নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজয়ী উমা চেত্ৰীক সম্বৰ্ধনা ক্ৰীড়া-যুৱ কল্যাণ বিভাগৰ

উমাৰ এই কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক ২৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়

প্ৰতিগৰাকী চেম্পিয়নে ক’ৰ পৰা আহিছে তাৰ কাহিনী কঢ়িয়াই লৈ ফুৰে। আই চি চিৰ মহিলা বিশ্বকাপ বিজয়ী দল ২০২৫ৰ সদস্য উমা চেত্ৰীক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সন্মান জনোৱাৰ লগতে অফুৰন্ত মৰম যাচে। উমাৰ এই কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক ২৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

তাৰকা খেলুৱৈগৰাকীৰ সপোন গঢ় দিয়া প্ৰশিক্ষকগৰাকীকো আজি সন্মানিত কৰা হয়। অনুষ্ঠানৰ শোভা বঢ়ায় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, কৃষিমন্ত্ৰী অতুল বৰা আৰু অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিধায়ক তৰংগা গগৈয়ে। যিটো অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।  প্ৰতিজন যুৱক-যুৱতীয়ে সপোন দেখাৰ বাবে এক শক্তিশালী কাহিনী।

ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ

You might also like