ভাৰতীয় তেল পৰিবাহী জাহাজত ইৰানৰ আক্রমণত নিহত ১৫ ভাৰতীয়
ডিজিটেল ডেস্ক, ২ মার্চ : ইৰানত আমেৰিকা–ইজৰাইলৰ আক্রমণক লৈ চলি থকা চর্চাৰ মাজতে হৰমুজ প্রণালীৰ নিৰাপত্তাক লৈও আশংকা কৰা হৈছিল৷ এই আশংকাৰ সত্যতা প্রমাণিত হ’ল৷ আশংকা কৰা মতেই ইৰানে ক্ষেপণাস্ত্রৰে আঘাত হানিলে ভাৰতীয় তেল পৰিবাহী জাহাজত৷
আমেৰিকা-ইজৰাইল আৰু ইৰানৰ যুদ্ধৰ সময়তে হৰমুজ প্রণালীৰ মাজেৰে যাত্রা কৰা এখন তেল পৰিবাহী টেংকাৰত আঘাত কৰে ইৰানৰ মিছাইলে৷ সেই সময়ত জাহাজখনত ১৫জন ভাৰতীয় শ্রমিক আছিল৷ প্রথম অৱস্থাত জানিব পৰা মতে, তেল পৰিবাহী টেংকাৰখনত এজন পালাওৰ নাগৰিক আছিল৷ ওমানৰ খাছাপ বন্দৰৰ পৰা ৫ নটিকেল মাইল দূৰত স্কাইলাইট নামৰ জাহাজখনত ইৰানৰ ক্ষেপণাস্ত্রই আঘাত হানে৷
ওমানৰ মেৰিটেণ্ট চেণ্টাৰে প্রকাশ কৰা মতে, এই আক্রমণত ৪জন লোক আহত হয়৷ পিছত জাহাজখনৰ ২০জন ক্রু সদস্যক উদ্ধাৰ কৰা হয়৷ ইয়াৰে ১৫জনেই ভাৰতীয় নাগৰিক৷ মন কৰিবলগীয়া যে ইৰান আৰু ওমানৰ মাজৰ সংকীর্ণ জলপথটোক হৰমুজ প্রণালী বা জলদ্বীপ বুলি কোৱা হয়৷ আন্তঃৰাষ্ট্রীয় বাণিজ্যত এই পথটোৰ গুৰুত্ব অধিক৷ ছৌদি আৰব, ইৰান, সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, কাটাৰ, ভাৰত আৰু ইৰাকৰ দৰে দেশসমূহে এই পথেৰে তেল ৰপ্তানি কৰে৷
তাৎপর্যপূর্ণ কথা এয়ে যে ইয়াৰ পৰা ৰপ্তানি হোৱা তেলৰ অধিকাংশই এছিয়ালৈ প্রেৰণ কৰে৷ বিশেষজ্ঞসকলৰ মতে, হৰমুজ প্রণালীত যদি কিবা অস্থিৰতা আহি পৰে, তেন্তে ইয়াৰ প্রত্যক্ষ প্রভাৱ ভাৰতকে ধৰি বহুকেইখন দেশত পৰিব৷ ভাৰতৰ প্রায় ৫০ শতাংশ তেল এই হৰমুজ প্রণালীৰ মাজেৰেই আমদানি হয়৷ ইৰানৰ এটা ৰেডিঅ’ই হৰমুজ প্রণালী এৰাই চলিবলৈ বাৰে বাৰে ঘোষণা সম্প্রচাৰ কৰিছিল৷ কিবা কাৰণত যদি এই প্রণালী বন্ধ হৈ যায়, তেন্তে সমগ্র বিশ্বৰ বাণিজ্য স্তব্ধ হৈ পৰাৰ আশংকাই দেখা দিছে৷
ইফালে, আমেৰিকা আৰু ইজৰাইলে ইৰানত কৰা আক্রমণ আৰু ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা খামেনেইৰ মৃত্যুৰ পিছত ভাৰততো উদ্বেগজনক পৰিৱেশ বিৰাজ কৰিছে৷ এই লৈ উদ্বিগ্ণ কেন্দ্রীয় চৰকাৰে কালি নিশা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত দিল্লীত নিৰাপত্তা সম্পর্কীয় কেবিনেট সমিতিৰ বৈঠক অনুষ্ঠিত কৰে৷ য’ত পর্যালোচনা কৰা হয় মধ্যপ্রাচ্যত সামৰিক উত্থানকে ধৰি বিভিন্ন নিৰাপত্তাজনিত বিষয়৷