নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনৰ গৰম বতাহ

অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পাঁচ সমষ্টি ক্রমে গোসাঁইগাঁও–ভৱানীপুৰ্ বিধানসভা সমষ্টিৰ উপ–নির্বাচন৷ দেশৰ নির্বাচন আয়োগে এই পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত গৰম বতাহ বলিছে৷ শাসক–বিৰোধী উভয় পক্ষই তৎপৰ হৈ পৰিছে বিধানসভা সমষ্টিকেইটা দখল কৰিবলৈ৷ ইতিমধ্যে যোৱা ৮ অক্টোবৰত মনোনয়ন–পত্র দাখিল পর্বৰ অন্ত পৰিছে৷ সামগ্রিকভাৱে পাঁচটা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে সাজু হৈ মনোনয়ন–পত্র দাখিল কৰা প্রার্থীৰ সংখ্যা হ’ল ৩৯জন৷ পাঁচ বিধানসভা সমষ্টি দখলৰ প্রাৰম্ভিক যুঁজত বিজেপি নেতৃত্বাধীন শাসকীয় মিত্রজোঁটৰ তৎপৰতা বিৰোধীৰ তুলনাত যথেষ্ট বেছি পৰিলক্ষিত হৈছে৷ মনোনয়ন–পত্র দাখিলৰ অন্তিম দিনটোত স্বয়ং মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভৱানীপুৰ–মৰিয়নি– বিজেপি প্রার্থী তিনিজনক সংগ দি কার্যতঃ নির্বাচনী ৰণদুন্দুভি বজাইছে৷ সেইদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ শীর্ষ নেতাসকলেও সমষ্টিকেইটাত উপস্থিত থাকি অব্যাহত ৰাখিছে নির্বাচনী তৎপৰতা৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ভৱানীপুৰ–মৰিয়নি– প্রতিদ্বন্দ্বিতাৰ কথাই নাহে৷ উপ–নির্বাচন অনুষ্ঠিত হ’বলগীয়া আন দুটা সমষ্টি গোসাঁইগাঁও আৰু তামুলপুৰত প্রতিদ্বন্দ্বিতা আকর্ষণীয় হ’ব৷ এই দুয়োটা সমষ্টিতে মিত্রজোঁটৰ অন্যতম অংশীদাৰ ইউ পি পি এলে প্রার্থিত্ব প্রক্ষেপ কৰিছে৷ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটলৈ চাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উপ–নির্বাচনক লৈ কৰা উক্ত ৰাজনৈতিক ভৱিষ্যদ্বাণী বাস্তৱত পৰিণত হোৱাৰ সম্ভাৱনাই যথেষ্ট৷ কিয়নো বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰা ভৱানীপুৰ–মৰিয়নি– দলটোৰ তিনিও প্রার্থীয়েই বিগত বিধানসভা নির্বাচনত নির্বাচিত হৈছিল৷ দল সলনি তথা বিধায়ক পদ ত্যাগ কৰাৰ বাবেহে সমষ্টিকেইটাত উপ–নির্বাচন অনুষ্ঠিত হৈছে যদিও তেওঁলোককেই বিজেপিয়ে প্রার্থিত্ব প্রদান কৰিছে৷ যিটো বিজেপিৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ প্লাছ পইণ্ট৷ তদুপৰি বিগত ২০১৬ আৰু ২০২১ চনৰ নির্বাচনী ফলাফল পর্যালোচনা কৰিলেও এই বিধানসভা সমষ্টি তিনিটাৰ নির্বাচনী ফলাফল বিজেপিৰ পক্ষলৈ যোৱাৰেই সম্ভাৱনা প্রকট৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ক্রমাগতভাৱে দুটাকৈ কার্যকাল ৰাজ্যৰ ক্ষমতাত অধিষ্ঠিত হৈ আছে৷ এই কথাই স্বাভাৱিকতে অসমত এতিয়া যে বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী, সেই কথাই প্রতিপন্ন কৰে৷ সেইদৰে আন দুটা সমষ্টি গোসাঁইগাঁও আৰু তামুলপুৰতো মিত্রজোঁটৰ অংশীদাৰ ইউ পি পি এলে আধিপত্য প্রদর্শন কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷
