নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুস্মান খুৰানাক য়ুথ আইকন নিযুক্তি দেশৰ নির্বাচন আয়োগৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ এপ্ৰিলঃ লোকসভা নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্রত দেশবাসীক সজাগ কৰাৰ লক্ষ্যৰে য়ুথ আইকন হিচাপে বলিউডৰ অভিনেতা আয়ুস্মান খুৰানাক নিযুক্ত কৰিছে নির্বাচন আয়োগে৷ নির্বাচন আয়োগৰ সামাজিক মাধ্যম এক্সৰ প্রফাইল আৰু ইউটিউবত য়ুথ আইকন হিচাপে অভিনেতা খুৰানাক নিযুক্তি দিয়াৰ ভিডিঅ’ আপলোড কৰিছে৷ সাধাৰণ নির্বাচনত দেশবাসীক ভোট প্রদান কৰিবলৈ অভিনেতা খুৰানাই ভিডিঅ’টোত বিশেষভাৱে আহ্বান জনাইছে৷ লোকসভা নির্বাচনক এক উৎসৱ আখ্যা দি অভিনেতাগৰাকীয়ে দেশবাসীক নিজৰ মূল্যৱান ভোটাধিকাৰ সাব্যস্ত কৰি উদ্যাপন কৰিবলৈ আহ্বান জনাইছে৷ ‘বিকি ডনাৰ’ শীর্ষক ছবিখনেৰে বলিউডত আত্মপ্রকাশ কৰা অভিনেতা, কণ্ঠশিল্পী আয়ুস্মান খুৰানাই তেওঁ অভিহিত প্রতিখন ছবিয়ে দর্শকৰ হৃদয়ত স্থান লাভ কৰি অতি জনপ্রিয় হৈ পৰে৷ অভিনেতাগৰাকীৰ এই জনপ্রিয়তাৰ প্রতি লক্ষ্য ৰাখিয়ে নির্বাচন আয়োগে লোকসভা নির্বাচনৰ বাবে অভিনেতাজনক য়ুথ আইকন হিচাপে নিযুক্তি দিছে৷ উল্লেখ্য যে নির্বাচন আয়োগৰ এই নিযুক্তিৰ পাছতে অভিনেতাজনে তেওঁৰ শৰীৰৰ পৰা টাটুকে ধৰি বিভিন্ন বেশভূষা স্বাভাৱিক কৰি ল’বলৈ বাধ্য হৈছে৷ ইয়াৰ পূর্বে অভিনেতা ৰাজকুমাৰ ৰাৱক নির্বাচন আয়োগে য়ুথ আইকন হিচাপে মনোনীত কৰিছিল৷

You might also like