নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ সন্মুখত কঠিন প্রত্যাহ্বান

মুখ্যমন্ত্রী ৰূপে কার্যভাৰ হাতত লৈয়েই অসমবাসীৰ বহু প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হোৱা ড০ হিমন্ত বিশ্ব শর্মাৰ সন্মুখত অপ্রত্যাশিতভাৱে আহি পৰিছে এটা কঠিন প্রত্যাহ্বান৷ অপ্রত্যাশিত এইবাবেই যে লাইলাপুৰত পৰিস্থিতি ইমান ৰক্তাক্ত হৈ পৰিব আৰু অসম আৰক্ষীৰ জোৱানে প্রাণৰ আহুতি দি অসমৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰিব লাগিব, সেইটো কোনেও ভবা নাছিল৷ ৰাজ্য দুখনৰ সীমা সংকট পুৰণি৷ এটা পর্যায়ৰ ওপৰলৈ গৈ প্রতিৱেশী ৰাজ্যখনে তেনেদৰে উত্তেজনাৰ প্রকাশ ঘটাব বুলি ভবাৰ অৱকাশো নাছিল৷ মিজোৰাম চৰকাৰৰ এই আচৰণ চৰম দায়িত্বজ্ঞানহীন আৰু শত্রুসুলভ৷ অসমে তেনে আচৰণ কৰিব নোৱাৰে৷ যিয়ে যিমান সমালোচনা নকৰক কিয়, মুখ্যমন্ত্রী ড০ শর্মাৰ পৰা দেশবাসীয়ে দায়িত্বশীল আচৰণ বিচাৰিব৷ অসমে এই বাটেৰে গৈ নিজৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰাৰ লগতে সীমান্তত শ্বহীদ হোৱা জোৱানসকলৰ বলিদানক প্রাপ্য মর্যাদা দিব লাগিব৷ লাইলাপুৰত অসম আৰক্ষী তথা প্রশাসনিক বিষয়াৰ ওপৰত আক্রমণ কাণ্ডটোৰ আলম লৈ ৰাজ্য চৰকাৰখনক চাৰিও দিশৰ পৰা ঘেৰিবলৈ চেষ্টা চলিব৷ অৱশ্যে সকলো পক্ষ পক্ষপাতদুষ্ট নহয়৷ তাৰে মাজত প্রকৃতার্থত অসমৰ কুশল–মংগল কামনা কৰা লোক থাকিব৷ ছজন আৰক্ষী জোৱান আৰু এজন অসামৰিক লোকৰ মৃত্যুত তেওঁলোক সঁচাকৈ মর্মাহত৷ কিন্তু এনে এচামো থাকিব, যিয়ে ঘটনাটোৰ উষ্ণতাত ৰাজনৈতিক অন্ন ৰন্ধাৰ অপচেষ্টা চলাব৷ ইয়াক বুজিবলৈ বেছি দূৰলৈ যাব নালাগে৷ সন্মুখত উপ–নির্বাচন৷ অর্থাৎ চৰকাৰখনে ৰাজ্যৰ বাহিৰে–ভিতৰে যুদ্ধ কৰিব লাগিব৷ সীমান্ত ৰক্তাক্ত কৰা মিজোৰাম চৰকাৰে প্রতি মুহূর্ততে নিজকে নির্দোষী সজাই অপপ্রচাৰত নামিব৷ অসমক দোষী সজোৱাৰ বাবে সকলো ধৰণৰ চক্রান্ত, কূটনীতিৰ আশ্রয় ল’ব৷