উপ–নির্বাচনক লৈ চলা প্রাথমিক কুচকাৱাজত ঐক্যবদ্ধ বিৰোধীক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক চর্চা হোৱা পৰিলক্ষিত হৈছে৷ কিন্তু বাস্তৱত এই বিষয়টো চর্চাতে সীমাবদ্ধ থাকিল৷ বিৰোধী ঐক্যৰ বিপৰীতে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে থাওৰা সমষ্টিত নিজাববীয়াকৈ প্রার্থিত্ব প্রক্ষেপ কৰিছে৷ তদুপৰি বিগত বিধানসভা নির্বাচনত কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটো ভংগ হৈছে৷ মহাজোঁটৰ পৰা আঁতৰি গৈছে বি পি এফ–এ আই ইউ ডি এফ৷ থাওৰাত ৰাইজৰ দলে নিজাববীয়াকৈ প্রার্থী প্রক্ষেপ কৰাৰ লগে লগে বিজেপিবিৰোধী ভোট যে বিভাজন ঘটিব সেইটো নিশ্চিত৷ যাৰ সুফল লাভ কৰিব বিজেপিয়ে৷ অনুৰূপ ধৰণে বিগত বিধানসভা নির্বাচনত বি পি এফে দখল কৰা গোসাঁইগাঁও সমষ্টিত পূর্বৰ ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৰে এ আই ইউ ডি এফৰ তুমুল প্রতিদ্বন্দ্বিতা হৈছিল৷ বি টি আৰত পূর্বৰ দৰে বি পি এফৰ সাংগঠনিক স্থিতি এতিয়া শক্তিশালী হৈ থকা নাই৷ ইয়াৰ প্রমাণ বিগত বিটিচি নির্বাচন আৰু বিধানসভা নির্বাচন৷ বি পি এফৰ তুলনাত বি টি আৰত সম্প্রতি ইউ পি পি এলৰ সাংগঠনিক উত্থান ঘটিছে৷ ইয়াৰ মাজতে উপ–নির্বাচনৰ বাবে সমষ্টিটোত পূর্বৰ মহাজোঁটৰ অংশীদাৰ কংগ্রেছ–বি পি এফ–এ আই ইউ ডি এফে নিজাববীয়াকৈ প্রার্থিত্ব প্রক্ষেপ কৰিছে৷ ইয়াৰ ফলত ইউ পি পি এল বিৰোধী ভোটৰ বিভাজন ঘটাৰ পূৰামাত্রাই আশংকা আছে৷ উপ–নির্বাচন অনুষ্ঠিত হ’বলগীয়া আন এটা সমষ্টি তামুলপুৰক লৈ পর্যালোচনা কৰিলে দেখা যায় যে বিগত বিধানসভা নির্বাচনত ইউ পি পি এলৰ প্রার্থী প্রয়াত লেহোৰাম বড়োৱে ৩২,১৮৩টা ভোটৰ বৃহৎ ব্যৱধানত বি পি এফক পৰাজিত কৰিছিল৷ এইবাৰ উপ–নির্বাচনত বি পি এফে সমষ্টিটোত প্রার্থিত্ব প্রদান কৰা নাই৷ কংগ্রেছে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’লেও বি টি আৰত ৰাজ্যৰ প্রধান বিৰোধী দলটোৰ সাংগঠনিক স্থিতি তেনেই নিশকটীয়া৷ সেই দিশৰ পৰা তামুলপুৰৰ ফলাফল পূর্বানুমান কৰিব পাৰি৷ অৱশ্যে এই সকলো কথা অহা ২ নৱেম্বৰৰ ভোটগণনাত স্পষ্ট হ’ব যদিও পাঁচ সমষ্টিৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ হৈ ৰাজ্যবাসীৰ৷

You might also like