পুনৰ গুৱাহাটীৰ দক্ষিণগাঁৱত দুৰ্ঘটনা, আহত বাইক চালক
ক্ৰমাৎ দুৰ্ঘটনাস্থলীলৈ পৰিণত হৈছে মহানগৰীৰ দক্ষিণগাঁও। এইবাৰ টাটা ইণ্ট্ৰা আৰু ৰয়েল এনফিল্ড বাইকৰ মুখামুখি সংঘৰ্ষ। সংকটজনক অৱস্থাত হায়াত হাস্পতালত ভৰ্তি বাইক চালক ভৱজিত পাটোৱাৰীক।
ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰিছিল টাটা ইণ্ট্ৰাৰ চালক চাহিদুৰ ৰহমানে। পিছত চালক চাহিদুৰক স্থানীয় লোকে গতাই দিলে আৰক্ষীক।
বৰ্তমান দিছপুৰ আৰক্ষীয়ে চহিদুৰক আটক কৰাৰ লগতে জব্দ কৰিছে বাহনখন। দক্ষিণগাঁৱত সঘনাই হব ধৰা দুৰ্ঘটনাক চিন্তিত হৈ পৰিছে স্থানীয় লোক।
Niyomiya Barta Desk, 27 August