নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰৰ ৰাজহুৱা শ্মশানত উত্তপ্ত পৰিস্থিতি

জিলা প্রশাসনৰ নির্দেশনা উলংঘাৰে ক’ৰোনা আক্রান্তৰ অন্ত্যেষ্টিক্রিয়া

নিয়মীয়া বাৰ্তা ১৪ জুনঃ ক’ৰোনাত অক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ অন্তিম সৎকাৰ সন্দর্ভত ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰি থোৱাৰ পিছতো একাংশ লোকে তেনে নির্দেশনা উলংঘন কৰি অহা বুলি গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগী এজনৰ দুর্ভাগ্যজনকভাৱে মৃত্যু হ’লে চিকিৎসালয় কর্তৃপক্ষই পৰিয়াল লোকক মৃতদেহটো চমজাই দিয়ে আৰু পৰিয়ালৰ লোকে চৰকাৰী নির্দেশনা অনুযায়ী ক’ভিড প্রট’কল মতে অন্তিম সৎকাৰৰ ব্যৱস্থা কৰে৷ গুৱাহাটী মহানগৰীৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা ক’ৰোনাক্রান্ত লোকৰ মৃতদেহ পৰিয়ালৰ লোকে গুৱাহাটীৰ ভূতনাথ কিম্বা উলুবাৰী শ্মশানত অন্তিম সৎকাৰ কৰি আহিছে৷

কিন্তু ইয়াৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকি মৃত্যুমুখত পৰা ক’ৰোনাক্রান্ত লোক এজনক আজি স্থানীয় আৱাসিক এলেকাৰ ৰাজহুৱা শ্মশানত অন্তিম সৎকাৰ কৰা ঘটনা এটাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ধাৰাপুৰ অঞ্চলত৷ ধাৰাপুৰৰ খানামুখৰ ন–পাৰাৰ স্থায়ী বাসিন্দা মোহন লাল ৰায় (৭০) বিগত প্রায় এমাহ ধৰি ক’ৰোনাত অক্রান্ত হৈ গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে মহানগৰীৰ আয়ুৰসুন্দ্রা হাস্পতালত ভর্তি কৰায়৷ কিন্তু অতি দুর্ভাগ্যজনক যে চিকিৎসাধীন অৱস্থাতে মোহন লাল ৰায়ৰ শনিবাৰে নিশা পৰলোকপ্রাপ্তি ঘটে৷ পৰিয়ালৰ লোকে ক’ৰোনাক্রান্ত হৈ মৃত্যুমুখত পৰা মোহন লাল ৰায়ৰ মৃতদেহ নিজ গৃহলৈ আনি ধাৰাপুৰৰ ৰাজহুৱা শ্মশানত শ্মশান কমিটীৰ বাধাকো আওকাণ কৰি অন্তিম সৎকাৰ কৰে৷

জানিব পৰা মতে, ধাৰাপুৰ গাঁৱৰ গাঁওবুঢ়াগৰাকীকো এই সন্দর্ভত কোনোধৰণৰ খবৰ নিদিয়াৰ লগতে কমিটীৰ বাধাক নস্যাৎ কৰি মোহন লাল ৰায়ৰ মৃতদেহৰ অন্তিম সৎকাৰ কৰে পৰিয়ালৰ লোকে৷ পিছত শ্মশান কমিটীয়ে বিষয়টো সন্দর্ভত জানিব পাৰি পৰিয়ালৰ লোকৰ লগতে শ্মশানত উপস্থিত থকা লোকসকলক আৱাসিক এলেকাত থকা শ্মশানখনৰ সম্পূর্ণ চৌহদ ছেনিটাইজ কৰিবলৈ নির্দেশ দিয়ে৷ ধাৰাপুৰ অঞ্চলৰ ক’ৰোনাত অক্রান্ত হৈ ইতিমধ্যে অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা পাঁচজনকৈ পুৰুষ–মহিলাৰ মৃতদেহৰ অন্তিম সৎকাৰ কৰা হৈছে মহানগৰীৰ ভূতনাথ শ্মশানত৷ তেনেক্ষেত্রত ক’ৰোনাত অক্রান্ত হৈ মৃত্যুমুখত পৰা এগৰাকী অনা–অসমীয়া লোকৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে পৰিয়ালৰ লোকে ধাৰাপুৰৰ আৱাসিক এলেকাৰ শ্মশানত কেনেকৈ সুবিধা লাভ কৰিলে বুলি উত্থাপিত প্রশ্ণটোৱে ব্যাপক চর্চা লাভ কৰিছে বৃহত্তৰ ধাৰাপুৰ অঞ্চলত৷

You might also like