নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা সমস্যাঃ বৰফ গলিবনে?

এখন অসম ভাঙি সাতখন ৰাজ্য হ’ল৷ কিন্তু কোনো এখন ৰাজ্যৰ সৈতে অসমৰ সীমা সঠিকভাৱে নির্ধাৰণ নহ’ল৷ মানে ইয়াক সমস্যা ৰূপে কাললৈ জীয়াই ৰখা হ’ল৷ সমস্যাটোক অসমৰ কোনো কোনো সংগ্রামী পক্ষই কেন্দ্রৰ চক্রান্ত আখ্যা দি আহিছে৷ তেওঁলোকৰ মতে, সাতভনীৰ ৰাজ্যকেইখনৰ মাজত যাতে কাহানিও ঐক্য গঢ় লৈ উঠিব নোৱাৰে, তাৰ বাবে জীয়াই ৰখা হৈছে সীমা সমস্যাটোক৷ মোৰ মনে তেনেকৈ নকয়৷ কেন্দ্রীয় চৰকাৰে দেশখনৰ কোনো এটা ভূ–খণ্ডক এইদৰে সমস্যা আৰু সংঘাতৰ মাজত বন্দী কৰি ৰখাৰ নীতি হাতত নলয়৷ উত্তৰ–পূব ভাৰত নতুন দিল্লীৰ অগ্রাধিকাৰ বা গুৰুত্ব দিবলগীয়া তালিকাখনত নাই৷ ইয়াৰ যিবোৰ সমস্যাত মূৰ নঘমালে নহয়, তাতহে কেন্দ্রই মূৰটো সুমুৱাই দি কিদৰে সময় নষ্ট নকৰাকৈ ওলাই যাব পাৰি, তাত গুৰুত্ব দিয়ে৷ সম্ভৱতঃ সেয়ে উত্তৰ–পূবৰ কোনো এটা সমস্যাৰ আশু সমাধান সম্ভৱপৰ হৈ উঠা নাছিল৷ অঞ্চলটোৰ বিকাশৰ বাবে, আন্তগাঁথনিৰ বিকাশৰ অর্থে পুঁজি ব্যয় কৰাটো কোনো এটা ৰাজনৈতিক দলৰ বাবে ৰাজনৈতিকভাৱে লাভদায়ক নাছিল বা সেই দৃষ্টিকোণেৰে চোৱা হৈছিল৷ আর্থিকভাৱে দুর্বল ৰাজ্যকেইখনে নিজ শক্তিৰে সেই কাম কৰিবও নোৱাৰিছিল৷ তদুপৰি, দুর্নীতিৰ নামত বিকাশৰ বুজন পৰিমাণৰ ধন ওলাই যায়৷ দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে গুৱাহাটীত আহি ক’লে, আন্দোলন কৰিলেহে কিবা পাব পাৰি ধৰণৰ ধাৰণাটো প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভুল প্রতিপন্ন কৰিলে৷ এইটো কথা অস্বীকাৰ কৰি উপায় নাই যে অসম তথা উত্তৰ–পূবৰ জনসাধাৰণে আন্দোলন নকৰাকৈ কিবা পাইছে৷ সেয়ে জনগণৰ মনত তেনে ধাৰণা এটা গা কৰি উঠিবই৷ তেওঁ কৈছে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ধাৰণাটো ভুল প্রতিপন্ন কৰিছে৷ আচলতে এইটোও আন্দোলনৰেই ফচল৷ এই অঞ্চলৰ জনসাধাৰণে আন্দোলন কৰি কৰি বুজাই দিবলগীয়া হৈছিল যে উত্তৰ–পূবত কেন্দ্রীয় চৰকাৰে অনুসৰণ কৰি অহা নীতি সঠিক হোৱা নাই৷ ইয়াত জনগণ বঞ্চনাৰ বলি হৈছে৷ বিকাশৰ প্রাপ্য অধিকাৰ পোৱা নাই৷ দেশৰ অন্যান্য অঞ্চলৰ তুলনাত উত্তৰ–পূব বহু পিছপৰি ৰৈছে৷ সম্ভৱতঃ উত্তৰ–পূবৰ বিদ্রোহী সংগঠনসমূহৰ এইক্ষেত্রত ভূমিকা সর্বাধিক৷ যিয়েই নহওক, উত্তৰ–পূব ভাৰতৰ ক্ষেত্রত লাহে লাহে কেন্দ্রীয় চৰকাৰৰ দৃষ্টিভংগী সলনি হ’বলৈ ধৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকালত এই অঞ্চলটোৱে পূর্বৰ যথেষ্ট গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে৷ অঞ্চলটোৰ বিকাশৰ বাবে বুজন পৰিমাণৰ ধন ব্যয় কৰা হৈছে৷ বহু সমস্যাৰ সমাধানৰ বাবে কাম কৰি থকা হৈছে৷ অৱশ্যে সমস্যাৰ বিশাল পর্বতখন ভাঙিবলৈ এতিয়াও বহু বাকী৷ গৃহমন্ত্রী অমিত শ্বাহে কৈছে, ২০২৪ চনলৈ উত্তৰ–পূবক সমস্যামুক্ত কৰা হ’ব৷ উত্তৰ–পূবক লৈ ইয়াৰ পূর্বে নতুন দিল্লীৰ পৰা অহা কোনো মন্ত্রীয়ে এইদৰে সময় নির্ধাৰণ কৰি দি প্রতিশ্রুতি দিয়া নাছিল৷ গতিকে তেওঁৰ কথাটোৱে মানুহৰ আশা জগাব পাৰে৷
