নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব ৰে’লভাৰা, প্রতি কিলোমিটাৰত ভাৰা বাঢ়িব…

ৰে’লযাত্রীসকলৰ বাবে ডাঙৰ খবৰ৷ ভাৰতীয় ৰে’ল বিভাগে বছৰটোৰ এই অন্তিম মুহূর্তত বৃদ্ধি কৰিছে ৰে’লৰ ভাৰা৷ ইতিমধ্যে ভাৰতীয় ৰে’লৱেৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে ভাৰাৰ নতুন নিৰিখ৷

জানিব পৰা মতে, অহা ২৬ ডিচেম্বৰৰ পৰা বৃদ্ধি পাব দূৰগামী ৰে’লযাত্রাৰ ভাৰা৷ প্রতি কিলোমিটাৰত ভাৰা বাঢ়িব দুই পইচাকৈ৷ ৰে’লৱেই দাবী কৰা মতে, এই নতুন বর্ধিত ভাৰাৰ ফলত বিভাগৰ ৰাজহ বাঢ়িব ৬০০ কোটি টকা৷ বর্ধিত ব্যয় চম্ভালাৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি জনোৱা হৈছে৷

জানিব পৰা মতে, নন এচি কোচ্চত মেইল আৰু এক্সপ্রেছ ট্রেইনৰ ভাৰা প্রতি কিলোমিটাৰত দুই পইচাকৈ বঢ়োৱা হৈছে৷ আনহাতে এচি কোচ্চৰ ভাৰাও প্রতি কিলোমিটাৰত একেই হাৰত বৃদ্ধি কৰা হৈছে৷ বিবৃতিটোত ৰে’ল বিভাগে জনাইছে যে যিসকল যাত্রীয়ে নন এচি কোচ্চত ৫০০ কিলোমিটাৰ পর্যন্ত ভ্রমণ কৰিব, তেওঁলোকে অতিৰিক্ত ১০ টকা ভৰিব লাগিব৷ অৱশ্যে দূৰগামী যাত্রাৰ ভাৰা বাঢ়িলেও লোকেল ট্রেইনৰ ভাৰা বঢ়োৱা হোৱা নাই৷ বঢ়োৱা হোৱা নাই মাহেকীয়া টিকটৰ ভাৰা৷ সাধাৰণ শ্রেণীত ২১৫ কিলোমিটাৰ পর্যন্ত ভ্রমণৰ বাবেও কোনো ভাৰা বৃদ্ধি কৰা হোৱা নাই বুলি জনোৱা হৈছে৷

বিবৃতিটোত কোৱা হৈছে যে দেশৰ ৰে’ল যোগাযোগৰ ক্ষেত্রত সুৰক্ষাসহ বিভিন্ন ব্যয় বৃদ্ধি পাইছে৷ কর্মীসকলৰ বাবে খৰচ বাঢ়িছে ১ লাখ ১৫ হাজাৰ কোটি টকা৷ তদুপৰি পেন্সনৰ বাবে খৰচ বৃদ্ধি পাইছে ৬০ হাজাৰ কোটি টকা৷ ২০২৪–২৫ বিত্তীয় বর্ষত ৰে’লৰ মুঠ খৰচ বৃদ্ধি পাইছে ২ লাখ ৬৩ হাজাৰ কোটি টকা৷

নিউজ ডেস্ক, ২২ ডিচেম্বৰ :

You might also like