নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিক্ট’ৰী ডে’ত কঠোৰ পুটিন

দ্বিতীয় বিশ্বযুদ্ধত জার্মানীৰ ফেচীবাদী শাসক হিটলাৰৰ নাজী বাহিনীক পৰাভূত কৰিছিল ছোভিয়েট ইউনিয়নে৷ দ্বিতীয় বিশ্বযুদ্ধৰ বিজয় দিৱস বা ভিক্ট’ৰী ডে’ প্রতিবছৰে ৯ মে’ত উদ্যাপন কৰি আহিছে ৰাছিয়াই৷ এইবাৰো ৰাছিয়াই পালন কৰে বিশ্বযুদ্ধত বিজয়ৰ এই স্মাৰক দিৱস৷ এই দিৱসত ৰাছিয়াই প্রতিবছৰে বিশাল পেৰেড উলিয়াই তাত প্রদর্শন কৰি আহিছে সমৰ শক্তি৷ ইউক্রেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ মাজত এইবাৰ ভিক্ট’ৰী ডে’ৰ পেৰেডৰ ওপৰত বিভিন্ন মহলে নজৰ ৰাখিছিল৷ আৰম্ভণিৰে পৰা নিৰাপত্তাজনিত কাৰণত ভিক্ট’ৰী ডে’ৰ পেৰেডৰ আয়োজন কৰা নহ’ব বুলি ঘোষণা কৰি আহিছিল ক্রেমলিন প্রশাসনে৷ কিন্তু, মস্কোত বর্ণাঢ়্য কার্যসূচীৰে এই পেৰেডৰ আয়োজন কৰা হয়৷ অৱশ্যে ৰাছিয়াৰ অন্য চহৰবোৰত ভিক্ট’ৰী ডেৰ স্মাৰক উৎসৱৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা নগ’ল৷ এই ভিক্ট’ৰী ডে’ৰ পেৰেডত অংশগ্রহণ কৰি ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে পাশ্চাত্যৰ বিৰুদ্ধে হুংকাৰ দি ক’লে যে ৰাছিয়াই শান্তি বিচৰা সত্ত্বেও ইউৰোপ–আমেৰিকাই দেশখনৰ বিৰুদ্ধে যুদ্ধ–সংঘর্ষৰ উচটনি দি আহিছে৷ ৰাছিয়াই নিজক ৰক্ষা কৰিবলৈ সর্বশক্তি প্রয়োগ কৰিব বুলি ভিক্ট’ৰী ডে’ৰ পেৰেডত দেশবাসীক সম্বোধি ঘোষণা কৰিছে পুটিনে৷ অকল সেয়াই নহয়, ৰাছিয়াৰ বিৰুদ্ধে প্রকৃতার্থত পাশ্চাত্যই এখন যুদ্ধ আৰম্ভ কৰা বুলিও মন্তব্য কৰে পুটিনে৷ ইউক্রেইন যুদ্ধত যিসকল ৰুছ সৈনিক শ্বহীদ হৈছে, তেওঁলোকৰ বীৰত্বকো স্মৰণ কৰে পুটিনে৷ আনকি শ্বহীদ সৈনিকসকলৰ পিতৃ–মাতৃকো শ্রদ্ধা জ্ঞাপন কৰে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে৷ পুটিনে বিশ্বযুদ্ধৰ বিজয় দিৱসৰ ভাষণত স্পষ্ট কৰি দিয়ে যে ৰাছিয়াৰ বিৰুদ্ধে একেলগে যিমানসংখ্যক দেশেই যুদ্ধ নকৰক কিয়, ইয়াক প্রত্যাহ্বান জনাবলৈ দেশখনৰ সেনা সাজু আছে৷ লক্ষণীয় যে এই পেৰেডত ৰাছিয়াই অত্যাধুনিক ক্ষেপণাস্ত্র আৰু পূর্বে ব্যৱহাৰ নকৰা টেংক প্রদর্শন কৰে৷ সেনা শক্তিৰে ৰাছিয়া যে এতিয়াও যিকোনো মহাশক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সক্ষম, সেই কথা ভিক্ট’ৰী ডে’ৰ পেৰেডৰ জৰিয়তে বিশ্ববাসীক দেখুৱাই দিয়ে পুটিনে৷
ইফালে, পাশ্চাত্যৰ সংবাদ মাধ্যমে বিভিন্ন সময়ত ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন গুৰুতৰভাৱে কর্কট ৰোগত আক্রান্ত বুলি প্রচাৰ চলাই আহিছে যদিও ভিক্ট’ৰী ডে’ৰ পেৰেডত অংশগ্রহণ কৰা পুটিনক পূর্বৰ স্বাভাৱিক মেজাজত দেখিবলৈ পোৱা গ’ল৷ ৰুছ ৰাষ্ট্রপতিগৰাকীৰ চলন–ফুৰণত দেখিবলৈ পোৱা নগ’ল কোনোধৰণৰ অসুস্থতাৰ লক্ষণ৷ আনহাতে, এই পেৰেডত চামিল হোৱা সেনা বিষয়াসকল, বিশ্বযুদ্ধত অংশগ্রহণ কৰা প্রাক্তন সৈনিকসকল তথা সাধাৰণ নাগৰিকে পুটিনক যিধৰণে আদৰণি জনালে, তাৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ইউক্রেইন যুদ্ধ সন্দর্ভত ৰাছিয়া তথা পুটিনক লৈ পাশ্চাত্যৰ সংবাদ মাধ্যমে যিবোৰ প্রতিবেদন প্রকাশ কৰি আছে, সেয়া ১০০ শতাংশ সত্য নহয়৷ বৰঞ্চ পুটিনৰ বিৰুদ্ধে পাশ্চাত্যৰ সংবাদ মাধ্যমে অপপ্রচাৰ চলোৱাটো ভিক্ট’ৰী পেৰেডে উদঙাই দিছে৷ ইফালে, ৰাছিয়াই ইউক্রেইন যুদ্ধত বহু অস্ত্র–শস্ত্রৰ অপচয় কৰাৰ ফলত দেশখনৰ অস্ত্রৰ অভাৱ হোৱা বুলি সঘনে যি সংবাদ প্রকাশ পাই আছে, সেয়াও সত্য নহয়৷ ইয়াৰ বিপৰীতে ৰাছিয়াই ইউক্রেইন যুদ্ধৰ মাজতে অত্যাধুনিক ক্ষেপণাস্ত্র আৰু টেংক নির্মাণ কৰি জেলেনস্কিৰ দেশলৈ কঢ়িয়াই আনিছে নতুন আতংক৷ স্বাভাৱিকতে ভিক্ট’ৰী ডে’ৰ পেৰেডত পুটিনে প্রদান কৰা বক্তব্যৰ পিছতে মৌন হৈছে পাশ্চাত্যৰ সংবাদ মাধ্যম৷ একপ্রকাৰ ইউৰোপ–আমেৰিকাক ৰাছিয়াবাসীৰ সন্মুখত পুটিনে যি যুদ্ধৰ ভাবুকি প্রদান কৰিলে সেয়াহে তাৎপর্যপূর্ণ৷ পুটিন আৰু ৰাছিয়া নিশকতীয়া হৈ অহা বুলি যি প্রচাৰ চলাই থকা হৈছিল, ভিক্ট’ৰী ডে’ৰ পেৰেডৰ জৰিয়তে তাক মিছা বুলি প্রমাণিত কৰি দিছে ৰাছিয়াই৷ এতিয়া মূল প্রশ্ণটো হৈছে, ৰাছিয়াক লৈ অপপ্রচাৰ চলাই পুটিনক অধিক যুদ্ধংদেহি কৰি তুলিলে সমগ্র পাশ্চাত্যৰ বাবেই সৃষ্টি হ’ব নেকি নতুন সংকট?

You might also like