নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ হাজাৰ টকাত অপৰাধী চক্রই বিক্রী কৰিছে ক’ভিডত অনাথ হোৱা শিশুক

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ক’ৰোনা মহামাৰীয়ে পণ্য সজাইছে এই সমাজক৷ মহামাৰীৰ বাবে নিস্তাৰ পোৱা নাই শিশুসকলেও৷ মুহূর্তৰ ভিতৰতে চৌদিশৰ পৰিস্থিতি সলনি হৈ গৈছে৷ বাস্তৱ কিমান সত্য সেয়া এতিয়া বুজিবলৈ সক্ষম হৈছে ক’ভিডত পিতৃ–মাতৃক হেৰুওৱা অনাথ শিশুসকলে৷ এই শিশুসকলে নিজেই গম নোপোৱাকৈ বিক্রী হৈছে অসাধু চক্রৰ দ্বাৰা৷ চিকিৎসা জার্নাল লেনছেটৰ প্রতিবেদন অনুসৰি ভাৰতত ২০২০ চনৰ এক মার্চৰ পৰা চলিত বছৰৰ ৩০ এপ্রিলৰ ভিতৰত বহু শিশুৱে ক’ভিডত পিতৃ–মাতৃক হেৰুৱাইছে৷

২৫ হাজাৰ শিশুৱে মাতৃক হেৰুওৱাৰ বিপৰীতে ক’ভিডত পিতৃহাৰা হৈছে ৯০ হাজাৰ ৭৫১টা শিশু৷ ৰাষ্ট্রীয় শিশু অধিকাৰ ৰক্ষা কমিটী (এনচিপিচিআৰ)ৰ তথ্য অনুসৰি ক’ভিডত পিতৃ–মাতৃক হেৰুৱাইছে ৩,৬২০টা শিশুৱে৷ এই ধৰণৰ শিশুসকলক লৈ ব্যৱসায় আৰম্ভ কৰিছে অপৰাধী চক্রই৷ কাশ্মীৰৰ গ্ল’বেল ৱেলফেয়াৰ চেৰিটেব্ল ট্রাষ্ট নামৰ সংগঠনটোৱে এনেদৰে শিশুৰ ব্যৱসায় আৰম্ভ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এই সংগঠনটোৰ মুৰব্বী আছাৰ আমিনে সাংবাদিকৰ আগত মুকলিকৈ কৈছে যে ৭৫ হাজাৰ টকাকৈ বিক্রী হৈছে ক’ভিডত অনাথ হোৱা শিশু৷ লক্ষণীয়ভাৱে নিজৰ ট্রাষ্টৰ বাবে ধন বিচাৰি এনেদৰে অনাথ শিশুক বিক্রী কৰা বুলি ইতিমধ্যে বিভিন্ন সংগঠনে অভিযোগ কৰিছে৷ ক’ভিডত অনাথ হোৱা শিশুক লৈ এই ব্যৱসায় আৰম্ভ হৈছে যদিও চৰকাৰে এনে ঘটনাক লৈ কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like