নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহত ১০২ কোটিৰ ৰাজহ সংগ্রহ

মহানগৰ জিলা পৰিবহণ বিভাগ

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া কার্যালয়ে ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম ছটা মাহত অভিলেখ পৰিমাণৰ ১০২,৩৫,৪৯,৬৬৪ টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰা অনুসৰি, ক’ভিডৰ ভয়াৱহতা সত্ত্বেও কার্যালয়ৰ যান–বাহন পৰিদর্শক, প্রৱর্তক পৰিদর্শক আৰু সমূহ কর্মচাৰীৰ সমূহীয়া প্রষ্টেটাত ক’ভিডৰ প্রত্যাহ্বান নেওচিও কাম কৰা বাবে বিগত ছটা মাহত ১০২ কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্রহ কৰিব পৰা গৈছে৷ বিগত বর্ষত একে সময়ছোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ৫৯,৪০,৩৪,২২৫ টকা৷ তেনেদৰে বিগত ২০২০–২১ বর্ষত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ২০৫,১৪,৯৯,৬৭৮ টকা৷

You might also like