নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুনাফাখোৰ ভূস্বামীৰ কাণ্ড : ঋণ লোৱাৰ ‘অপৰাধ’ত পাকিস্তানত সহস্ৰাধিক ক্রীতদাস

বিশেষ বাৰ্তা, ২৭ মেঃ আধুনিক ক্রীতদাসৰ দেশ পাকিস্তান৷ ঋণ লৈ ধন পৰিশোধ কৰিব নোৱাৰাৰ ‘অপৰাধ’ত সমগ্র জীৱন ক্রীতদাসৰ দৰে খাটিবলগীয়া হৈছে হাজাৰ হাজাৰ পৰিয়ালে৷ বহু দুর্ভগীয়া পৰিয়ালে হাস্পতালত চিকিৎসাৰ বাবে বিল আদায় দিবলৈ ভূস্বামীৰ পৰা ঋণ লৈ দশকৰ পাছত দশক ধৰি গেবাৰী খাটিবলগীয়া হৈছে৷ শোষণ তথা দলিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ অন্যতম নিদর্শন হৈ আছে এই পৰিয়ালবোৰ৷ মেঘৱাৰ ভিল বা সিন্ধি ভিল নামে পৰিচিত মেঘৱাৰ সম্প্রদায়ৰ বসবাস পাকিস্তানৰ সিন্ধ, পঞ্জাব আৰু বেলুচিষ্টান প্রদেশত৷ এই সম্প্রদায় পাকিস্তানত থকা কেইটামান হিন্দু সম্প্রদায়ৰ ভিতৰত অন্যতম৷ পাকিস্তানত এওঁলোকক ‘দলিত’ হিচাপে জনা যায়৷ এই মেঘৱাৰ সম্প্রদায়ৰ কেইবা হাজাৰো পৰিয়াল এতিয়া ভূস্বামীৰ ঘৰত ক্রীতদাস৷ সামান্য ঋণ লৈ ধন ওভতাব নোৱাৰাৰ শাস্তি প্রদান কৰা হৈছে এই লোকসকলক৷ আনকি বহু পৰিয়ালে নিজৰ পত্নী তথা কাম কৰিবলৈ সক্ষম সদস্যসকলৰ উপৰি শিশুকো এনে দাসত্ব বৃত্তিত নিয়োজিত কৰিবলৈ বাধ্য হৈছে৷ শেহতীয়াকৈ ইটাভাতা, কৃষি ক্ষেত্র আদিত সূর্যোদয়ৰ পৰা সূর্যাস্তলৈ এনেদৰে দাসত্ব বৃত্তিত নিয়োজিত হ’বলগীয়া হৈছে হাজাৰ হাজাৰ পৰিয়াল৷ অতি প্রতিকূল পৰিৱেশত শিশুসকলক বাধ্য কৰোৱা হৈছে ইটাভাতাত কৰিবলৈ৷ লক্ষণীয় যে এনেদৰে পাকিস্তানত দশকৰ পাছত দশক ধৰি হাজাৰ হাজাৰ পৰিয়াল দাসত্বৰ কবলত আছে যদিও এই লোকসকলক মুক্ত কৰিবলৈ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ স্মর্তব্য যে ‘গ্লোবেল শ্লেভাৰি ইনডেক্স’ অনুসৰি অকল এছিয়া–প্রশান্ত মহাসাগৰীয় অঞ্চলতে প্রায় আঢ়ৈ কোটি লোক ঋণত জর্জৰিত হৈ ক্রীতদাস হ’বলগীয়া হৈছে৷

You might also like