নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্রুতগতিত বৃদ্ধি ফিফা বিশ্বকাপ ফুটবলৰ টিকটৰ দাম

ফিফা বিশ্বকাপ ফুটবললৈ মাজতে মাথোঁ দুমাহ বাকী৷ অহা ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ প্রতিযোগিতাখনৰ দিন চমু চাপি অহাৰ লগে লগে টিকটৰ দামো দ্রুতগতিত বৃদ্ধি পাইছে৷

প্রতিযোগিতাখনৰ টিকটৰ মূল্যক লৈ বিতর্ক চলি আছে যদিও এই সন্দর্ভত নিজৰ স্থিতিত অটল আছে ফিফা৷ ফিফাই দিনক দিনে টিকটৰ দাম বৃদ্ধি কৰি আছে৷ ফিফাৰ সভাপতি জিয়ান ইনফাণ্টিনোৱে বজাৰত অধিক মূল্যৰ টিকট উলিয়াই দিছে৷

ইয়াৰে এটাৰ দাম ৪,১০৫ ডলাৰ৷ এতিয়ালৈকে টিকটৰ সর্বোচ্চ মূল্য আছিল ২,৭৩৫ ডলাৰ৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত মুখামুখি হ’ব আমেৰিকা আৰু পাৰাগুৱে৷ এই মেচখন একেবাৰে সন্মুখৰ আসনত বহি উপভোগ কৰাৰ টিকট ফ্রণ্ট কেটেগৰী ১ৰ আসনৰ বাবে এতিয়ালৈকে সর্বোচ্চ মূল্য ২,৭৩৫ ডলাৰ৷ ভাৰতীয় মুদ্রাত প্রায় ২ লাখ ৫০ হাজাৰ টকা৷

এই শিতানৰ সর্বোচ্চ টিকটৰ মূল্য এতিয়া ৪,১০৫ ডলাৰলৈ বৃদ্ধি কৰা হৈছে৷ ভাৰতীয় মূল্যত তিনি লাখ ৮০ হাজাৰৰো অধিক৷ ফ্রণ্ট কেটেগৰী ২ৰ টিকটৰ মূল্যও বৃদ্ধি কৰা হৈছে৷ এই শিতানৰ সর্বোচ্চ টিকটৰ মূল্য ১,৯৪০ ডলাৰ (প্রায় এক লাখ ৮০ হাজাৰ টকা)ৰ পৰা ২,৩৩০ ডলাৰ (প্রায় ২ লাখ ১৬ হাজাৰ টকা) লৈ বৃদ্ধি কৰা হৈছে৷

ফিলাডেলফিয়াত হ’বলগীয়া খেলৰ কিছু টিকটৰ মূল্য ৯০৫ ডলাৰ (প্রায় ৮৪ হাজাৰ)লৈ বৃদ্ধি কৰা হৈছে৷ ফাইনেলৰ টিকটৰ মূল্যও বৃদ্ধি পাইছে৷ ইয়াৰ পূর্বে ফাইনেল টিকটৰ সর্বোচ্চ মূল্য আছিল ৮,৬৮০ ডলাৰ (প্রায় ৮ লাখ টকা)৷

ফিফাই কয় যে ফাইনেলৰ বাবে আটাইতকৈ দামী টিকট ১০,৯৯০ ডলাৰ (প্রায় ১০ লাখ ১৭ হাজাৰ টকা)৷ উল্লেখ্য যে এইবাৰ প্রথমবাৰৰ বাবে ৪৮খন দেশে বিশ্বকাপত খেলিব৷

ডিজিটেল ডেস্ক, ১১ এপ্রিল

You might also like