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া মেঘালয় আৰু অসম ভ্রমণক এটা দিশৰ পৰা আশাব্যঞ্জক৷ কথাটো হ’ল, উত্তৰ–পূবৰ দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে নতুন দিল্লী ইয়ালৈ নিজেই আহিছে৷ অৱশ্যে এইটোও নহয় যে ইয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰে উত্তৰ–পূবৰ সীমা সমস্যাটো সমাধানৰ চেষ্টা নচলোৱাকৈ আছিল৷ কিন্তু তাত গুৰুত্ব বা সমাধানৰ বাবে যিটো গুৰুত্ব চৰকাৰৰ থাকিব লাগিছিল, সেইটো প্রতিফলিত হোৱা নাছিল৷ কিন্তু এইবাৰ কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ উদ্যোগ গ্রহণ কৰা হৈছে৷ উত্তৰ–পূবৰ কেউখন ৰাজ্যৰ মুখ্যমন্ত্রীক একেলগে বহুৱাই সমস্যাটো সমাধানৰ প্রয়াস চলোৱা হৈছে৷ সন্দেহ নাই, সমস্যাটো জটিল৷ এখন বা দুখন বৈঠকতে ইয়াৰ সমাধান–সূত্র নোলায়৷ সময় লাগিব৷ কিন্তু কেন্দ্রীয় চৰকাৰে যদি সমস্যাটো সমাধানত নিষ্ঠা, আন্তৰিকতা আৰু সততা দেখুৱায়, সমাধান নিশ্চয় ওলাব৷ ইয়াৰ সুফল অঞ্চলটোৰ আর্থ–সামাজিক দিশত ব্যাপক ৰূপত পৰিব৷ সীমান্তৱর্তী অঞ্চলৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিব৷ সংঘাতময় পৰিৱেশৰ অন্ত পৰিব৷ ৰাজ্যকেইখনৰ সৈতে অসমৰ জনসাধাৰণৰ সম্পর্ক উন্নত হ’ব৷ নগা, অৰুণাচলী, মিজোৰ আগ্রাসন, হিংসা আদি শব্দৰ ব্যৱহাৰ নোহোৱা হৈ পৰিব৷ ঐক্য–সংহতি আৰু বিকাশৰ পথত এনেধৰণৰ শব্দ বা বাক্যাংশই হেঙাৰৰ সৃষ্টি কৰে৷ ইয়াৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইটামান গুৰুত্বপূর্ণ কথা কৈছে৷ তেওঁ কথাখিনি উত্তৰ–পূবৰ মুখ্যমন্ত্রীসকলৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰে বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত কৈছে৷ তেওঁ কৈছে যে বৰফ গলিবলৈ ধৰিছে৷ নাগালেণ্ডৰ বাহিৰে বাকীকেইখন ৰাজ্যৰ সৈতে অসমৰ সীমা সমস্যাৰ শীঘ্রেই সমাধান হ’ব৷ বিশেষকৈ মেঘালয় আৰু অৰুণাচলৰ সৈতে ইতিবাচক আলোচনা হৈছে৷ মিজোৰামৰ সৈতেও সমাধান–সূত্র ওলাব বুলি তেওঁ দৃঢ়তাৰে প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, নাগালেণ্ডৰ সৈতে সমস্যাটো জটিল হৈ আছে৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে৷ তদুপৰি বৃহত্তৰ নাগালিমৰ কথাটোও ইয়াত জডিত হৈ আছে নিশ্চয়৷ কেন্দ্রীয় চৰকাৰে নগা বিদ্রোহী সংগঠনৰ সৈতে শান্তিচুক্তিত নাগালেণ্ডৰ ভৌগোলিক পৰিসীমাক কিদৰে নিৰূপণ কৰে, সেইটোৰ ওপৰত সমস্যাটোৰ সমাধান নির্ভৰ কৰিব৷
