নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তিনি আৰু চাৰি ফেব্রুৱাৰীৰ অসম ভ্রমণে বিশেষ তাৎপর্য বহন কৰিছে৷ আগন্তুক লোকসভা নির্বাচনৰ পূর্বে প্রধানমন্ত্রী মোদীৰ ভ্রমণক একাংশ বিৰোধী দল আৰু সংগঠনৰ নেতাই ৰাজনৈতিক আখ্যা দিলেও প্রধানমন্ত্রীগৰাকীৰ ভ্রমণ ৰাজ্যখনৰ বিকাশৰ ক্ষেত্রখনৰ বাবে এক মাইলৰ খুঁটিত পৰিণত হোৱাৰ আশা আছে৷ প্রধানমন্ত্রীগৰাকীয়ে অসম ভ্রমণৰ সময়ছোৱাত কেইবাখনো আঁচনি উদ্বোধন আৰু নির্মাণকার্যৰ শুভাৰম্ভ কৰিছে৷ প্রধানমন্ত্রীগৰাকীৰ একেদিনাই ১১,৬০০ কোটি টকাৰ ১০টা আন্তঃগাঁথনিমূলক প্রকল্প উদ্বোধন আৰু শিলান্যাসৰ জৰিয়তে ৰাজ্যখনৰ বিকাশে নতুন ৰূপ ধাৰণ কৰিব৷ পূর্বতে একেদিনাই এইদৰে ৰাজ্যখনৰ বৃহৎ প্রকল্প মুকলি কৰাৰ উদাহৰণ নাই৷ প্রধানমন্ত্রীগৰাকীয়ে বিশ্বনাথৰ পৰা গহপুৰলৈ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ উদ্বোধন কৰাৰ লগতে দোলাবাৰীৰ পৰা জামুগুৰিলৈ চাৰিলেনযুক্ত ৰাষ্ট্রীয় পথৰ আধাৰশিলা স্থাপন কৰিছে৷ প্রধানমন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ যিসমূহ অভিলাষী প্রকল্পৰ শিলান্যাস সম্পন্ন কৰিলে, তাৰ ভিতৰত আছে ৪৯৮ কোটি টকাৰ মা কামাখ্যা দিব্যলোক প্রকল্প৷ বৰঝাৰ বিমানকোঠৰ পৰা কামাখ্যা মন্দিৰলৈ বিশেষ কৰিড’ৰ নির্মাণৰ জৰিয়তে পর্যটকৰ সুচল পৰিবহণৰ লক্ষ্যৰে এই প্রকল্প গ্রহণ কৰা হৈছে৷ ইয়াৰ উপৰি ৩,২৫০ কোটি টকাৰে জিএমচিএইচৰ নৱনির্মাণ, ৩,৪৪৪ কোটি টকাৰে ৰাজ্যখনৰ ৪৩টা পথ আৰু ৩৮খন দলং নির্মাণ, ৩০০ কোটি টকাৰে চন্দ্রপুৰত আধুনিক ষ্টেডিয়াম নির্মাণ, ৫৭৮ কোটি টকাৰে কৰিমগঞ্জ মেডিকেল কলেজ নির্মাণ, ৩৫৮ কোটি টকাৰে বৰঝাৰ বিমানকোঠৰ পৰা গুৱাহাটীলৈ ছয়লেনযুক্ত পথ নির্মাণ প্রকল্প আদিও আছে৷ উক্ত প্রকল্পসমূহৰ নির্মাণ নির্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূর্ণ হ’ব বুলি নিশ্চয়তা প্রদান কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে এয়া মোদীৰ গেৰাণ্টী৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি সৃষ্টি হোৱা মোদী লহৰত দেশৰ প্রধানমন্ত্রী আসনত অধিষ্ঠিত নৰেন্দ্র মোদীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈছিল ২০১৯ত৷ একেৰাহে প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত নৰেন্দ্র মোদীয়ে হ’ল দেশৰ একমাত্র অকংগ্রেছী প্রধানমন্ত্রী৷ দেশজুৰি সাম্প্রতিক যি ৰাজনৈতিক বতাহ বলিছে, তাৰ দ্বাৰা মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ পথ প্রশস্ত হৈছে৷ মোদীক ক্ষমতাচ্যুত কৰিবলৈ কংগ্রেছৰ নেতৃত্বত গঠিত ‘ইণ্ডি’ মর্চাৰ অংশীদাৰ দলসমূহৰ মাজত সৃষ্টি হোৱা ক্ষমতাকেন্দ্রিক যুঁজৰ বাবে আগন্তুক লোকসভা নির্বাচনত প্রধানমন্ত্রী মোদীৰ সপক্ষে যুঁজখন আগবাঢ়িছে৷ বিৰোধী ৰাজনৈতিক দলসমূহে প্রধানমন্ত্রীৰ আসনৰ বাবে এতিয়াও এজন সর্বসন্মত নেতা বাছনি কৰিবলৈ সক্ষম হোৱা নাই৷ ফলত গ্রহণযোগ্য বিকল্প নেতাৰ অভাৱতে আগন্তুক লোকসভা নির্বাচনৰ যুঁজখন প্রধানমন্ত্রী মোদীৰ বাবে সহজ হৈ উঠিছে৷
