নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইপ-২ ডায়েবেটিছৰ বাবে অ’ৰেল ইনছুলিন উদ্ভাৱন চীনৰ

বিশেষ বাৰ্তা, ২৭ মেঃ বিশ্বৰ টাইপ-২ ডায়েবেটিছত আক্রান্ত ৰোগীৰ বাবে এক সুখৰ বার্তা৷ চীনে প্রথমবাৰৰ বাবে টাইপ-২ ডায়েবেটিছৰ কাৰণে অ’ৰেল ইনছুলিন প্রস্তুত কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ প্রথম অ’ৰেল ইনছুলিন হিচাপে স্বীকৃত হ’বলগীয়া টাইপ-২ ডায়েবেটিছৰ অ’ৰেল ইনছুলিনৰ ইতিমধ্যে তৃতীয় পর্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পূর্ণ হৈছে৷ চীনৰ হেফেই টিয়াংহুই বায়োটেকনল’জীয়ে বজাৰত মুকলি কৰাৰ কাৰণে অনুজ্ঞাপত্র বিচাৰি দেশখনৰ নেচনেল মেডিকেল প্রকাক্টছ এডমিনিষ্ট্রেচনলৈ আবেদন জনাইছে৷ উল্লেখ্য যে টাইপ-২ ডায়েবেটিছত মধ্য আৰু বয়োজ্যেষ্ঠ আক্রান্ত হোৱাই নহয়, শিশু আৰু কিশোৰৰ দেহতো এই ৰোগে প্রভাৱ বিস্তাৰ কৰি আহিছে৷ এনে পৰিপ্রেক্ষিতত বেজীৰে দিয়া ইনছুলিনৰ উপৰি মুখেৰে সেৱন কৰা ইনছুলিনৰ আৱশ্যকতা আহি পৰিছে৷ এই সন্ধিক্ষণতে চীনে টাইপ-২ ডায়েবেটিছৰ বাবে মুখেৰে সেৱন কৰিব পৰা ইনছুলিন প্রস্তুত কৰি পৰীক্ষা সম্পূর্ণ কৰি তুলিছে৷ শীঘ্রেই এই অ’ৰেল ইনছুলিন বজাৰত উপলব্ধ হ’ব৷

You might also like