সম্পাদকীয় : অশান্ত বাংলাদেশ
পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ৷ নির্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছতেই ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাডিক ৰাজহুৱা স্থানত গুলীয়াই হত্যা কৰাৰ পিছতেই দেশখন পুনৰ অশান্ত হৈ পৰে৷ এই হত্যাকাণ্ডৰ পিছতেই সম্ভাব্য প্রার্থী, ৰাজনৈতিক নেতা আৰু জুলাইৰ আন্দোলনৰ কর্মীসকল নিজৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে৷ সেয়ে ভাৰতত থকা প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বাংলাদেশবিৰোধী কার্যকলাপ শীঘ্রে বন্ধ কৰিবলৈ আহ্বান জনাইছে ঢাকাহ৷ ঢাকাই সন্দেহ কৰিছে যে শ্বেখ হাছিনাই এই দেশবিৰোধী কার্যকলাপ চলাইছে৷ তেওঁলোকে দাবী জনাইছে যে ওছমান বিন হাডিৰ হত্যাৰে জড়িত সন্দেহযুক্ত লোকসকলে ইতিমধ্যে ভাৰতত প্রৱেশ কৰিছে৷ আনহাতে, বাংলাদেশৰ এই দাবী ভাৰতে কঠোৰভাৱে নাকচ কৰিছে৷ এই অভিযোগবোৰৰ মাজতেই বাংলাদেশত হিংসাৰ জুই বিয়পি পৰিছে৷ এই হিংসাৰ পৰা ৰক্ষা নপৰিল সাংবাদিকসকলো৷ যোৱা ১৮ ডিচেম্বৰত বাংলাদেশৰ দুখন কাকত– প্রথম আলো আৰু দ্য ডেইলী ষ্টাৰৰ কার্যালয় ভাঙি জুই লগাই দিয়ে৷ বহু সাংবাদিক ভিতৰতেই আবদ্ধ হৈ পৰে৷ পিছত জুই নিয়ন্ত্রণ কৰি কার্যালয় দুটাত আবদ্ধ হৈ থকা সাংবাদিকসকলক সুস্থ অৱস্থাত উদ্ধাৰ কৰে৷ উদ্ধাৰৰ পিছত সাংবাদিকসকলৰ একাংশই আৰক্ষীৰ নিষ্ক্রিয়তাৰ কথা উত্থাপন কৰে৷ শুকুৰবাৰে কাকত দুখনৰ ছপা সংস্কৰণ আৰু ডিজিটেলৰ কামো স্থগিত ৰখা হয়৷ খুলনাত আন্দোলনকাৰীয়ে গুলীয়াই হত্যা কৰিলে এজন সাংবাদিকক৷ মুঠতে বাংলাদেশৰ বহু ঠাইত এতিয়া শ্বেখ হাছিনা–ভাৰতবিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি ৰাখিছে প্রতিবাদকাৰীয়ে৷ ভাৰতীয় দূতাৱাসলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগো উত্থাপন হৈছে৷ বহু যুৱক–যুৱতীয়ে দূতাৱাসৰ সন্মুখত বহি প্রতিবাদ কৰিছে৷ দেশখনৰ আইন–শৃংখলা পৰিস্থিতিৰ দ্রুত অৱনতিৰ বাবে মহম্মদ ইউনুছ চিন্তিত হৈছে৷ মহম্মদ ইউনুছ চিন্তিত হ’লেও দেশৰ এই পৰিস্থিতিৰ বাবে তেওঁকো সন্দেহৰ চকুৰে চাইছে ৰাজনৈতিক মহলে৷ বহুতে সন্দেহ প্রকাশ কৰিছে যে নির্বাচনৰ পৰা হাত সাৰিবলৈ বাংলাদেশৰ এই পৰিৱেশ সৃষ্টি কৰিছে ইউনুছে৷ নির্বাচনৰ প্রতি আগ্রহী নাছিল ইউনুছ৷ ক্ষমতাৰ সোৱাদ উপভোগ কৰিবলৈ নির্বাচন বিচৰা নাছিল যদিও অন্য ৰাজনৈতিক দলৰ হেঁচাত পৰি তেওঁ নির্বাচন অনুষ্ঠিত কৰিবলৈ মান্তি হৈছিল৷ কিন্তু এতিয়া ইউনুছ প্রশাসনৰ নিষ্ক্রিয়তাৰ বাবে দেশখনত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু নির্বাচন অনির্দিষ্ট কাললৈ পিছুৱাই দিয়াৰ গভীৰ ষড়যন্ত্র ৰচনা কৰা বুলি ৰাজনৈতিক মহলে সন্দেহ প্রকাশ কৰিছে৷ বাংলাদেশত এজন হিন্দু যুৱককো প্রহাৰ কৰি হত্যাৰ কৰাৰ পিছত জ্বলাই দিয়া হৈছে৷ এই ঘটনাবোৰ হোৱাৰ আগতেই