নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাহ গ’ল কামাকাজি ৰেষ্টুৰেণ্ট

🔹 ফাঁচীবজাৰৰ জাহাজঘাটত ভয়ংকৰ অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : মহনগৰীৰ ফাঁচীবজাৰৰ জাহাজঘাটত কালি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ জাহাজঘাটত পুনৰ নির্মাণৰ কাম চলি থকা এমভি কামাকাজি ৰেষ্টুৰেষ্ট ফ্ল’টিঙত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে ৷ নিমিষতে জুইৰ লেলিহান শিখাই ৰেষ্টুৰেণ্টখন ছানি ধৰাত ৰেষ্টুৰেণ্টখনৰ বহু সামগ্রী ভস্মীভূত হয় ৷ উল্লেখ্য যে ৰেষ্টুৰেণ্টখনত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ পিছত আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পূর্বেই ৰেষ্টুৰেষ্টখনত থকা লক্ষাধিক টকাৰ সামগ্রী আৰু আচবাব জ্বলি ছাই হয় ৷ ফাঁচীবজাৰৰ জাহাজঘাটত সংঘটিত হোৱা এই অগ্নিকাণ্ডক কেন্দ্র কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

You might also like