নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰমাণু অস্ত্র নির্মাণ কিয়?

ৰাষ্ট্রসংঘই পৰমাণু যুদ্ধক কেতিয়াও সমর্থন নকৰে যদিও বিশ্বত পৰমাণু যুদ্ধৰ শংকা প্রায়ে ঘনীভূত হৈ থাকে৷ পৰমাণু অস্ত্র থকা দেশৰ সৈতে আন দেশৰ সংঘাত হোৱাৰ লগে লগে পৰমাণু অস্ত্র প্রয়োগৰ চর্চা আৰম্ভ হয়৷ ইৰান আৰু ইজৰাইলৰ মাজত হোৱা প্রত্যক্ষ সংঘাতত পৰমাণু অস্ত্র ব্যৱহাৰৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ লক্ষণীয় যে বিশ্বৰ দেশসমূহেও যুদ্ধত পৰমাণু অস্ত্র প্রয়োগৰ বিৰোধিতা কৰে৷ তথাপি আধুনিক বিশ্বৰ দেশসমূহে নিজৰ আধিপত্য বিস্তাৰৰ বাবেই পৰমাণু যুদ্ধৰ আশংকা চলিয়েই আছে৷ ২০২১ চনত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রধান স্থায়ী সদস্য আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, চীন, ইংলেণ্ড আৰু ফ্রান্সে পৰমাণু যুদ্ধৰ বিৰোধিতা কৰি যুদ্ধত পৰমাণু অস্ত্র ব্যৱহাৰ নকৰাৰ সহমতত উপনীত হয়৷ ইৰান আৰু ইজৰাইলৰ মাজত প্রত্যক্ষ সংঘাতৰ পূর্বে ২০২২ চনৰ ২৪ ফেব্রুৱাৰীত ইউক্রেইনৰ ওপৰত ৰাছিয়াই সামৰিক অভিযান অর্থাৎ যুদ্ধ আৰম্ভ কৰাৰ পিছতেই পৰমাণু যুদ্ধৰ প্রাসংগিকতা চর্চাৰ মাজলৈ আহে৷ পৰৱর্তী সময়ত গাজাত ইজৰাইলৰ আক্রমণ চলি থকাৰ সময়তো পৰমাণু অস্ত্রৰ ব্যৱহাৰৰ প্রসংগ উচ্চাৰিত হৈ আছে৷ তাৎপর্যপূর্ণ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন সন্মিলিত বাহিনীয়ে পৰমাণু বোমা পেলাই যি নৰসংহাৰ চলাইছিল, তাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি মানৱ জাতিৰ কল্যাণৰ বাবে পৰমাণু বোমা কেতিয়াও কোনো দেশে কাৰো ওপৰত নিক্ষেপ কৰাৰ পৰা নিজকে আঁতৰাই ৰখাৰ অংগীকাৰবদ্ধ হয়৷ হিৰোছিমা আৰু নাগাছাকিয়ে পৰমাণু বোমাৰ ভয়াৱহতাক যুগ যুগ ধৰি শিহৰিত কৰি আহিছে৷
পৰমাণু অস্ত্র ব্যৱহাৰ নকৰাৰ অংগীকাৰবদ্ধ হৈও কিয় বিশ্বৰ দেশসমূহে দ্রুতগতিত বিশ্বৰ দেশে দেশে পৰমাণু অস্ত্র নির্মাণ কৰি আছে৷ ‘দ্য গার্ডিয়ান’ত প্রকাশ পোৱা তথ্য মতে, বিশ্বত মজুত থকা ১২,৫১২টা পৰমাণু অস্ত্রৰ ভিতৰত ৯,৫৭৬টা ব্যৱহাৰৰ উপযুক্ত৷ যিকোনো মুহূর্ততে এই অস্ত্রসমূহ সামৰিক বাহিনীয়ে প্রয়োগ কৰিব পৰা অৱস্থাত সাজু হৈ আছে৷ ‘দ্য ষ্টকহ’ম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইন ইনষ্টিটিউট’ চমুকৈ এছআইপিআৰআইৰ তথ্য মতে বিশ্বত মজুত হৈ থকা ১২ হাজাৰৰো অধিক পৰমাণু অস্ত্রৰ ভিতৰত ৩,৮৪৪টা অস্ত্র মিছাইল কিম্বা বিমানৰ জৰিয়তে নিক্ষেপ কৰিব পাৰি৷ এই অস্ত্রৰ ভিতৰত ৮৬টা একেবাৰে নতুন৷ সাম্প্রতিক সময়ত উন্নত প্রযুক্তি ব্যৱহাৰ কৰি এই ৮৬টা নতুন পৰমাণু অস্ত্র