ইউনুছ চৰকাৰে সকলোবোৰ নিয়ন্ত্রণ কৰিব পাৰিলে হয়, কিন্তু তেওঁ পৰিস্থিতি নিয়ন্ত্রণত গুৰুত্ব নিদিলে৷ হিন্দু যুৱকক জ্বলাই দিয়া সময়খিনিতো কোনোধৰণৰ আৰক্ষীৰ লোক নাছিল৷ আৰক্ষী নাথাকিলেও এজন মানুহক হত্যা কৰি ৰাজপথতেই গছত ওলোমাই জ্বলাই দিয়া কার্যক নিজৰ কেমেৰাত আবদ্ধ কৰি ৰখা কাণ্ড কিমান বর্বৰ ভাবিলেই আচৰিত লাগে৷ এনে বর্বৰতাৰ মাজত শান্তিপূর্ণ নির্বাচনৰ কোনো পৰিৱেশ নাই৷ ৰাজনৈতিক মহলে চর্চা কৰিছে যে ইউনুছ প্রশাসনে যি বিচাৰিছিল সেয়াই হৈছে৷ এই ৰাজনৈতিক চিন্তাৰ মাজতে এটা কথা স্পষ্ট যে ভিন্ন ৰাজনৈতিক কাৰণত দেশখনত এতিয়া অস্থিৰতাই বিৰাজ কৰিছে৷ বাংলাদেশৰ প্রায় ৫২ লাখ ছাত্র–ছাত্রীৰ অধিকাংশই ভোটাৰ হিচাপে আগন্তুক নির্বাচনত সক্রিয় অংশগ্রহণৰ বাবে সুবিধা লাভ কৰিলে হয়৷ ইয়াৰে অধিকাংশই ৰাষ্ট্র আৰু ৰাজনৈতিক সংস্কাৰৰ দাবীত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আছিল৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ বার্ষিক প্রতিবেদন অনুসৰি ২০২৩ বর্ষত দেশখনৰ উচ্চ শিক্ষাৰ শিক্ষার্থীৰ সংখ্যা আছিল প্রায় ৫১.৭৮ কোটি৷ এই ভোটাৰখিনিয়ে আগন্তুক নির্বাচনত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিলেহেঁতেন৷ কিন্তু পৰিস্থিতি ইমানেই অৱনতি ঘটিছে যে নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা কম৷ চুবুৰীয়া ৰাষ্ট্রখনত ভাৰতবিৰোধী শ্ল’গান, সংখ্যালঘু হিন্দুক হত্যা কৰা খবৰে সকলোকে চিন্তিত কৰিছে৷ হিন্দু যুৱকক প্রহাৰ কৰি হত্যাৰ পিছত জ্বলাই দিয়া কাণ্ডক বিশ্বই গৰিহণা দিছে৷ যি কাণ্ডক সকলোৱে ঘৃণাৰ দৃষ্টিৰে চাইছে৷ উত্তৰ–পূব ভাৰতৰ ৰাজ্যসমূহত অশান্তি সৃষ্টি কৰা উগ্রপন্থীৰ অধিকাংশ সীমান্তৰ সিপাৰে বাংলাদেশত প্রশিক্ষণ লাভ কৰাৰ খবৰ প্রায়ে পঢ়িবলৈ পোৱা যায়৷ এই শিবিৰসমূহ নির্মূল কৰাত হাছিনাই ভাৰতক সহায় কৰিছিল যদিও ইউনুছে সহায় নকৰে৷ ইউনুছৰ সময়খিনিত মৌলবাদী শিবিৰ অধিক সক্রিয় হোৱা বুলিহে চর্চা হয়৷ মুঠতে ভাৰত চৰকাৰে ভাৰত-বাংলাদেশৰ সীমামূৰীয়া অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰিব লাগে৷ বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ সুযোগ লৈ ভাৰতৰ যাতে কোনো কাৰণতে ক্ষতি নহয়, তাৰ বাবে ভাৰত সদায় সজাগ–সচেতন হৈ থকাটো জৰুৰী৷ চীনে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্রসমূহত নিজৰ প্রভাৱ বিস্তাৰ কৰিবলৈ অহৰহ প্রচেষ্টা চলাই আছে৷ পাকিস্তানেও ভাৰতক যিকোনো প্রকাৰে শ’লঠেকত পেলাবলৈ অহৰহ চেষ্টা কৰে, সেয়ে পাকিস্তানে বাংলাদেশত এখন ভাৰতবিৰোধী চৰকাৰ হোৱাটো কামনা কৰে৷ এই সকলোবোৰৰ পিছত অসমৰ বহুকেইখন জিলাত এতিয়া হিন্দু সংখ্যালঘু হৈছে৷ ইয়াৰ অন্তৰালৰ কাৰণসমূহো স্পষ্ট৷ সেয়ে অসম চৰকাৰেও বিদেশীমুক্ত অসম গঢ়িবলৈ অধিক কঠোৰ হোৱাৰ লগতে ৰাইজৰ সহযোগিতাও অতীৱ প্রয়োজন৷