নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদক অপমান

কংগ্রেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে ১৯৮৩ চনৰ অসম আন্দোলনৰ শ্বহীদসকলক লৈ কৰা অপমানসূচক মন্তব্যই তীব্র বিতর্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ ইয়াৰ পূর্বেও বিধায়ক শ্বেৰমান আলী আহমেদে কেতবোৰ বিতর্কিত মন্তব্য কৰি চর্চাৰ কেন্দ্রবিন্দুলৈ আহিছিল৷ বিশেষকৈ মিঞা মিউজিয়াম, মিঞা কবিতা আদিক লৈ তীব্র সাম্প্রদায়িক মন্তব্য প্রকাশ কৰিছিল শ্বেৰমান আলী আহমেদে৷ প্রথমে এআইইউডিএফ আৰু পিছলৈ কংগ্রেছৰ বিধায়ক হোৱা শ্বেৰমান আলী আহমেদে উদ্ভট তথা বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰাৰ কৌশল পুৰণি৷ এনে মন্তব্যৰ জৰিয়তে বিতর্কিত ৰাজনীতিকজনে নিজে সদায় লাইমলাইটত থকাৰ কৌশল অৱলম্বন কৰাটো সর্বজনবিদিত৷ কিন্তু এনে সস্তীয়া বিতর্কৰ বাবে এতিয়া জাতীয় শ্বহীদক অপমান কৰা বিষয়টোৱে ৰাজ্যৰ জাতীয় জীৱনক জোকাৰি গৈছে৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা ৬ বছৰীয়া ঐতিহাসিক অসম আন্দোলনত ৮৫৫জন শ্বহীদ হৈছিল৷ এই আন্দোলন আছিল অসমৰ বৃহৎ জাতীয় আন্দোলন৷ অবৈধ বাংলাদেশী অনুপ্রৱেশকাৰীৰ বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্র সন্থাৰ নেতৃত্ব চলা এই আন্দোলনক বিশ্বৰ সর্ববৃহৎ ছাত্র আন্দোলন হিচাপে স্বীকৃতি দিয়া হৈছে৷ ছাত্র সন্থাৰ বিদেশী বহিষ্কাৰৰ দাবীত চলা অসম আন্দোলনত ৰাজ্যৰ আৱাল–বৃদ্ধা–বনিতাৰ অংশগ্রহণ আছিল অভূতপূর্ব৷ মূলতঃ অসমৰ সর্বস্তৰৰ লোকৰ সর্বাত্মক অংশগ্রহণে অসম আন্দোলনক এক গণ জাগৰণলৈ ৰূপান্তৰিত কৰিছিল৷ এই আন্দোলনৰ অন্তত ভাৰত চৰকাৰৰে সম্পাদিত হোৱা অসম চুক্তিয়ে আন্দোলনটোৰ দাবীৰ ন্যায্যতা প্রদান কৰিছিল৷ সেইবাবেই এই আন্দোলনত প্রাণ আহুতি দিয়া প্রতিজন শ্বহীদক জাতীয় শ্বহীদৰ মান্যতা প্রদান কৰা হৈছে৷ অকল মান্যতাই নহয়, অসম চুক্তি ৰূপায়ণৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ মন্ত্রালয়ে শ্বহীদ পৰিয়ালৰ লোকক সংস্থাপন, শ্বহীদৰ প্রতি জাতীয় স্বীকৃতি জনাই তেওঁলোকৰ ত্যাগক সন্মান জনোৱা হৈছে৷ এনে পৰিপ্রেক্ষিতত শ্বেৰমান আলী আহমেদৰ দৰে নির্বাচিত জনপ্রতিনিধি এজনে শ্বহীদৰ প্রতি কৰা মন্তব্য অতিকে গৰিহণাযোগ্য৷
গৰুখুঁটি ধলপুৰৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিবলৈ গৈ শ্বেৰমান আলী আহমেদে ১৯৮৩ চনত ধলপুৰত শ্বহীদ হোৱা দয়ানাথ শর্মাক ডকাইত আৰু হত্যাকাৰীৰ সৈতে তুলনা কৰিছে৷ অকল সেয়াই নহয়, দয়ানাথ শর্মাৰ দৰে হত্যাকাৰীক সেই সময়ত তেওঁ হত্যা কৰিবলৈ বাধ্য হ’লহেঁতেন বুলি বিতর্কিত মন্তব্য প্রকাশ কৰিছে৷ বিধায়ক শ্বেৰমান আলী আহমেদে এনে মন্তব্যৰ জৰিয়তে পূর্ববংগীয়মূলৰ ধর্মীয় সংখ্যালঘু লোকসকলৰ সমর্থন লাভ কৰিবলৈ সক্ষম হৈছে ঠিকেই, কিন্তু অসমৰ জাতীয়তাবাদী কোনো লোক অথবা দল–সংগঠনে শ্বহীদক কৰা অপমান কোনো কাৰণতে সহজেভাৱে ল’ব নোৱাৰে৷ বিদেশী বহিষ্কাৰৰ দাবীত হোৱা জাতীয় আন্দোলনত এইসকল শ্বহীদৰ ত্যাগ অনস্বীকার্য৷ অসমবাসীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বার্থত নিজৰ বর্তমানক আত্মবলিদান দিয়া জাতীয় শ্বহীদৰ ত্যাগক লৈ কোনো কাৰণতে বিতর্কৰ সৃষ্টি হ’ব নোৱাৰে৷ কোনো যুক্তিৰেই তেওঁলোকৰ মৃত্যুক কোনোৱে হীন কৰাৰ চেষ্টা চলাব নোৱাৰে৷ এটা জাতীয় স্বার্থত দেশৰ বাবে ওলাই আহি চৰম ত্যাগ কৰা প্রতিজন শ্বহীদ ৰাষ্ট্রৰ বাবে চিৰ নমস্য আৰু জাতিটোৰ বাবে প্রাতঃস্মৰণীয় নাম৷ সেইবাবে শ্বেৰমান আলী আহমেদৰ দৰে বিধায়কে জাতীয় শ্বহীদৰ মৃত্যুক লৈ যি অপমানসূচক মন্তব্য কৰিছে তাৰ সর্বস্তৰত প্রতিবাদ হোৱা প্রয়োজন৷ কিয়নো ইয়াৰ জৰিয়তে এই ৰাজনীতিকজনে অসমৰ খিলঞ্জীয়া জাতি সত্তাকে অপমান কৰিছে৷ যি সময়ত বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়াৰ স্বার্থত অসমীয়া জাতীয়তাবাদে বহু উদাৰ মনোভাব গ্রহণ কৰি আহিছে, তেনে সময়ত শ্বেৰমান আলী আহমেদৰ দৰে ৰাজনীতিকৰ এনে মন্তব্যই পূর্ববংগীয়মূলৰ সংখ্যালঘু লোকসকলৰ নিকৃষ্ট মানসিকতাকহে প্রতিফলিত কৰিছে৷ এনে নিকৃষ্ট মানসিকতাৰ ৰাজনীতিকসকলৰ উগ্র সাম্প্রদায়িক মন্তব্যই অসমৰ জাতীয় জীৱনত সদায় বিভাজনৰ ৰাজনীতি জন্ম দি আহিছে, যাক আমি সংগঠিত ৰূপত প্রতিৰোধ কৰা প্রয়োজন৷

You might also like