নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰাং সৰবৰাহ: ১৭ বহিঃদেশৰ বন্যপ্রাণী জব্দ মিজোৰাম আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: ম্যানমাৰ হৈ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত চলাই অহা বন্যপ্রাণীৰ চোৰাং সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্রত বৃহৎ সফলতা লাভ কৰি আহিছে মিজোৰাম আৰক্ষীয়ে৷ ম্যানমাৰৰ পৰা মিজোৰামত প্রৱেশ কৰা এখন বাহনত আৰক্ষীয়ে ১৭ বহিঃদেশৰ বিৰল বন্যপ্রাণী জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ আৰক্ষী৷ ম্যানমাৰ–ভাৰত সীমান্তৰ টুৱালপুই জংচনত আৰক্ষীয়ে চলাই থকা তালাচীৰ সময়তে ম্যানমাৰৰ পৰা বাহনত চোৰাংকৈ অনা ১৩ বিভিন্ন প্রজাতিৰ চৰাই আৰু ৪ প্রজাতিৰ বান্দৰ জব্দ কৰে৷ খাউজলৰ পৰা ৰাবুঙ পথত আৰক্ষীয়ে যোৱানিশা এই বৃহৎসংখ্যক বহিঃদেশৰ বন্যপ্রাণী জব্দ কৰি পৰৱর্তী পদক্ষেপৰ বাবে আবকাৰী প্রিভেনটিভ ফ’চৰ হাতত গতাই দিছে৷ বর্তমান ছমফাইত এই জব্দ কৰা বন্যপ্রাণী ৰাখি থোৱা হৈছে৷

You might also like