নির্মাণ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ৮৬টা নতুন পৰমাণু অস্ত্রৰ ভিতৰত চীনৰ হাতত মজুত আছে ৬০টা৷ অর্থাৎ নতুন পাৰমাণৱিক অস্ত্রৰ ভিতৰত সবাতোকৈ শক্তিশালী হিচাপে চীনে নিজৰ স্থান দখল কৰিছে৷ নতুন অস্ত্রৰ ভিতৰত ৰাছিয়াৰ হাতত ১২টা, পাকিস্তানৰ হাতত ৫টা, উত্তৰ কোৰিয়াৰ হাতত ৫টা আৰু ভাৰতৰ চাৰিটা আছে৷ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰিসংখ্যা অনুসৰি বিশ্বৰ পৰমাণু অস্ত্র অধিক থকা দেশৰ ভিতৰত ৰাছিয়া শীর্ষত আছে৷ ৰাছিয়াৰ পৰমাণু অস্ত্রৰ ভাণ্ডাৰ সবাতোকৈ বেছি৷ দেশখনত মজুত আছে ৪,৪৮৯টা যুদ্ধত ব্যৱহাৰ কৰিব পৰা পৰমাণু অস্ত্র৷ ৰাছিয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ আছে ৩,৭০৮টা পৰমাণু অস্ত্র৷ তথ্য মতে বিশ্বৰ পৰমাণু অস্ত্র ভাণ্ডাৰৰ ৯০ শতাংশই আছে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত৷ বিশ্বৰ তৃতীয় বৃহত্তম পৰমাণু অস্ত্র শক্তিধৰ দেশ হৈছে চীন৷ চীনৰ হাতত মজুত আছে ৪১০টা পৰমাণু অস্ত্র৷ ফ্রান্স আৰু গ্রেট ব্রিটেইনৰ হাতত আছে ক্রমে ২৯০ আৰু ২৬০টা পৰমাণু অস্ত্র৷ বিশ্বৰ ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি দেশসমূহৰ মাজত থকা অস্ত্রৰ ভাণ্ডাৰ প্রত্যেকখন দেশেই গোপন কৰি ৰাখিছে৷ অর্থাৎ বিশ্বৰ দেশসমূহৰ মাজত থকা পৰমাণু অস্ত্রৰ সংখ্যা বৃদ্ধি হ’ব পাৰে৷ ইপিনে, দুই চিৰবৈৰী ৰাষ্ট্র ভাৰত–পাকিস্তানৰ মাজত সামৰিক শক্তি বৃদ্ধিৰ প্রতিদ্বন্দ্বিতা হৈ থকাৰ বাবে পৰমাণু অস্ত্র বৃদ্ধিৰ প্রতিও গুৰুত্ব দিয়া হৈছে৷ পাকিস্তানৰ হাতত ১৭০টা পৰমাণু অস্ত্র আছে৷ আনহাতে, ভাৰতৰ হাতত আছে ১৬৪টা৷ তাৎপর্যপূর্ণভাৱে ভাৰতৰ তুলনাত পাকিস্তানৰ পৰমাণু অস্ত্র বেছি৷ বিশ্বৰ পৰমাণু অস্ত্র থকা দেশৰ তালিকাত ভাৰতৰ স্থান সপ্তম৷ ইজৰাইলৰ হাতত ৯০টা আৰু উত্তৰ কোৰিয়াৰ হাতত ৩০টা পৰমাণু অস্ত্র আছে৷ এছআইপিআৰআয়ে প্রকাশ কৰা মতে, সংশ্লিষ্ট দেশসমূহৰ তথ্যৰ আধাৰত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ প্রকাশ কৰা হৈছে যদিও এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ আনহাতে, ২০৩৫ চনৰ ভিতৰত চীনে অস্ত্র ভাণ্ডাৰ বৃদ্ধি কৰি ১,৫০০লৈ বৃদ্ধি কৰিব৷ চীনে দেশখনৰ ভূগর্ভত পৰমাণু অস্ত্র নির্মাণ কৰা আৰম্ভ কৰিছে৷ বিশ্বৰ দেশসমূহৰ মাজত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ প্রৱণতা বিশ্বৰ মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়৷ কিয়নো মানৱ জাতিয়ে কেতিয়াও নিবিচাৰে পৰমাণু অস্ত্রৰে জাপানৰ হিৰোছিমা, নাগাছাকিৰ দৰে ধ্বংসলীলা৷ বিশ্ব শান্তিৰ বাবে দেশসমূহে পৰমাণু অস্ত্র নির্মাণৰ পৰা আঁতৰি অহা উচিত৷

You might also like