে৷ বিৰোধীয়ে ‘যুঁজ এখন হ’ব’ বুলি এক শ্লোগান দিবলৈ চেষ্টা কৰিছে৷ অৱশ্যে এই যুঁজ কাৰ বিৰুদ্ধে হ’ব সেয়া তেওঁলোকে নিশ্চিত কৰিব পৰা নাই৷ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে অহোপুৰুষার্থ কৰা বিজেপি নেতৃত্বাধীন শাসকীয় দলৰ বিৰুদ্ধে নে অসমত অসমীয়াৰ অস্তিত্ব বিপন্ন কৰি তোলা বিদেশী বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ কৰিব সেই বিষয়ে কোনো স্পষ্টতা বিৰোধীয়ে এই পর্যন্ত দিব পৰা নাই৷ অনুমান কৰাত অসুবিধা নহয় যে বিদেশী বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ বিৰোধী কংগ্রেছ দলৰ কলিজা নাই৷ সেয়ে আকাৰে-ইংগিতে প্রকাশ কৰি থকা বিৰোধীৰ যুঁজখন যে বিজেপিৰ বিৰুদ্ধেই দিব সেয়া নিশ্চিত৷ কিন্তু শক্তিশালী বিজেপি মিত্রজোঁটৰ বিৰুদ্ধে বিধানসভা নির্বাচনত যুঁজ এখন দিব পৰাকৈ কিমান সংঘবদ্ধ বিৰোধী দলসমূহ৷ গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত কংগ্রেছে কিছু উশাহ ওভতাই পাইছে যদিও সেয়া দুই–এখন বিক্ষিপ্ত সভা, দুই–এটা ৰেলী আৰু সামাজিক মাধ্যমতে সীমাবদ্ধ হৈ আছে৷ কংগ্রেছৰ দৰে আন বিৰোধী দলসমূহৰো অৱস্থা একেই৷ সংবাদ মেলত গোঁজৰণিতে তেওঁলোকৰ দলীয় ৰাজনীতি সীমাবদ্ধ৷ বিশেষকৈ কংগ্রেছে হাতত বাকী থকা দিনকেইটাত পূর্ববংগীয় মূলৰ মুছলমান ভোটাৰৰ বাহিৰে ৰাজ্যৰ সমূহ বাসিন্দাক প্রভাৱিত কৰিব যে পাৰিব সেয়া এই মুহূর্তত লগা নাই৷ পূর্বৰ দৰে এইবাৰো দলটোৰ দলীয় কাম–কাজ সেই তেওঁলোকৰ পৰম্পৰাগত ভোটবেংক পূর্ববংগীয় মূলৰ মুছলমান ভোটাৰৰ মাজতে সীমাবদ্ধ হৈ আছে৷ ইয়াৰ বিপৰীতে যোৱা প্রায় ছমাহ ধৰি বিজেপি মিত্রজোঁটে বিধানসভা নির্বাচনলৈ অংক কৰি আগুৱাই গৈছে৷ ২০১৪ চনৰ লোকসভা নির্বাচনৰ পিছৰে পৰা দেখা গৈছে যে সেয়া লাগিলে লোকসভা নির্বাচনেই হওক অথবা দেশৰ যিকোনো ৰাজ্যৰ বিধানসভা নির্বাচনেই হওক, বিজেপি দলে এক নির্দিষ্ট পৰিকল্পনাৰ ব্লুপ্রিণ্ট ৰচনা কৰি নির্বাচনৰ দিশে অগ্রসৰ হয়৷ কার্যতঃ যিকোনো নির্বাচনৰ প্রায় বছৰদিয়েক আগেই বিজেপিয়ে সংগোপনে আৰম্ভ কৰে নির্বাচনৰ প্রস্তুতি৷ ক্রমশঃ নির্বাচন চমু চাপি অহাৰ লগে লগে দলটোৱে পূর্বনির্ধাৰিত কর্মসূচী অনুযায়ীহে আগবাঢ়ি যায়৷ স্বাভাৱিকতে সেয়ে যোৱা দুটা দশকত দেশৰ ৰাজনীতিত দলটো প্রায় অপ্রতিদ্বন্দ্বী