নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–পৰৱর্তী যুগৰ প্রথম গ্রন্থ–উৎসৱ

প্রায় এটা বছৰ আগেয়ে চীন দেশত ন’ভেল ক’ৰোনা ভাইৰাছৰ উদ্ভৱ হোৱাৰ পাছৰে পৰা গোটেই পৃথিৱীতে এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ বিশ্বৰ সবাতোকৈ শক্তিশালী দেশ মার্কিন যুক্তৰাষ্ট্রত আজিৰ দিনটোতো ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ সংখ্যাই নিত্য–নতুন অভিলেখ গঢ়িয়েই আছে৷ সেই দেশখনত ক’ভিড–প্রতিষেধক প্রদানৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে৷ এই প্রতিষেধক গ্রহণ কৰা মোৰ পৰিচিত প্রথম ব্যক্তিদ্বয় হৈছে নিউয়র্ক ৰাজ্যৰ বাফেল’ নিৱাসী ডাঃ জয়ন্ত চৌধুৰী আৰু ডাঃ অনিতা বৰুৱা চৌধুৰী৷ যোৱা বৰদিনৰ আগে আগে চৌধুৰী দম্পতীয়ে ফাইজাৰ ঔষধ প্রতিষ্ঠানৰ দ্বাৰা প্রস্তুত প্রতিষেধকৰ প্রথমটো বেজী লয় বুলি মই জানিব পাৰিছোঁ৷ বেজীটো লোৱাৰ পাছত অনিতাৰ দুদিনমান সামান্য জ্বৰ উঠিছিল যদিও জয়ন্তৰ দেহত একো পার্শ্বক্রিয়াই দেখা দিয়া নাছিল৷ অৱশ্যে মার্কিন নাগৰিকত্ব গ্রহণ কৰা গুৱাহাটীৰ এই চিকিৎসক দম্পতীয়ে ক’ভিড প্রতিষেধকৰ দ্বিতীয়টো বেজী (একৈছ দিনৰ ব্যৱধানত) ল’বলৈ এতিয়াও বাকী৷ সি যি নহওক, মোৰ সমনীয়া ডাঃ জয়ন্ত চৌধুৰী আৰু তেওঁৰ পত্নী ডাঃ অনিতাই এই প্রতিষেধক গ্রহণ কৰাৰ কথা শুনি ক’ভিড–বিৰোধী বিশ্বব্যাপী যুঁজখনে এক নির্ণায়ক পর্যায়ত প্রৱেশ কৰা বুলি ধাৰণা জন্মিছে৷
এইখিনিতে বিশেষভৱে মন কৰিবলগীয়া যে আমাৰ দেশ ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রকে ধৰি বহুসংখ্যক পছিমীয়া উন্নত দেশৰ মাজত ক’ভিডজনিত পৰিস্থিতিৰ পার্থক্য আছে৷ পাৰ হৈ যোৱা বছৰটোৰ ছেপ্ঢেম্বৰ মাহ পর্যন্ত ভাৰতত ক’ভিড–১৯ অপ্রতিৰোধ্য অৱস্থাত আছিল৷ ২০২০ চনৰ ১৭ ছেপ্ঢেম্বৰৰ দিনটোত ভাৰতত অভিলেখসংখ্যক সাতান্নবৈ হাজাৰ লোক এই ৰোগত আক্রান্ত হৈছিল আৰু তাৰ পাছৰ পৰাই ক্রমশঃ ৰোগীৰ সংখ্যা হ্রাস পাই এই নিবন্ধ যুগুতাবৰ পৰত এদিনত আক্রান্ত ৰোগীৰ সংখ্যা ওঠৰৰ পৰা কুৰি হাজাৰলৈ নামিছে৷ ক’ভিড–আক্রান্তৰ সংখ্যাত ঘটা এই অৱনমন আমাৰ দেশখনৰ পক্ষে নিঃসন্দেহে আশাব্যঞ্জক কথা৷ অনেকে ক’ব খোজে যে ভাৰতত ইতিমধ্যে বহুবাঞ্ছিতHerd immunity–এ গঢ় লৈ উঠিছে৷ যদি এই অনুমান সত্য হয়, তেনেহ’লে বিশ্বৰ দ্বিতীয় জনবহুল দেশখনৰ বাবে সেয়া হ’ব প্রকৃতিৰ এক বিৰল আশীর্বাদস্বৰূপ৷ এই ইতিবাচক ধাৰা অব্যাহত থাকিলে অহা দুমাহৰ ভিতৰত ভাৰতত ক’ভিড ৰোগাক্রান্তৰ সংখ্যা নগণ্য হৈ পৰাৰ আশা আছে৷ তেনে এক সম্ভাব্য পৰিস্থিতিত আমাৰ দেশত গণ–প্রতিষেধক কার্যসূচী ৰূপায়ণৰ প্রয়োজন হ’ব নে নহয়, সেই কথা বিষয়টোৰ বিশেষজ্ঞসকলেহে নিশ্চিত কৰিব পাৰিব৷ কিন্তু এই ক’ভিড–বিৰোধী ৰণখনত আমাৰ কর্তৃপক্ষসমূহে আৰম্ভণিৰে পৰা যি নির্ণায়ক স্থিতি গ্রহণ কৰি আহিছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ বিগত বছৰটোৰ সোতৰ ছেপ্ঢেম্বৰ পর্যন্ত– যি সময়ছোৱাত ক’ভিডৰ বিভীষিকাই তুংগী ৰূপ ধাৰণ কৰিছিল– সেই সময়ত চৰকাৰক (বিশেষকৈ কেন্দ্রৰ) বিৰোধী শিবিৰৰ লোকসকলে হকে–বিহকে কটু সমালোচনা কৰা পৰিলক্ষিত হৈছিল৷ পিছে শেহতীয়াকৈ এই ৰণখনত জয়লাভৰ আশা উজলি উঠাৰ পৰত তাৰ কৃতিত্বৰ ভাগ চৰকাৰক দিবলৈ অনীহা প্রকাশ কৰাটো পক্ষপাতিত্বৰে নামান্তৰ নহয় জানো?
ওপৰৰ আলোচনাৰ অর্থ এইটো নহয় যে আমাৰ দেশখনত ক’ভিড–১৯ আতংকৰ সম্পূর্ণৰূপে অৱসান ঘটিছে৷ এই মুহূর্তত ইয়াকে ক’ব পাৰি যে পৰিস্থিতি বহু পৰিমাণে নিয়ন্ত্রণলৈ আহিছে৷ ভয়ংকৰ ৰোগটোৰ সৈতে সহাৱস্থানৰ নীতি প্রায় সকলো দেশেই কম–বেছি পৰিমাণে অনুসৰণ কৰিছে৷ এই মহামাৰীৰ মাজতে একাধিক দেশ তথা ৰাজ্যত নির্বাচন অনুষ্ঠিত হৈছে৷ উৎসৱ–পৰবৰতো কথাই নাই৷ মুঠৰ ওপৰত ৰোগটোৱে বিস্তৃতি লাভ কৰাৰ প্রথম পর্যায়ত ইয়াৰ দ্বাৰা জনসাধাৰণ যি মাত্রাত আতংকিত হোৱা দেখা গৈছিল, সেই আতংক ইতিমধ্যে বহু পৰিমাণে দূৰ হোৱা দেখা গৈছে৷ মহামাৰীটোৰ ফলত দেশখনৰ অর্থনৈতিক মেৰুদণ্ড ভাগি পৰাৰ আশংকাও আঁতৰি গৈছে৷ বৰঞ্চ বিভিন্ন কাৰকৰ প্রভাৱত দেশখনৰ অর্থনীতিলৈ এক ইতিবাচক পৰিৱর্তন অহাৰহে ইংগিত পোৱা গৈছে৷ দুর্যোগপূর্ণ বছৰটোত ভাৰতৰ বৈদেশিক মুদ্রাৰ সঞ্চিত পৰিমাণে পূর্বৰ সকলো অভিলেখ কৰাৰ সংবাদ নিঃসন্দেহে অতিশয় তাৎপর্যপূর্ণ৷ একেই সময়ছোৱাৰ ভিতৰত অভিলেখ পৰিমাণৰ জি–এছ–টি সংগৃহীত হোৱাৰ কথাই ইয়াকে সূচায় যে ক’ভিড মহামাৰীৰ সংক্রমণে দেশখনৰ অর্থনৈতিক সক্রিয়তা বিপর্যস্ত কৰি তুলিব বুলি প্রথম অৱস্থাত যি আশংকাৰ উদ্ভৱ হৈছিল, এতিয়ালৈ তাৰ নিৰসন হৈছে৷ একমাত্র দেশ–বিদেশৰ শিক্ষা ব্যৱস্থাতহে ক’ভিড–আতংকৰ অৱশেষ ৰৈ যোৱা দেখা গৈছে৷ অহা মাহদিয়েকৰ ভিতৰত আমাৰ শিক্ষানুষ্ঠানসমূহলৈ পূর্বৰ স্বাভাৱিক অৱস্থা উভতি আহিব বুলি আমি আশাবাদী৷
এতিয়া যদি অসমৰ প্রেক্ষাপটত মূল বিষয়টোত দৃষ্টিপাত কৰা হয়, তেনেহ’লে এটা কথা প্রতীয়মান হ’ব যে ৰাজ্যবাসীৰ মনৰ পৰা ক’ভিড–আতংক ইতিমধ্যে নবৈ শতাংশৰো অধিক দূৰীভূত হৈছে৷ অৱশ্যে উক্ত পৰিঘটনাটোৰ ইতিবাচক আৰু নেতিবাচক– এই দুয়োটা দিশকে আমি সমান গুৰুত্ব সহকাৰে ল’ব লাগিব৷ ক’ভিডৰ বিভীষিকা সমূলি নাইকিয়া হ’ল বুলি যদি ৰাজ্যবাসী আত্মসন্তুষ্টিত উত্রাৱল হৈ উঠে, তাৰ বিষম পৰিণতিও সমাজখনে ভোগ কৰিবলগীয়া হ’ব পাৰে৷ কিন্তু আমাৰ ৰাজ্যখনৰ পৰা মহমাৰীটোৰ গণ–সংক্রমণৰ আশংকা যে প্রায় নোহোৱা হৈছে, তাৰ বহুকেইটা চাক্ষুষ প্রমাণ আমাৰ সন্মুখত আছে৷ ইবিলাকৰ ভিতৰত সবাতোকৈ উল্লেখযোগ্য প্রমাণটোৱেই হৈছে সদ্যসমাপ্ত ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা৷ এই মেলাখন দুবছৰৰ ব্যৱধানত অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তটোৰ মাজতে বহু প্রশ্ণৰ উত্তৰ লুকাই আছিল৷ ৰাজ্যখনৰ সামগ্রিক পৰিস্থিতি যে স্বাভাৱিক হোৱাৰ দিশে ক্রমাগতভাৱে অগ্রসৰ হৈছে, তাৰেই সাক্ষ্য দাঙি ধৰিলে কালি সামৰণি পৰা গ্রন্থমেলাখনে৷ এই গ্রন্থমেলাখনক কেন্দ্র কৰি মহানগৰবাসী তথা বহল অর্থত ৰাজ্যবাসীৰ মাজত যি উৎসাহ–উদ্দীপনা দৃষ্টিগোচৰ হ’ল, সেয়া যথার্থতে আমাৰ বাবে আছিল আশাতীত৷ প্রথম অৱস্থাত অনেকেই আশংকা প্রকাশ কৰিছিল যে গুৱাহাটী গ্রন্থমেলাখনে এক অনাকাংক্ষিত পৰিস্থিতিৰ জন্ম দিব পাৰে৷ কোনোৱে আকৌ মন্তব্য দিছিল এইবুলি– ৰাজ্য চৰকাৰে এই মেলাখন পাতিবলৈ দি এটা ডাঙৰ ‘ৰিস্ক্’ লৈছে৷ কিন্তু অৱশেষত তেনেবিলাক আশংকা অমূলক আছিল বুলিয়েই প্রমাণ কৰি ত্রয়স্ত্রিংশতিতম গুৱাহাটী গ্রন্থমেলাৰ সফল সামৰণি পৰিল৷ গ্রন্থমেলাখনৰ এটা গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশ লৈ অসমৰ মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামীয়ে সাত জানুৱাৰীৰ দিনা এটা কথালৈ যুক্তিপূর্ণভাৱে আঙুলিয়াই দিয়ে যে ক’ভিড–পৰৱর্তী কালছোৱাত সমগ্র বিশ্বৰ ভিতৰতে গুৱাহাটীৰ খনেই প্রথম গ্রন্থমেলা৷ বর্তমান সময়ত ইউৰোপ মহাদেশৰ বহুসংখ্যক দেশ ক’ভিডৰ দ্বিতীয়/তৃতীয় লহৰত আক্রান্ত হৈ পৰিছে৷ তেনে পৰিস্থিতিত জার্মানীৰ ফ্রেংকফুর্টত এইবাৰ বিশ্ব গ্রন্থমেলা অনুষ্ঠিত হোৱাৰ প্রশ্ণই নুঠে৷ আনকি আমাৰ দেশৰ ভিতৰত প্রসিদ্ধ কলকাতা গ্রন্থমেলাও এই বছৰ অনুষ্ঠিত নহয়৷ এই সকলো দিশ বিবেচনা কৰি এই মন্তব্য কৰিব পাৰি যে সদ্যসমাপ্ত গুৱাহাটী গ্রন্থমেলাই এক ইতিহাস ৰচনা কৰিলে৷
অসম প্রকাশন পৰিষদৰ দ্বাৰা আয়োজিত ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলাখনৰ লগত ইয়াৰ লাইখুঁটা স্থাপনৰ পৰা সামৰণী অনুষ্ঠানটোলৈকে মই জড়িত হৈ আছিলোঁ৷ মেলাখনত জনসমাগম আছিল অভূতপূর্ব৷ বিশেষকৈ নতুন বছৰৰ প্রথম দেওবাৰৰ দিনটোত মেলাথলীত বিৰ দি বাট নোপোৱা অৱস্থা এটাৰ উদ্ভৱ হোৱা দেখা পাইছিলোঁ৷ কিন্তু ইয়েই মেলাখনৰ একমাত্র উল্লেখযোগ্য দিশ নাছিল৷ বাৰ দিনীয়া গ্রন্থমেলাখনৰ প্রত্যেক দিনাই উন্মোচিত হৈছিল ভালেমান কিতাপ৷ মেলাৰ উদ্বোধনী অনুষ্ঠানতে প্রকাশন পৰিষদে নিজাকৈ প্রকাশ কৰা বাৰখন মূল্যৱান গ্রন্থ বিশিষ্ট অতিথিসকলে উন্মোচন কৰে৷ উক্ত অনুষ্ঠানৰ বিশিষ্ট অতিথিসকল আছিল– মুখ্যমন্ত্রীৰ প্রেছ উপদেষ্টা হূষীকেশ গোস্বামী, বিশিষ্ট বাঙালী লেখক তথাগত ৰায়, স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচি আৰু ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ সচিব দীপক মজুমদাৰ৷ গ্রন্থমেলাৰ আটাইকেইদিন সন্ধিয়া