নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদৰ বন্ধুঃ প্ৰীতি জিণ্টাক যথেষ্ট সহায় কৰিলে ঋত্ত্বিকে

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ বলীউডত এসময়ত ঋত্ত্বিক ৰোশন আৰু প্ৰীতি জিণ্টাৰ যুটী সকলোৰে বৰ প্ৰিয় আছিল। তেওঁলোকক তিনিখন ছবিত একেলগে দেখা গৈছিল-লক্ষ্য, কোই মিল গয়া আৰু মিছন কাশ্মীৰ। অভিনয়ৰ পৰা এতিয়া বিৰতিত আছে বলীউডৰ ডিম্পল গাৰ্ল প্ৰীতি। কিন্তু এই যুটীক আকৌ এবাৰ একেলগে দেখা গ’ল। ছবিত নহয়, বাস্তৱৰ এখন বিমানত। সেই ফটো নিজেই শ্বেয়াৰ কৰিলে প্ৰীতিয়ে। যমজ সন্তানৰ মাতৃ প্ৰীতিক বিমানত যথেষ্ট সহায় কৰিছে অভিনেতাজনে। দুটি সন্তানক লৈ বিমান যাত্ৰা কৰাৰ সময়ত কিছু অসুবিধা হৈছিল প্ৰীতিৰ। কিন্তু একেখন বিমানতে আছিল ঋত্ত্বিক। তেওঁ সেই দীঘলীয়া যাত্ৰাত প্ৰীতিৰ কণমানি সন্তান দুটিক খুব সুন্দৰকৈ চোৱা-চিতা কৰিছে, যাৰ বাবে যাত্ৰা সহজ হৈছে প্ৰীতিৰ। ইনষ্টাগ্ৰামত ভাতৃ দীপাংকৰ জিণ্টা আৰু ঋত্ত্বিকৰ সৈতে তোলা এখন ফটো দি প্ৰীতিয়ে অভিনেতাজনৰ বৰ প্ৰশংসা কৰিছে। বন্ধু হিচাপেও ঋত্ত্বিকক প্ৰশংসাৰে ওপচাই পেলোৱাৰ লগতে কিয় এজন দায়িত্বশীল পিতৃ হ’ব পাৰিছে ঋত্ত্বিক সেয়াও লিখিলে।

You might also like