নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ ছেপ্টেম্বৰলৈ ভাইকুল্লা জে’লেই অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ঠিকনা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ মাদক দ্ৰব্য ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী ২২ ছেপ্টেম্বৰলৈ থাকিব লাগিব জে’লত। কিয়নো অভিনেত্ৰী ৰিয়া আৰু তেওঁৰ ভাতৃৰ লগতে আন ৪জন আচামীৰ জামিনৰ বাবে জনোৱা আবেদন আজি খাৰিজ কৰে আদালতে।

কালি নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৱে ৰিয়াসহ আন আচামীৰ জামিন আবেদনৰ বিৰোধিতা কৰি যুক্তি আগবঢ়াইছিল যে অপৰাধীয়ে জামিন পালে তথ্য-প্ৰমাণ নোহোৱা কৰাৰ চেষ্টাত লিপ্ত হ’ব পাৰে আৰু তেওঁলোকৰ অপৰাধমূলক কাম-কাজ বৃদ্ধি হ’ব পাৰে।

আনহাতে ৰিয়াৰ উকীল সতীশ মানচিণ্ডেই জামিনৰ বাবে জনোৱা আবেদনত উল্লেখ কৰিছিল যে ৰিয়াই কোনো দোষ কৰা নাই। বিনা দোষত তেওঁক ষড়যন্ত্ৰমূলকভাৱে অভিযুক্ত কৰিছে।

উল্লেখ্য ৰিয়াৰ লগতে জামিন আবেদন কৰা হয় ৰিয়া, তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীকে ধৰি মুঠ ছজনৰ বাবে। কিন্তু জামিনৰ ৰায়দান স্থগিত ৰাখে আৰু আজি পুৱা পুনৰ বিচাৰকে আটাইকেইজন আচামীৰে জামিন খাৰিজ কৰে।

আদালতে জামিন আবেদন খাৰিজ কৰাৰ পিছতে অহা ২২ ছেপ্টেম্বৰ পৰ্যন্ত ভাইকুল্লা জে’লেই হৈ পৰিল অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ঠিকনা।

You might also like