প্ৰেম প্ৰত্যাখ্যান কৰাক কেন্দ্ৰ কৰি বাক্সা জিলাৰ বগৰীবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি, সোমনাথ হালৈ নামৰ এজন যুৱকে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে কলিতা উপাধিৰ এগৰাকী যুৱতীক। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক সংকটজনক অৱস্থাত নলবাৰীলৈ প্ৰেৰণ কৰা হৈছে।
ইফালে, যুৱতীগৰাকীক আক্ৰমণ কৰাৰ পিছতে সোমনাথ হালৈয়ে নিজ খুৰাক কনক হালৈকো চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পাৰিবাৰিক সূত্ৰ অনুসৰি, প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই খুৰাকক আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
গুৰুতৰভাৱে আহত কনক হালৈ বৰ্তমান নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।
ঘটনাৰ পিছতে মুছলপুৰ আৰক্ষীয়ে অভিযুক্ত সোমনাথ হালৈক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ৭ মে’