গুৱাহাটীৰ মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰীৰাজহুৱা সত্ৰ (নামঘৰ)ৰ এগৰাকী সেৱক দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
জানিব পৰা মতে, সুৰেন দাস (৬০) নামৰ লোকজন নিশাৰ আহাৰ গ্ৰহণ কৰি শুবলৈ গৈ থকা সময়তে অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায়। ঘটনাত গুৰুতৰভাৱে আহত হয় সেৱকজন।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, ফটাশিল অঞ্চলত দিনকদিনে বৃদ্ধি পাই থকা অসামাজিক কাৰ্যকলাপ আৰু ড্ৰাগছ আসক্তৰ উৎপাতৰ ফলতেই এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
ইফালে, ঘটনাৰ পিছতে ভৰলুমুখ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও অভিযুক্তৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
আহত সুৰেন দাসক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ৭ মে’