নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন সংশোধিত জিএছটি

সমাগত দুর্গাপূজা৷ দুর্গাপূজাৰ প্রাকক্ষণত দেশত আনুষ্ঠানিকভাৱে বলৱৎ হ’ল জিএছটি ২.০৷ ইয়াৰ পাছতেই দেশজুৰি নিত্যব্যৱহূত সামগ্রীৰ দাম হ্রাস পালে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও উৎসৱৰ বতৰত দেশৰ জনসাধাৰণক ‘জিএছটি বচট উৎসৱ’ উদযাপন কৰিবলৈ পৰামর্শ দিছে৷ ২০১৭ চনত বলৱৎ হোৱা জিএছটিৰ বৃহৎ সংস্কাৰৰ জিএছটিৰ হাৰত নাথাকে ১২ শতাংশ আৰু ২৮ শতাংশৰ শ্লেব৷ এতিয়া প্রযোজ্য হ’ব ৫ শতাংশ আৰু ১৮ শতাংশ শ্লেব৷ বর্তমান জিএছটি ২.০ অনুসৰি ৩৭৫ বিধ সামগ্রীৰ দাম হ্রাস পাইছে, কিন্তু বিলাসী বাহনৰ লগতে ধঁপাতজাতীয় সামগ্রীৰ পূর্বৰ ২৮ শতাংশ শ্লেবৰ পৰা ৪০ শতাংশ হ’ল৷ এই নতুন জিএছটিয়ে উৎসৱৰ বতৰত সাধাৰণ মানুহক সবল কৰিব৷ দৰিদ্র–মধ্যবিত্ত পৰিয়ালক যথেষ্ট সকাহ দিব৷ মধ্যবিত্তৰ জীৱন সলনি কৰিব৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয়– ‘আয়কৰ আৰু জিএছটি কৰ ৰেহাই হোৱাৰ লগে লগে দেশৰ জনসাধাৰণে ২.৫ লাখ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হ’ব৷’ লগতে তেওঁ কয়– দেশখনক স্বাৱলম্বী কৰাৰ গধুৰ দায়িত্ব থাকে ক্ষুদ্র উদ্যোগসমূহৰো৷ জিএছটি হ্রাসে ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলক লাভান্বিত কৰিব৷ সংশোধিত জিএছটি বলৱৎ হোৱাৰ পাছত হ্রাস হ’ল– ছাপাতি, পৰঠা, গাখীৰ, চানা, পনীৰ, পিজ্জা, ব্রেড, খাকৰা, বাটাৰ, ঘী, ড্রাই ফুডছ, চচ, মাংস, চেনিযুক্ত সামগ্রী, জাম, ফলৰ ৰস, আইচক্রীম, বিস্কুট, ছয়া মিল্ক পানীয়, চর্বিযুক্ত সামগ্রী, ছিজ৷ সৌন্দর্য–ঘৰুৱা পৰিচর্যা সামগ্রী যেনে–চেলুন, স্পা, জীম, হেলথ ক্লাব, যোগ, টুথ পাউদাৰ, টুথপেষ্ট, টুথব্রাছ, ছেম্পু, ফেলকম পাউদাৰ, চাবোন, হেয়াৰ অইল, ৰন্ধন সামগ্রী, ৰন্ধন সঁজুলি, ছাতি, বাইচাইকেল, বাঁহৰ আচবাব, টিভি, শীত–তাপ নিয়ন্ত্রিত যন্ত্র, ইলেক্ট্রনিক সামগ্রী৷ নির্মাণ, যান–বাহনৰ যন্ত্রপাতিসমূহৰো দাম হ্রাস পাইছে৷ সেইবোৰ হ’ল– চিমেণ্ট, কৃষিকার্যত ব্যৱহূত সামগ্রী, ব্যৱহূত যন্ত্রপাতি, ট্ৰেইলাৰ, ট্ৰেক্টৰৰ সামগ্রী, সাৰ উপকৰণ, জৈৱ কীটনাশক, ৩৫০ চিচি মটৰ বাইক, সৰু সৰু হাইব্রিড কাৰ, বৈদ্যুতিক বাহন, যান–বাহনৰ যন্ত্রাংশ, সৰু পেট্ৰ’ল এলপিজি–চিএনজি আৰু ডিজেল বাহন ১৫০০ চিচিলৈ দাম হ্রাস পাইছে৷
ইয়াৰ উপৰি ষ্টেচনাৰী, জোতা, সাজ–পোছাক, জীৱনদায়িনী ঔষধ, চিকিৎসা সঁজুলি, থার্মমিটাৰ, অক্সিজেন, ডায়গ্ণ’ষ্টিক কিটছ, গ্লুক’মিটাৰ, সংশোধনৰ চছমাৰো দাম হ্রাস পাইছে৷ জীৱন স্বাস্থ্য, বীমা, মালবাহী বাহনৰ থার্ড পার্টী বীমা, ৭,৫০০ টকীয়া হোটেলৰ কোঠা আৰু বিমানৰ ইক’নমিক টিকটৰ দামো হ্রাস পাব৷ এই হ্রাসে ভাৰতৰ অর্থনীতি ত্বৰান্বিত কৰিব, ক্ষুদ্র ব্যৱসায়ীসকলে ব্যৱসায় কৰাতো সহজ হ’ব বুলি ধাৰণা কৰা হৈছে৷ ভাৰতবর্ষৰ দৰে এখন দেশ কৃষিপ্রধান দেশ৷ এনএছএছঅ’ৰ তথ্য অনুযায়ী ভাৰতবর্ষত ৯.৩ কোটিমান কৃষিজীৱী পৰিয়াল আছে৷ দুগ্ধ উদ্যোগৰ সৈতেই জড়িত হৈ আছে প্রায় ৭–৮ কোটি কৃষক৷ এই কৃষকসকলকো সংশোধিত জিএছটিয়ে যথেষ্ট সহায় কৰিব বুলি আশা কৰিছে৷ মুঠতে ক্ষুদ্র আৰু মজলীয়া কৃষকসকলৰ মাজত জিএছটি সংস্কাৰৰ ইতিবাচক প্রভাৱ পৰা ব্যাপকভাৱে দেখা যাব৷ কৃষি যন্ত্রপাতি আৰু সৌৰশক্তিচালিত সঁজুলিৰ ক্ষেত্রত জিএছটি নিম্ন হ’লে কৃষিকার্যৰ ব্যয় হ্রাস পোৱাৰ লগে লগে কৃষক ৰাইজৰ লাভ বৃদ্ধিৰ লগতে কৃষিখণ্ডত বিকাশৰ এক নতুন অধ্যায়ৰ সূচনা হ’ব৷ প্রধানমন্ত্রীগৰাকীয়ে স্বাস্থ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া দেখা যায়৷ সেয়ে তেওঁ দৈনন্দিন স্বাস্থ্যকৰ খাদ্য সামগ্রীৰ দাম হ্রাস কৰি অস্বাস্থ্যকৰ খাদ্যৰ ওপৰত কৰ পূর্বৰ ধৰণেই ৰাখিছে৷ সম্প্রতি দেশত জীৱনদায়িনী ঔষধৰ দামবৃদ্ধিয়ে দেশৰ সাধাৰণ জনতাক যথেষ্ট অসুবিধাত পেলাইছিল, এই নতুন জিএছটিয়ে জনসাধাৰণক যথেষ্টখিনি উপকৃত কৰিব৷ দেশৰ কোম্পানীসমূহকো কেন্দ্রীয় চৰকাৰে জিএছটি ২.০ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ নির্দেশ দিছে৷ যদি সঠিকভাৱে ৰূপায়ণ নকৰে, তেনেহ’লে কোম্পানীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব৷ কোম্পানীবোৰে চৰকাৰে বলৱৎ কৰা জিএছটিৰ হাৰত গ্রাহকক সামগ্রীসমূহ যোগান ধৰিব লাগিব৷ নতুন সংশোধিত জিএছটিৰ বাবে দেশৰ সাধাৰণ নাগৰিকৰ দৈনন্দিন জীৱন যাপনত সকাহ প্রদানৰ উপৰি বিভিন্ন খণ্ডত ব্যৱসায়িক ভেটি হ’ব ৷ এই সংশোধিত জিএছটিৰ ফলত প্রতিটো খণ্ডতে ইতিবাচক ফলাফল লাভ কৰিব বুলি আশা কৰিব পাৰি৷

You might also like