নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলত সূর্যৰ ৰশ্মিৰ আলোকচিত্রক লৈ উৎসুক বিজ্ঞানী

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই ৰঙা গ্রহ মঙলত সূর্যাস্ত তথা সূর্য ৰশ্মিৰ আলোকচিত্র প্রথমবাৰৰ বাবে প্রকাশ কৰাৰ পিছতে বিশ্বৰ মহাকাশ বিজ্ঞানীৰ মাজত উৎসুকতা বৃদ্ধি পাইছে৷ ৰঙা গ্রহ মঙলত নাছাৰ কিউৰি’ছিটী ৰ’ভাৰে ইতিমধ্যে বিভিন্ন নতুন নতুন সন্ধান পৃথিৱীবাসীক দি থকাৰ পিছত এইবাৰ প্রথমবাৰৰ বাবে গ্রহটিত সূর্যৰ ৰশ্মিৰ আৱিষ্কাৰ কৰি আলোকচিত্র প্রেৰণ কৰিছে৷ নাছাই প্রকাশ কৰা মতে সূর্যৰ ৰশ্মিক ‘ক্রেপাস্কুলাৰ ৰে’’ বুলি জনা যায়৷ এই লেটিন শব্দৰ অর্থ হৈছে টুইলাইট৷ প্রথমবাৰৰ বাবে মঙলত সূর্যৰ ৰশ্মি স্পষ্টকৈ প্রত্যক্ষ কৰা হৈছে৷ কিউৰি’ছিটী ৰ’ভাৰে যোৱা ১৭ জানুৱাৰীত সূর্যৰ ৰশ্মিৰ এই আলোকচিত্র সংগ্রহ কৰিছে আৰু নাছাই যোৱা সোমবাৰে এই আলোকচিত্র আনুষ্ঠানিকভাৱে প্রচাৰ কৰিছে৷ মন কৰিবলগীয়া যে কিউৰি’ছিটী ৰ’ভাৰে ৰঙা গ্রহ মঙলত সূর্যাস্তৰ আলোকচিত্র সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ এই আলোকচিত্রত দিগন্তত ডাৱৰীয়া আকাশৰ মাজত সূর্য নামি গৈ আছে৷ অর্থাৎ ৰঙা গ্রহ মঙলত সূর্যাস্ত প্রতিফলিত হৈছে৷ ৰ’ভাৰে পৃথিৱীলৈ তথা নাছাৰ কার্যালয়লৈ মঙল গ্রহত সংগ্রহ কৰা সূর্যৰ ৰশ্মি আৰু ডাৱৰীয়া আকাশৰ ২৮খন আলোকচিত্র প্রেৰণ কৰিছে৷ এই আলোকচিত্রসমূহ সূক্ষ্ম নিৰীক্ষণ কৰি আছে বিজ্ঞানীসকলে৷ তাৎপর্যপূর্ণ যে ৰ’ভাৰে মঙল গ্রহত পানীকে ধৰি জীৱৰ বসতি স্থানৰ উপযোগী উপাদানৰ বিভিন্ন তথ্যও আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ মঙল গ্রহত জীৱৰ অস্তিত্বক লৈ চলি থকা গৱেষণা আৰু অধ্যয়নে নতুন গতি লৈছে কিউৰি’ছিটী ৰ’ভাৰে লাভ কৰি থকা নতুন নতুন তথ্যত বিশ্বৰ বিজ্ঞানী মহলো মঙলত জীৱৰ অস্তিত্বক লৈ আশাবাদী হৈ পৰিছে৷

You might also like