মিজোৰাম চৰকাৰে ইতিমধ্যে অপপ্রচাৰ আৰু কৌশলী ভাবুকিৰ নীতি হাতত লৈছেই৷ চৰকাৰখনৰ তৰফৰ পৰা অসম আৰক্ষীয়ে প্রথমে গুলীচালনা কৰা বুলি অভিযোগ কৰা হৈছে৷ অর্থাৎ সমগ্র পৰিস্থিতিৰ বাবে অসম দায়ী বুলি দেশৰ অন্যান্য অংশত প্রতিষ্ঠা কৰিবলৈ প্রতিৱেশী ৰাজ্যৰ চৰকাৰখনে অভিযান আৰম্ভ কৰিছে৷ ৰণৰ সামান্যতম জ্ঞান থকা মাত্রেই জানে যে প্রথমে যিয়ে গুলীচালনা অথবা আক্রমণ কৰে, সেইটো পক্ষই আত্মৰক্ষাৰ সকলো ব্যৱস্থা প্রথমে ঠিক কৰি লয়৷ সেইদৰে দুকুৰিৰো অধিক জোৱান আহত আৰু ছজন জোৱান নিহত হ’ব পৰা পৰিস্থিতি এটাৰ মাজলৈ সোমাই যাব পৰাকৈ নিজকে অসুৰিক্ষত অৱস্থাত ৰাখি কোনেও প্রথমে আক্রমণ নকৰে৷ অসম আৰক্ষীৰ ক্ষেত্রত যিটো হৈছে, সেইটো মাথোঁ অপ্রস্তুত অৱস্থাত হঠাতে প্রতিপক্ষই আক্রমণ কৰিলে সম্ভৱপৰ হয়৷ গতিকে মিজোৰাম চৰকাৰৰ অভিযোগ যে তেনেই ভিত্তিহীন, সেয়া সাধাৰণ লোক এজনেও বুজিব পাৰিব৷ ইফালে, মিজো ছাত্র সন্থাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ পত্র লিখি প্রকাৰান্তৰে সশস্ত্র প্রতিৰোধৰ সকীয়নি দিছে৷ ৰাজ্যসভাৰ সদস্য এগৰাকীয়ে অসম আৰক্ষীক হত্যা কৰিব বুলি হুংকাৰ দিছে৷ এইবোৰৰ কাৰণ কি? যেতিয়াই যুক্তিৰ বাট বন্ধ হয়, মানুহে ভাবুকিৰ আশ্রয় লয়৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এনে প্রৰোচনামূলক অপচেষ্টাৰ বিপৰীতে যুক্তিৰ বাটেৰে গৈ অসমৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব৷ লগতে লক্ষ্য কৰিব লাগিব যে মিজোৰাম সীমান্তৰ অপ্রীতিকৰ পৰিস্থিতিৰ সুযোগ যাতে আন ৰাজ্যৰ কোনো অশুভ শক্তিয়ে ল’ব নোৱাৰে৷ অসম চৰকাৰক শ’লঠেকত পেলোৱাৰ অপচেষ্টা চলিবই পাৰে৷ আনহাতে, ভাৰত–পাকিস্তানৰ বিবাদৰ সময়ত যেনেকৈ ভাৰতৰ বিৰোধী ৰাজনৈতিক দল একাংশই নতুন দিল্লীক সমালোচনা কৰিবলৈ গৈ পাকিস্তানে কোৱা কথাবোৰ আওৰায়, তেনেদৰে দিছপুৰক সমালোচনা কৰাৰ নামত কোনো কোনোৱে মিজেৰামৰ সহায়ক হোৱাকৈ অসমত পানী ঘোলা কৰিব পাৰে৷ গতিকে, সকলো দিশ চালি–জাৰি চাই মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ স্বার্থ বিঘ্ণিত নোহোৱাকৈ সমস্যাটো সমাধান কৰিব পাৰিলে ৰাজ্যবাসীৰ মংগল৷ চৰকাৰখন ক্ষমতালৈ অহাৰ তিনি মাহো সম্পূর্ণ হোৱা নাই৷ এই অৱস্থাত সহায় আৰু সহযোগিতাৰ হাত আগবঢ়াই ৰাজ্য চৰকাৰক অনুপ্রাণিত কৰাটো সময়ৰ দাবী৷

You might also like