জাপানৰ নতুন আইন
জাপানৰ নতুন আইন
বিশ্বৰ শক্তিশালী অর্থনীতিৰ দেশৰ ভিতৰত জাপানো অন্যতম৷ ক’ৰোনা অতিমাৰীয়ে বিধ্বস্ত কৰি যোৱা গোলকীয় অর্থনীতিৰ নেতিবাচক প্রভাৱৰ পৰা সূর্য উঠা দেশ জাপান লাহে–ধীৰে উজ্জীৱিত হৈছে যদিও অর্থনীতিৰ ওপৰত থকা প্রত্যাহ্বানৰ পৰা মুক্ত হ’ব পৰা নাই৷ শক্তিশালী অর্থনীতিৰ লগতে উচ্চ প্রযুক্তিৰ দেশ জাপানক প্রত্যাহ্বানৰ পৰা উঠাবলৈ বিভিন্ন নীতি গ্রহণ কৰি আহিছে৷ ইয়াৰ মাজতে দেশখনৰ ৰাজনৈতিক ইতিহাসত যুগান্তকাৰী অভিলেখেৰে প্রথমবাৰৰ বাবে এগৰাকী মহিলা প্রধানমন্ত্রী পদত অধিষ্ঠিত হ’ল৷ জাপানৰ প্রথমগৰাকী মহিলা প্রধানমন্ত্রী সানাই টাকাইচিয়ে অর্থনৈতিক প্রত্যাহ্বানৰ পৰা দেশখনক উজ্জীৱিত কৰি তুলিবলৈ জনপ্রতিনিধিৰ বাবে নতুন আইনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রধানমন্ত্রীৰ পৰা মন্ত্রীবর্গৰ দৰমহা আৰু সা–সুবিধা কর্তনেৰে ব্যয় সংকোচনৰ নতুন আইনৰ খচৰা প্রস্তুত কৰি সংসদৰ বিশেষ অধিৱেশনত আলোচনা কৰাৰ বাবে উত্থাপন কৰিছে৷ বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে নিজৰ অর্থনৈতিক স্থিতিৰ ভাৰসাম্য বর্তাই ৰখাৰ পৰিকল্পনাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রধানমন্ত্রীসহ মন্ত্রীৰ দৰমহা হ্রাস কৰিবলৈ পূর্বৰ দৰমহা আইন সংশোধনী বিধেয়ক সংসদৰ বিশেষ অধিৱেশনত উত্থাপন কৰা হৈছে৷ চলিত সময়ত জাপানৰ মন্ত্রীৰ মাহিলি বেতন প্রায় সাত লাখ টকা৷ প্রধানমন্ত্রীয়ে অতিৰিক্ত ৰূপত ছয় লাখ টকা লাভ কৰে৷ মন্ত্রী পৰিষদৰ আন মন্ত্রীয়ে দুই লাখ টকা দৰমহা লাভ কৰে৷ নতুন আইন অনুসৰি জাপানৰ প্রধানমন্ত্রীৰ অতিৰিক্ত বেতনৰ ৩০ শতাংশ আৰু অন্যান্য মন্ত্রীৰ ২০ শতাংশ হ্রাস কৰা হ’ব৷ ঠিক তেনেদৰে প্রধানমন্ত্রীৰ ভাট্টা প্রায় দুই লাখ টকা আৰু মন্ত্রীৰ ৬৩ হাজাৰ টকা হ্রাস কৰা হৈছে৷ দেশখনৰ লিবাৰেল ডেম’ক্রেটিক প্রার্থীৰ নতুন জোঁটৰ সংগী দল জাপান ইন’ভেচন পার্টীয়েও এই সিদ্ধান্তত পূর্ণ সমর্থন জনাইছে৷ দলটোৱে মন্ত্রীৰ বেতন আৰু সুবিধা হ্রাসৰ সিদ্ধান্তক আদৰণি জনাইছে যদিও আন এটা বিৰোধী দল ডেম’ক্রেটিক পার্টী ফৰ দ্য পিপলে সমালোচনা কৰিছে৷ প্রধানমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰিয়েই প্রধানমন্ত্রী টাকাইচিয়ে লোৱা এই সিদ্ধান্তক লৈ বিশ্বজুৰি চর্চিত হৈছে৷ যি সময়ত বিশ্বত আন দেশে জনপ্রতিনিধিৰ দৰমহা আৰু সা–সুবিধা বৃদ্ধিৰ বাবে নতুন আইন প্রণয়নক লৈ প্রতিক্রিয়া আৰু বিতর্ক চলি আছে, সেই সময়ত উন্নত দেশ জাপানৰ সিদ্ধান্ত চর্চাৰ বিষয় হৈ পৰাটো নিতান্তই তাৎপর্য৷
