নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই-লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ সভা অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ এপ্ৰিলঃ প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ দুদিনীয়া কার্যসূচীৰে ৰাজ্যখনলৈ আহিব লগা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে অহা ৭ এপ্রিলত হোজাইত আৰু ৮ এপ্রিলত লখিমপুৰত দুখনকৈ বিশাল নির্বাচনী সভাত অংশ ল’ব৷ আজি এই কথা স্পষ্ট কৰিলে ৰাজ্যিক বিজেপিয়ে৷ প্রথম পর্যায়ৰ কাজিৰঙা, যোৰহাট, ডিব্রুগড়, লখিমপুৰ আৰু শোণিতপুৰ সমষ্টিত অনুষ্ঠিত হ’ব নির্বাচন৷ ১৯ এপ্রিলৰ প্রথম পর্যায়ৰ নির্বাচনক লৈ ইতিমধ্যে উজনিত প্রচাৰ অভিযান তুংগত উঠিছে৷ অৱশ্যে এতিয়ালৈ কোনো ৰাষ্ট্রীয় নেতাই শাসকীয় দলটোৰ হৈ প্রচাৰ কার্য আৰম্ভ কৰা নাই৷ কার্যতঃ অমিত শ্বাহৰ ভ্রমণসূচীৰ জৰিয়তে আৰম্ভ হ’ব বিজেপিৰ শীর্ষ নেতাৰ প্রচাৰ কার্যসূচী৷ ৰাজ্যিক বিজেপিয়ে প্রকাশ কৰা অনুসৰি দুদিনীয়া কার্যসূচীৰে অমিত শ্বাহৰ আগমনৰ পাছতে পৰৱর্তী সময়ত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং, স্মৃতি ইৰাণী, ধর্মেন্দ্র প্রধান, অর্জুন মুণ্ডাকে ধৰি আন কেইবাজনো নেতাই প্রচাৰ কার্য চলাব৷ আনহাতে ১৭ এপ্রিলত দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ চলাবলৈ অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মোদীয়ে নলবাৰীত বিজেপি আৰু মিত্রদলৰ প্রার্থীৰ হৈ প্রচাৰ চলাব৷ ইফালে ৰাজ্যিক বিজেপিয়ে প্রকাশ কৰা অনুসৰি প্রথম পর্যায়ৰ লেখিয়াকৈ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে প্রার্থীৰ সৈতে মনোনয়ন দাখিলত উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ ইতিমধ্যে প্রথম পর্যায়ৰ নির্বাচনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উজনি অসমৰ কেইবাখনো দলীয় সভা, পদযাত্রা, চাইকেল ৰেলী কৰি নির্বাচনী প্রচাৰত এক অনন্য মাত্রা প্রদান কৰিছে৷ সমান্তৰালভাৱে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া প্রতিটো লোকসভা সমষ্টিত কার্যকর্তাসকলৰ লগতে দায়িত্বপ্রাপ্ত নেতাসকলে বাহৰ পাতি নির্বাচনী প্রচাৰ অভিযানৰ দিশ তদাৰক কৰিছে৷ আনহাতে আজিৰে পৰা আৰম্ভ হোৱা দ্বিতীয় পর্যায়ৰ মনোনয়ন দাখিলৰ পর্বত ডিফু সমষ্টিৰ প্রার্থী অমৰছিং তিছ’ৰ মনোনয়ন দাখিলত উপস্থিত থাকে মুখ্যমন্ত্রী ড০ শর্মা৷ একেদৰে কাইলৈ অর্থাৎ ৩ এপ্রিলত শিলচৰ সমষ্টিৰ প্রার্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব কৃপানাথ মাল্লাই৷ এই দুয়োগৰাকী প্রার্থীৰ সৈতে মনোনয়ন দাখিল পর্বত উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ সমান্তৰালভাৱে ৪ এপ্রিলত দৰং–ওদালগুৰি সমষ্টিৰ বাবে দিলীপ শইকীয়া আৰু নগাঁও সমষ্টিৰ বাবে সুৰেশ বৰাই মনোনয়ন দাখিল কৰিব৷ এই দুয়োগৰাকী প্রার্থীৰ মনোনয়ন দাখিলতো উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷

You might also like