হৈ আছে৷ যোৱা বিধানসভা নির্বাচনৰ পিছত ২০২৬ৰ অসমৰ বিধানসভা নির্বাচনতো বিজেপি দলে যে এক নির্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িছে তাৰ উমান পোৱা গৈছে৷ ইতিমধ্যে দলটোৱে ৰাজ্যখনৰ ভোটাৰক আকর্ষিত কৰিবলৈ তথা দলটোৰ ভোটবেংক অক্ষুণ্ণ ৰাখিবলৈ এই পৰিকল্পনামাফিক প্রচাৰ আৰু কাম কৰি আহিছে৷
শেহতীয়াকৈ সোণাপুৰত অনুষ্ঠিত দলটোৰ চিন্তন বৈঠকত এই কার্যপন্থাৰ ৰূপৰেখা দেখিবলৈ পোৱা গৈছে৷ নির্বাচনত জয়ী হোৱা বাবে দলটোৱে যে কঠোৰতম সিদ্ধান্ত ল’বলৈ সামান্য কুণ্ঠাবোধ নকৰে সেয়া ইতিমধ্যে বিগত কেইবাটাও নির্বাচনত প্রমাণিত হৈছে৷ ভোটাৰৰ স্বার্থ জড়িত থকা নতুন নতুন চমকপ্রদ আঁচনি ৰূপায়ণ কৰাৰ সমান্তৰালকৈ ভোটাৰৰ লগত সংযোগ নথকা বিয়াগোম মন্ত্রী–বিধায়ককো নির্বাচনত জয়ী হোৱাৰ স্বার্থত হেলাৰঙে বিসর্জন দিয়াৰ সাহস ৰাখে বিজেপিয়ে৷ দলটোৰ বাবে মুখ নহয়, জনসম্পর্কহে নির্বাচনত প্রার্থিত্ব লাভৰ বাবে প্রধান চর্ত৷ আৰু এয়াই দলটোৰ অপ্রতিৰোধ্য জয়যাত্রাৰ মূল মন্ত্র৷ শনিবাৰে সোণাপুৰত অনুষ্ঠিত চিন্তন বৈঠকত এই বার্তাই দলটোৰ নেতৃত্বই সকলো প্রার্থিত্বপ্রত্যাশীলৈ প্রেৰণ কৰিছে৷ বিধানসভা নির্বাচনত বিজেপিৰ ৰণকৌশল কি হ’ব, তাক লৈ বিশদ প্রস্তুতি আৰম্ভ কৰাৰ সময়তে একাংশ বিধায়কৰ টিকট যে কটা যাব আৰু ইয়াৰ বিপৰীতে জনসংযোগ থকা নতুন মুখে যে অগ্রাধিকাৰ পাব সেয়া নিশ্চিত হৈছে চিন্তন বৈঠকত৷ বিশেষকৈ ২০২১ত পৰাজিত হোৱা সমষ্টিত পূর্বৰ প্রার্থীৰ সলনি নতুন মুখক টিকট দিয়াৰ বাবে থিৰাং কৰিছে৷ আনহাতে সমষ্টি পুনৰ নির্ধাৰণ আৰু সমষ্টি সংৰক্ষণৰ বাবে নিশ্চিতভাৱে এইবাৰৰ কেইবাজনো বিধায়কে প্রার্থিত্ব নোপোৱাটো নিশ্চিত হৈছে৷ স্বাভাৱিকতে এনে সমষ্টিসমূহত বিকল্প প্রার্থীক টিকট দিয়াৰ বাবে চিন্তন বৈঠকে সিদ্ধান্ত লৈছে৷ ক্রমাগতভাৱে তৃতীয়বাৰলৈ দিছপুৰত ক্ষমতাৰ গাদী দখলৰ লক্ষ্যৰে বিজেপিয়ে আয়োজন কৰা এই চিত্তাকর্ষক চিন্তন বৈঠকত এনে বহু কঠোৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে বিৰোধী কিন্তু এতিয়াও প্রার্থিত্ব প্রদানৰ চিন্তা দূৰৰৈ কথা, বহু সমষ্টিত খোজেই পেলাব পৰা নাই৷ থিৰাং কৰিব পৰা নাই বিজেপিৰ দৰে এটা mighty দলক কেনেদৰে বিধানসভা নির্বাচনত পিছ পেলাব পাৰে তাৰ কোনো সুনির্দিষ্ট পৰিকল্পনা৷