নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষাপাৰাত বিধ্বংসী বৈভৱ : ৬ উইকেটত হাৰিল আৰচিবি

বর্ষাপাৰাত জয়ৰ হেটট্রিক অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ৷ চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত এইবাৰ বর্ষাপাৰাত পৰাস্ত কৰিলে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুক৷ চলিত আইপিএলত ৰাজস্থানৰ এয়া আছিল ক্রমাগত চতুর্থ জয়৷

বর্ষাবিঘ্নিত মেচখনত ৰাজস্থানে আৰচিবিক ৬ উইকেটত পৰাস্ত কৰে৷ মেচখনত ৰাজস্থানৰ জয়ৰ মূলতেই হ’ল বৈভৱ সূর্যবংশীৰ বিধ্বংসী বেটিং৷ আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ২০২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বৈভৱ সূর্যবংশীৰ ২৬ বলত বিস্ফোৰক ৭৮ আৰু ধ্রুৱ জুৰেলৰ অপৰাজিত ৮১ ৰানৰ সহায়ত ৰাজস্থান ৰয়েলছে ১৮ অভাৰত ৪টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

মাত্র ১৫টা বলত অর্ধশতক অর্জন কৰা বৈভৱৰ বিস্ফোৰক ইনিংছটোত আছিল আঠটা চাৰি আৰু সাতটা ছয়৷ বৈভৱে আউট হোৱাৰ পূর্বে ধ্রুব জুৰেলৰ সৈতে দ্বিতীয় উইকেটত ১০৮ ৰান সংগ্রহ কৰে৷

অ’পেনাৰ জয়ছোৱালে ১৩, হেটমায়াৰে ০ আৰু অধিনায়ক ৰিয়ান পৰাগে ৩ ৰান কৰি বিদায় লয়৷ ৰবীন্দ্র জাদেজাই ২৪ ৰান কৰি নটআউট হৈ থাকে৷ আৰচিবিৰ হৈ জ’ছ হেজলউড আৰু ক্রুনাল পাণ্ডিয়া উভয়ে দুটাকৈ উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক ৰজত পাটিদাৰৰ ৬৩, বিৰাট কোহলিৰ ৩২, ভেংকটেশ আয়াৰৰ অপৰাজিত ২৯ আৰু ৰোমাৰিঅ’ শ্বেফার্ডৰ ২২ ৰানৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ২০১ ৰান সংগ্রহ কৰে৷ ৰাজস্থানৰ হৈ জ’ফ্রা আর্চাৰ, ৰবি বিষ্ণৈ আৰু ব্রিজেশ শর্মাই দুটাকৈ উইকেট লয়৷

ডিজিটেল ডেস্ক, ১১ এপ্রিল

You might also like