অসমৰ সৈতে সাতভনীৰ ৰাজ্যকেইখনৰ সীমা সমস্যাটোৰ সবাতকৈ জটিল দিশটো হৈছে, ই সংঘর্ষপ্রবণ৷ অসমৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে, সীমান্তৱর্তী অঞ্চলত সততে প্রতিবেশী ৰাজ্যৰ প্রশাসন তথা জনগণে আগ্রাসন চলায়৷ অসমৰ ভূমি দখল কৰি চৰকাৰী কার্যালয়, প্রশাসনিক অনুষ্ঠান–প্রতিষ্ঠান, শিক্ষানুষ্ঠান আদি স্থাপন কৰে৷ সীমান্তত অসমৰ জনসাধাৰণৰ ওপৰত আক্রমণ চলোৱা হয়৷ খেতি–বাতি নষ্ট কৰি পেলোৱা হয়৷ কেতিয়াবা কেতিয়াবা আক্রমণ চলোৱা হয়৷ এইবোৰ সুদীর্ঘ কাল ধৰি চলি আহিছে৷ মানুহৰ জীৱন বিপর্যস্ত হৈ আহিছে৷ সিপাৰৰ মানুহৰ প্রতি ইপাৰৰ মানুহৰ মনত ক্ষোভ–ঘৃণা বৃদ্ধি পাই আছে৷ ভাবিলে আচৰিত লাগে যে সমগ্র ভূ–খণ্ডটো এদিন এটা প্রশাসনৰ অধীনত পৰিচালিত হৈছিল৷ একেখন ৰাজ্যৰ বাসিচ্ঞা আছিল৷ অৱশ্যে ভাতৃত্ববোধৰ ভাবধাৰাটো আজিও ম্লান পৰা নাই৷ কিন্তু আহত নিশ্চয় হৈছে৷
এতিয়া প্রশ্ণ হৈছে, আন্তঃৰাজ্যিক সীমা সমস্যাৰ সমাধান আহিব কিদৰে? প্রতিখন ৰাজ্য যদি নিজৰ দাবীত অটল থাকে? সমাধান–সূত্র নোলাব৷ এৰা–ধৰা কৰিব লাগিব৷ কিন্তু সমস্যাটো হৈছে সকলো ৰাজ্যই অসমৰ ভূমিহে বেদখল কৰিছে৷ সমস্যাটোৰ সমাধান হোৱা মানেই সিংহভাগ ক্ষতিৰ সন্মুখীন হ’ব লাগিব অসমে৷ নিজৰ ভূমি সকলোকে এৰি দিব লাগিব৷ অসমৰ জনগণে ইয়াক মানি ল’বনে? ৰাজ্যখনৰ আন আন দল–সংগঠনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ইমানখিনি আপোচ কৰিবলৈ দিবনে? সমস্যাটো আশু সমাধানত মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ জনসাধাৰণক আস্থাত ল’বনে? ইয়াত ৰাজ্যখনৰ আন আন ৰাজনৈতিক দল–সংগঠনৰ অংশীদাৰিত্ব থাকিবনে? সময় অতিবাহিত হোৱাৰ লগে লগে এনে বহু প্রশ্ণ আহি সন্মুখত থিয় দিব৷ সকলোবোৰ অতিক্রমী সীমা সমস্যা সমাধানত সফল হ’ব পাৰিলে কেন্দ্রীয় চৰকাৰ আৰু বর্তমানৰ ৰাজ্য চৰকাৰখনৰ বাবে এটা ঐতিহাসিক সাফল্য হ’ব৷ এতিয়া আৰু আগৰ সময় নাই৷ সলনি হৈছে৷ উত্তৰ–পূর্বাঞ্চলবাস্ নতুন চিন্তাৰে আগবাঢ়িব লাগিব৷ নিজৰ মাজত কাজিয়া কৰি থাকিলে সময়ে ক্ষমা নকৰিব৷ সমাগত দিনবোৰত অঞ্চলটোৰ বাবে সম্ভাৱনাৰ নতুন নতুন দুৱাৰ মুকলি হ’ব৷ সম্প্রতি গেঁঠেলা মাৰিলেও এক্ট–ইষ্ট পলিচীৰ সুবিধা ল’বলৈ উত্তৰ–পূবৰ জনসাধাৰণ একত্র হৈ কাম কৰাৰ প্রয়োজন আছে৷ সমস্যা থাকিব৷ সংগ্রামো থাকিব৷ কিন্তু সমান্তৰালকৈ বিকাশকো গুৰুত্ব দিব লাগিব৷ ইয়াৰ বাবে দৰকাৰ ঐক্য–সংহতি৷ সীমা সমস্যাৰ সমাধান নতুন দিল্লীৰ নহয়, উত্তৰ–পূবৰ প্রতিখন ৰাজ্যৰ নিষ্ঠাপূর্বক তাগিদা হওক৷

You might also like