প্রধানমন্ত্রী মোদী ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ গতি লক্ষণীয় হৈ উঠিছে৷ বিগত ১০ বছৰত ৰাজ্যখনৰ পথ–দলঙৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিমূলক প্রকল্পই ৰাজ্যখনৰ বিকাশৰ ছবিখন ন ৰূপত দাঙি ধৰিছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পৰা ১৮ বছৰৰ ভিতৰত অসমত তিনিখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল৷ ১৯৪৭ত ডিব্রুগড়ত অসম চিকিৎসা মহাবিদ্যালয়, ১৯৬০ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ১৯৬৮ত শিলচৰ চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল৷ ইয়াৰ পিছত অসমত প্রায় ৫ দশক ধৰি এখনো চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱা নাছিল৷ অসমত এখন মেডিকেল স্থাপন হোৱাটো এটা ডাঙৰ ঘটনা বুলিয়ে ধৰি লোৱা হৈছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা স্বাস্থ্যমন্ত্রী হৈ থকাৰ সময়ত ২০০৯ চনত যোৰহাট চিকিৎসা মহাবিদ্যালয়, ২০১১ত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু ২০১৩ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছিল৷ বিগত ১০ বছৰত ৰাজ্যখনত আৰু ছখন চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হৈছে৷ কেইবাখনো চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণ চলি আছে৷ ৰাজ্যখনত ২৪খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ জৰিয়তে অসমখন উত্তৰ–পূর্বাঞ্চলৰ চিকিৎসাৰ এক বিশেষ কেন্দ্র হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যখনৰ পথ আৰু দলং নির্মাণৰ জৰিয়তে গাঁও আৰু চহৰৰ সম্পর্ক শক্তিশালী কৰাৰ লগতে অর্থনৈতিক বুনিয়াদ গঢ়াৰ ক্ষেত্রতো বিগত ১০ বছৰত নির্ণায়ক ভূমিকা গ্রহণ কৰা হৈছে৷ বিশেষকৈ ব্রহ্মপুত্রৰ ওপৰত নতুনকৈ মুকলি কৰা দলংসমূহে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্রত বৈপ্লৱিক পৰিৱর্তন আনিছে৷ গুৱাহাটীত ব্রহ্মপুত্রৰ ওপৰত নির্মীয়মাণ দলং এখন চলিত মাহতে মুকলি হ’ব৷ পলাশবাৰী আৰু কুৰুৱাত দুখন দলং নির্মাণৰ প্রকল্প ইতিমধ্যে আৰম্ভ হৈছে৷ গুৱাহাটী মহানগৰীৰ চৌদিশে ৰিং ৰোড নির্মাণৰ অভিলাষী প্রকল্প গ্রহণ কৰা হৈছে৷ অসমৰ দৰে এখন ৰাজ্যত এনে অভিলাষী প্রকল্প কেন্দ্রীয় চৰকাৰৰ সমর্থন অবিহনে কেতিয়াও সম্ভৱ নহয়৷ প্রধানমন্ত্রী মোদীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ ক্ষেত্রত দেখুওৱা দায়বদ্ধতাৰ বাবেই অসমে আজি বৃহৎ বৃহৎ প্রকল্পৰ জৰিয়তে লাভৱান হৈছে৷ এইক্ষেত্রত ৰাজ্যবাসীৰ বাবে সুখবৰ যে প্রধানমন্ত্রী মোদী আৰু দিকদর্শী মুখ্যমন্ত্রী ড০ শর্মাৰ মাজত গঢ়ি উঠা সু–সম্পর্কই ৰাজ্যখনৰ আন্তঃগাঁথনিৰ আমূল পৰিৱর্তনত সহায়ক হৈছে৷ প্রধানমন্ত্রী মোদীয়ে শেহতীয়া অসম ভ্রমণৰ সময়ছোৱাত ‘লাখপতি বাইদেউ’ আঁচনিখনক বিশেষ গুৰুত্ব দিয়াও পৰিলক্ষিত হৈছে৷ নির্বাচনী ৰণ জিকাৰ বাবে হিতাধিকাৰী আঁচনিক বিশেষ গুৰুত্ব দিয়া বুলি কেইবাদশক ধৰি শাসকীয় দলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে৷ কিন্তু লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ এক বিশেষ পদক্ষেপ গ্রহণ কৰা হৈছে৷ অসমতো মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৩৯ লাখ মহিলাক উক্ত আঁচনিৰ সুবিধা প্রদান কৰাৰ লক্ষ্য লোৱা হৈছে৷ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক স্বাৱলম্বনৰ জৰিয়তে এই আঁচনিখনে কাংক্ষিত সাফল্য লাভ কৰিলে নিশ্চিতভাৱে ৰাজ্যৰ মহিলা সবলীকৰণৰ লগতে অর্থনৈতিক বুনিয়াদ শক্তিশালী হৈ উঠিব৷

You might also like