নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ বহীত ‘জয় শ্রীৰাম’ লিখি উত্তীর্ণ শিক্ষার্থী : দুই অধ্যাপক নিলম্বিত

🔹 উত্তৰ প্রদেশৰ বিশ্ববিদ্যালয়ত আজব ঘটনা

বিশেষ বাৰ্তা, ২৭ এপ্রিল : উত্তৰ প্রদেশৰ বীৰ বাহাদুৰ পূর্বাঞ্চল বিশ্ববিদ্যালয়ত শিক্ষার্থীয়ে উত্তৰ বহীত ‘জয় শ্রীৰাম’ আৰু ক্রিকেটাৰৰ নাম লিখি উত্তীর্ণ হোৱাৰ দৰে এক অভাৱনীয় ঘটনা ঘটিছে৷ বিশ্ববিদ্যালয়খনৰ প্রাক্তন ছাত্র দিবাংশু সিঙে বিশ্ববিদ্যালয়খনৰ দুই অধ্যাপক বিনয় শর্মা আৰু আশিস গুপ্তাই উৎকোচ লৈ পৰীক্ষার্থীক উত্তীর্ণ কৰি দিয়া বুলি আৰটিআইৰ তথ্য দাখিল কৰাৰ পিছতেই কর্তৃপক্ষই দুয়োগৰাকী অধ্যাপকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি নিলম্বন কৰিছে৷ দিবাংশু সিঙে জনোৱা আবেদনত আৰটিআইৰ তথ্য মতে এজন শিক্ষার্থীয়ে তেওঁৰ উত্তৰ বহীত ‘জয় শ্রীৰাম’ শ্লোগান আৰু ক্রিকেটাৰৰ নাম বিশেষকৈ ৰোহিত শর্মা, বিৰাট কোহলি, হার্ডিক পাণ্ডিয়া লিখাৰ পিছতো শিক্ষার্থীজনক উত্তীর্ণ কৰি দিয়া হৈছে৷ শিক্ষার্থীজনে ৫০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিছে৷ আৰটিআইৰ তথ্যৰ আধাৰত বিশ্ববিদ্যালয়খনৰ উপাচার্য বন্দনা সিঙে পৰীক্ষাৰ প্রক্রিয়াত অনিয়ম সংঘটিত কৰাৰ অভিযোগত দুয়োগৰাকী অধ্যাপকক নিলম্বন কৰিছে৷ এই ঘটনাই উত্তৰ প্রদেশৰ শিক্ষা ব্যৱস্থাৰ নগ্ন স্বৰূপ উদঙাই দিছে৷

You might also like