প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিয়েই কঠিন বিষয়ৰ ওপৰত সিদ্ধান্ত গ্রহণ কৰাটোক প্রত্যাহ্বান হিচাপে লৈছে টাকাইচিয়ে৷ আয় আৰু ব্যয়ৰ বিষয়ক লৈ অতি কঠোৰ প্রধানমন্ত্রী টাকাইচিৰ সিদ্ধান্তই জনসাধাৰণৰ বাবে আশাব্যঞ্জক হৈ উঠিব পাৰে৷ মন্ত্রী পৰিষদৰ অকাৰণ ব্যয় সংকোচন কৰি সেই ধন জনতাৰ কল্যাণৰ বাবে ব্যয়ৰ পৰিকল্পনা কৰিছে প্রধানমন্ত্রী টাকাইচিয়ে৷ মন্ত্রীবর্গৰ দৰমহা কর্তন আৰু জনতাৰ কল্যাণৰ বাবে ধন ব্যয়েৰে অর্থনৈতিক সমস্যাৰ সৈতে মোকাবিলাৰ নীতি লোৱা প্রধানমন্ত্রী টাকাইচিৰ সিদ্ধান্তক প্রশংসা কৰিবই লাগিব৷ কিয়নো উন্নত হওক কিম্বা বিকাশশীল দেশত জনপ্রতিনিধিয়ে নিজৰ সা–সুবিধা বৃদ্ধিৰে বিলাসী জীৱন কটোৱাক প্রাধান্য দিয়াৰ বিপৰীতে টাকাইচিয়ে দেশৰ স্বার্থক অধিক গুৰুত্ব দি নতুন আইন প্রণয়নত কঠোৰ সিদ্ধান্ত লৈছে৷ জাপানৰ তুলনাত ভাৰতৰ আকাৰ আৰু জনসংখ্যাৰ লগতে অর্থনীতিও পৃথক যদিও ভাৰতেও এইক্ষেত্রত বিবেচনা কৰাৰ সময় আহিছে৷ বিশ্বৰ ধৰুৱা দেশৰ তালিকাত শীর্ষ স্থানত থকা ভাৰতেও জাপানৰ জনপ্রতিনিধিৰ দৰমহা কর্তন আৰু সা–সুবিধা হ্রাসৰ নতুন আইনখনৰ পৰা শিক্ষা ল’ব পাৰে৷ কিয়নো জনপ্রতিনিধিৰ দৰমহা আৰু সা–সুবিধাৰ নামত দেশৰ কোষাগাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন ব্যয় হৈ আহিছে৷ এই ব্যয় হ্রাস কৰাটোক লৈ চিন্তা–চর্চা কৰাৰো প্রয়োজন নিশ্চয়কৈ আহিছে৷ দেশৰ প্রধানমন্ত্রীৰ পৰা মন্ত্রীবর্গৰ অকাৰণ অনেক ব্যয় ইতিমধ্যে বিতর্কৰ কেন্দ্রবিন্দু হৈ থকাটো প্রায় সকলোৰে জ্ঞাত৷ কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰবোৰেও জনপ্রতিনিধিৰ বেতন আৰু সা–সুবিধা হ্রাসৰ বিষয়টো বিবেচনা কৰা উচিত৷ জনতাৰ ধনেৰে মন্ত্রী পৰিষদে মাত্রাধিক বিলাসী জীৱন কটোৱাটোৱে অর্থনীতিৰ ক্ষেত্রত ইতিবাচক নহয়৷ এই লৈ সময়ে সময়ে তীব্র বিতর্ক আৰু প্রতিক্রিয়াৰ সৃষ্টি হৈ আহিছে৷ জনগণৰ কল্যাণৰ স্বার্থত কিম্বা দেশৰ স্বার্থত বর্তমান অনেক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জাপানৰ নতুন আইনৰ বিষয়টোক লৈ আমাৰ দেশৰ চৰকাৰে বিবেচনা কৰিব পাৰে৷ এই কথা গণতান্ত্রিক দেশখনৰ চৰকাৰে ভাবিব পাৰে৷