মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে গড়লৰ এটা ভোটকেন্দ্ৰত জালুকবাৰী বিধানসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰে।
মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল আৰু কন্যা সুকন্যাৰ সৈতে গড়লৰ এটা ভোট কেন্দ্ৰত ভোটদান কৰে।
ভোটদান কৰি মুখ্যমন্ত্ৰীয়ে কয়- অসমৰ বিকাশৰ বাবে, অসমৰ কল্যাণৰ বাবে আৰু প্ৰতিগৰাকী অসমবাসীৰ মংগল সন্মুখত ৰাখি আমি ভোটদান কৰিছোঁ। আজিৰ ভোটদানে আগন্তুক ৫ বছৰৰ ৰাজ্যৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব। ৰাজ্যখনৰ সৰ্বাংগীণ কল্যাণৰ বাবে সকলোকে ভোট দিবলৈ আহ্বান জনালোঁ।
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল