নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐ ৰাম… ফাৰহান আখতাৰৰ বিয়া হে…

দীর্ঘদিনৰ প্রেয়সী শিৱানী দাণ্ডেকাৰৰ সৈতে বিবাহ বান্ধোনত আৱদ্ধ হ’বলৈ ওলাইছে ফাৰহান আখতাৰ। অহা মার্চত ফাৰহানৰ বিয়া বুলি শুনিবলৈ পোৱা গৈছে। মুম্বাইৰ এখন পঞ্চতাৰকা হোটেল বুক কৰি ৰখা বুলিও খবৰ ওলাইছে। অতিমাৰীৰ পৰিস্থিতিৰ কথা মনত ৰাখি ঘনিষ্ঠ বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ উপস্থিতিতে বিয়াৰ অনুষ্ঠান সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে। বহু দিনৰ পৰা লীভ-ইন সম্পর্কত আছে ফাৰহান-শিৱানী। অতিমাৰীৰ বাবে বিয়াৰ দিন পিছুৱাব নিবিচাৰে তেওঁলোকে। বিয়াত ফেশ্বন ডিজাইনাৰ সব্যসাচীৰ পোছাক পিন্ধিব দুয়ো। অৱশ্য়ে বিয়া সংক্ৰান্তত তেওঁলোক দুয়োৱে একো মুখ খোলা নাই।

You might also like