নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত পুনৰ ক’ভিডে সৃষ্টি কৰিছে দ্রুত সংক্রমণ

নিয়মীয়া বাৰ্তা, ৩ মে’:  ক’ভিড–১৯ মহামাৰীয়ে শেহতীয়াকৈ ৰাছিয়াতো সৃষ্টি কৰিছে সংহাৰ৷ দেশখনত নতুনকৈ কালিৰ দিনটোত ক’ভিডত আক্রান্ত হৈছে ৮,৬৯৭গৰাকী লোক৷ ইফালে, মহামাৰীত বিগত ২৪ ঘণ্টাত প্রাণ হেৰুৱাইছে ৩৪২গৰাকী লোকে৷ দেশখনত এতিয়ালৈকে ক’ভিডত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১,১০,৮৬২গৰাকীলৈ বৃদ্ধি পাইছে৷

দেশখনৰ ক’ভিড প্রতিৰোধী কেন্দ্রৰ পৰা শেহতীয়াকৈ সদৰী কৰা হৈছে এই তথ্য৷ লক্ষণীয়ভাৱে মহামাৰীৰ মোকাবিলা কৰিবলৈ ৰাছিয়াই স্পুটনিক ভি ভেকচিন প্রস্তুত কৰি বিশ্বৰ বিভিন্ন দেশলৈ প্রেৰণ কৰিছে৷ বিশ্বৰ প্রথম ক’ভিড ভেকচিন প্রস্তুত কৰা দেশ ৰাছিয়াই ইতিমধ্যে পশুৰ বাবেও প্রস্তুত কৰি উলিয়াইছে ভেকচিন৷ কিন্তু দেশখনে ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত এতিয়াও যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ অর্থাৎ ক’ভিড প্রতিৰোধৰ ক্ষেত্রত সম্পূর্ণৰূপে সফল হ’ব পৰা নাই ৰাছিয়াই৷ মহামাৰীৰ আৰম্ভণিৰে পৰা ৰাছিয়াত এতিয়ালৈকে ক’ভিডত ৪৮ লাখতকৈ অধিক লোক আক্রান্ত হৈছে৷

You might also like