নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুখুৰীত পৰি সলিল সমাধি দুই ভগ্নীৰ, মন্দিয়াত অঘটন

ঈদৰ আনন্দ উল্লাসৰ মাজতে বৰপেটাৰ কপোহা গাঁৱত মৰ্মান্তিক ঘটনা। ঘৰৰ পুখুৰীত পৰি সলিল সমাধি কপোহা গাঁৱৰ দুই ভগ্নীৰ। উল্লেখ্য যে গাঁৱৰ নিবাসী হোছেন আলীৰ দুই কন্যা হেলমিনা খাতুন (১৩ ) আৰু জান্নাত পাৰবিনে (১১) নিজ ঘৰতে থকা পুখুৰীত গৈছিল ডাইনিং টেবুল ধুবলৈ।

কিন্তু দুৰ্ভাগ্যবশতঃ দুয়ো গৰাকী ভগ্নী পানীত পৰি সন্ধানহীন হৈ পৰে। পৰৱৰ্তী সময়ত ঘৰৰ মানুহে পুখুৰীত ডাইনিং টেবুলখন উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায়। আৰু লগে লগে পানীত জালেৰে অভিযান চলাই দুয়োজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অৱশ্যে পৰৱৰ্তী সময়ত দুয়োকে ততাতৈয়াকৈ মন্দিয়া আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দুয়োকে মৃত্যু বুলি ঘোষণা কৰে। দুয়োগৰাকী ভগ্নীৰ মৃত্যুদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত গভীৰ শোকঁৰ ছাঁ পেলাইছে।

নিয়মীয়া বাৰ্তা, বাঘবৰ, ১৯ মাৰ্চ

You might also like