নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ ফাইনেলত চেন্নাই বনাম গুজৰাট : টিকটক লৈ অভাৱনীয় পৰিস্থিতি

বিশেষ বাৰ্তা, ২৭ মেঃ কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰে গুজৰাটে। ইয়াৰ লগে লগে চলিত আই পি এলৰ পৰা বাহিৰ হল মুম্বাই। ইফালে কাইলৈ হব লগা ফাইনেল মেচখনত প্ৰতিদ্বন্দ্বিতা কৰিব মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ আৰু যোৱাবাৰৰ চেম্পিয়ন হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছে। ইফালে ফাইনেল মেচৰ পূৰ্বে উন্মাদনা তুংগত উঠিছে গুজৰাটত৷ বৃহস্পতিবাৰৰ পৰা নৰেন্দ্র মোদী ষ্টেডিয়ামৰ কাউণ্টাৰত প্রদান কৰা হৈছে ফাইনেল মেচখনৰ টিকট৷ লগে লগে সৃষ্টি হয় বিশৃংখলতাৰ৷ এক বৃহৎ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে উন্মাদ ক্রিকেটপ্রেমী৷ ফাইনেলৰ ছপা টিকট সংগ্রহৰ বাবে ষ্টেডিয়ামৰ বাহিৰত ক্রিকেট অনুৰাগীৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয়৷ এটা সময়ত পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰ হয় আৰু পদপিষ্টৰ দৰে ঘটনাৰ সৃষ্টি হয় যদিও কোনো লোক আঘাত নোহোৱাকৈ ৰক্ষা পৰে৷ মহেন্দ্র সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছ ফাইনেলত প্রৱেশ কৰাৰ পিছতে আকাশলংঘী হৈছে টিকটৰ চাহিদা৷ ফাইনেলৰ ছপা টিকট বিচাৰি ষ্টেডিয়ামৰ কাউণ্টাৰত হাজাৰ হাজাৰ ক্রিকেটপ্রেমীয়ে ভিৰ কৰে৷ যিসকলে অনলাইনত টিকট বুকিং কৰিছে, তেওঁলোকে ছপা টিকট ল’ব লাগিব৷ কাউণ্টাৰ খোলাৰ বহু আগতেই ষ্টেডিয়ামৰ সন্মুখত প্রখৰ ৰ’দত ৰৈ আছিল সহস্রাধিক অনুৰাগী৷ তাৰ তুলনাত নিৰাপত্তাৰক্ষীৰ সংখ্যা কম আছিল৷ কাউণ্টাৰ খোলাৰ লগে লগে প্রথমে টিকট সংগ্রহ কৰিবলৈ চেষ্টা কৰা ক্রিকেটপ্রেমীসকলৰ মাজত হুলস্থূল আৰম্ভ হয়৷ লগে লগে সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতিৰ৷ এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পিবলৈ বেছি সময় নালাগিল৷ মুঠতে এক বৃহৎ দুর্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে নৰেন্দ্র মোদী ষ্টেডিয়াম৷

You might also like