নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰফানহীন প্ৰথমটো জন্মদিন, পৰিয়াল-অনুৰাগী-সতীৰ্থৰ স্মৰণ মহান অভিনেতাগৰাকীক

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ বলীউডৰ খ্যাতিমান অভিনেতা ইৰফান খানৰ আজি ৫৩সংখ্যক জন্মদিন। মৃত্যুৰ পিছৰ আজিৰ জন্মদিনটোত অনন্য অভিনয় শৈলীৰ অভিনেতাগৰাকীক সকলোৱে স্মৰণ কৰিছে। তেওঁৰ পৰিয়ালৰ লগতে অনুৰাগী আৰু সতীৰ্থ সকলোৱে অভিনেতাগৰাকীক হেৰুওৱাৰ বেদনা ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে। ইৰফান খানৰ পুত্ৰ বাবিল খানেও এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰি স্মৰণ কৰে পিতৃক।

এগৰাকী সফল ক্ৰিকেটাৰ হ’বলৈ চেষ্টা কৰা খানে নায়কসুলভ লুকৰ নহ’লেও অভিনয়ৰ মাজেৰে সফল অভিনেতা ৰূপে পৰিচিতি লাভ কৰে। তেওঁৰ অভিনয় শৈলীও আছিল তথাকথিত অভিনেতাৰ পৰা বহুখিনি পৃথক। ১৯৬৭ চনৰ ৭ জানুৱাৰীত ৰাজস্থানৰ জয়পুৰত জন্মগ্ৰহণ কৰিছিল ইৰফান খানে।

১৯৮৪ চনত এন এছ ডিত অভিনয়ৰ শিক্ষা লাভ কৰে আৰু ৮০ৰ দশকত টিভিত অভিনয় জীৱনৰ পাতনি মেলে। সেই যাত্ৰাই এক পৰিপূৰ্ণতা অৰ্জন কৰিছিলহে মাত্ৰ, কিন্তু বিধাতাই আৰু সময় দিব নিবিচাৰে তেওঁক। যোৱাবৰ্ষৰ ২৯ এপ্ৰিলত বিদায় লয় এই জীৱনৰ পৰা। অভিনেতা ইৰফান আজি নাথাকিলেও তেওঁৰ কৰ্মৰাজি সদায়ে বিশেষভাৱে স্মৰণীয় হৈ ৰ’ব কলামোদীৰ মাজত।

You might also like