অনুষ্ঠিত হৈছিল বর্ণাঢ়্য সাংস্কৃতিক কার্যক্রম৷ অনুষ্ঠানত ভাগ ল’বলৈ ধৰমশালাৰ (হিমাচল প্রদেশ) পৰা আহিছিল এটি চল্লিছজনীয়া তিব্বতী লোকশিল্পীৰ দল৷ বাংলাদেশ উচ্চায়োগৰ পক্ষৰ পৰাও গ্রন্থমেলাত এটা বিপণী মুকলি কৰা হৈছিল৷ মুঠৰ ওপৰত গ্রন্থমেলাস্থলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল৷ কিন্তু সেয়ে মেলাখনৰ সাফল্যৰ একমাত্র দিশ নাছিল৷ মেলাথলীত সাংস্কৃতিক আৰু বৌদ্ধিক বিষয়ৰ চিন্তা–চর্চাও অনুভৱসাধ্য হৈ উঠিছিল৷
যোৱা পাঁচ জানুৱাৰীৰ দিনটো প্রবাদপ্রতিম ভাষাতত্ত্ববিদ্ গোলোকচন্দ্র গোস্বামীদেৱৰ সোঁৱৰণত ‘ভাষা–বৈভৱ’ নামকৰণেৰে এক মনোজ্ঞ চিন্তাসত্রৰ আয়োজন কৰা হৈছিল৷ দুটা শাখাত বিভক্ত চিন্তাসত্রখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল কুমাৰ ভাস্কৰ বর্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ দীপক কুমাৰ শর্মাই৷ ইয়াৰে প্রথম অধিৱেশনখন সঞ্চালনা কৰিছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ‘ভাষা–প্রযুক্তিবিদ্’ ড০ উৎপল শর্মাই৷ অধিৱেশনখনিৰ বিশিষ্ট আলোচক তিনিগৰাকী আছিল ড০ ভাস্কৰজ্যোতি শর্মা, গুণদীপ চেতিয়া আৰু ড০ লক্ষী হাজৰিকা৷ চিন্তাসত্রৰ দ্বিতীয় অধিৱেশনখনিত বিশিষ্ট আলোকত্রয় ড০ দীপ্তি ফুকন পাটগিৰি, ড০ উপেন ৰাভা হাকাচাম আৰু ড০ দিলীপ ৰাজবংশীয়ে ভাগ লৈছিল৷ এই নিবন্ধকাৰ উক্ত অধিৱেশনৰ সঞ্চালকৰ আসনত আছিল৷ মোৰ বিবেচনাৰে সদ্যসমাপ্ত গুৱাহাটী গ্রন্থমেলাৰ উল্লিখিত ভাষা–বৈভৱ অনুষ্ঠানটো অসমীয়া ভাষাৰ ইতিহাসত ভৱিষ্যতে এক স্মৰণীয় ঘটনা হিচাপে পৰিগণিত হ’ব৷ কিয়নো উক্ত অনুষ্ঠানতে অসমীয়া ভাষাতত্ত্ববিদ্ আৰু ভাষা–প্রযুক্তিবিদ্ কেইবাগৰাকীৰো মণিকাঞ্চন সংযোগ ঘটিছিল৷ এই প্রসংগতে উল্লেখযোগ্য যে সাম্প্রতিক কালৰ প্রতিটো ভাষাৰে বিকাশ বহুলাংশে প্রযুক্তি–নির্ভৰ হৈ উঠিছে৷ এই কথাৰ প্রতি দৃষ্টি ৰাখি অসম প্রকাশন পৰিষদে অসমীয়া ভাষাবিদ্ আৰু ভাষা–প্রযুক্তিবিদ্সক মাজত প্রয়োজনীয় যোগসূত্র স্থাপনৰ দিশে অগ্রসৰ হৈছে৷

You might also like