নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদীর্ঘ ১৩ ঘণ্টা অভিযান চলাই জীৱন্তে উদ্ধাৰ বন বিভাগৰ

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ মহানগৰীৰ লালুংগাঁৱৰ কটকীপাৰাৰ পিটনিত এটা বনৰীয়া হাতী আবদ্ধ হয়৷ পুৱতি নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীটো পিটনিত আবদ্ধ হোৱাৰ দৃশ্য প্রত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষী আৰু বন বিভাগৰ লোকক খবৰ দিয়ে৷ পিছত ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ প্রথমতে বনৰীয়া হাতীটো ৰচীৰে বান্ধি উদ্ধাৰ কৰাৰ চেষ্টা কৰে যদিও বিফল হয়৷ পৰৱর্তী সময়ত জেচিবিৰ সহায়ত সুদীর্ঘ ১৩ ঘণ্টাৰ অন্তত বন বভিাগৰ লোকে হাতীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কটকীপাৰাৰ পিটনিত আবদ্ধ হোৱা হাতীটো প্রত্যক্ষ কৰিবলৈ বহু লোকে ঘটনাস্থলীত ভিৰ কৰা পৰিলক্ষিত হয়৷

উল্লেখ্য যে বন বিভাগৰ লোকে উদ্ধাৰ কৰাৰ পিছতেই বনৰীয়া হাতীটোৱে অঞ্চলটোত মুক্ত বিচৰণ কৰাত আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়৷ হাতীটো উদ্ধাৰ কৰিবলৈ বন বিভাগৰ লোকে দেৱাল ভাঙি জেচিবি লৈ যোৱাৰ সময়তে হাতীটোৱে আৰক্ষীৰ বাহনত আক্রমণ কৰা বুলি জানিব পৰা গৈছে৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি পুৱতি নিশা প্রায় ৩ বজাত গড়ভঙা অঞ্চলৰ পৰা খাদ্যৰ সন্ধানত হাতীটো জনাঞ্চললৈ নামি আহিছিল৷ অৱশ্যে নিশাৰ ভাগত হাতীটোক বন বিভাগৰ লোকে কৌশলেৰে বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষয় হয়৷

You might also like