নায়ক সঞ্জুৰ অনবদ্য বেটিঙেৰে বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত
ডিজিটেল ডেস্ক, ২ মার্চ : অ’পেনাৰ সঞ্জু ছেমছনৰ অনবদ্য বেটিং প্রদর্শনৰ সহায়ত টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত কোৱার্টাৰ ফাইনেলসদৃশ ছুপাৰ এইটৰ মেচখনত ঘৰুৱা দল টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰে৷ মেচখনত ভাৰতীয় দলটোৰ জয়ৰ নায়ক হ’ল সঞ্জু ছেমছন৷
ৱেষ্ট ইণ্ডিজে জয়ৰ বাবে বান্ধি দিয়া ১৯৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি সঞ্জুৰ দুর্দান্ত অপৰাজিত ৯৭ ৰানৰ সহায়ত ভাৰতে ১৯.২ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইনিংছ আৰম্ভণি সুখকৰ নাছিল যদিও সঞ্জুৱে ধীৰে–সুস্থিৰে খেলি দলৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰে৷ সঞ্জুৰ ৫০টা বলৰ ইনিংছটোত আছিল ১২টা চাৰি আৰু ৪টা ছয়৷
ইফালে, অভিষেক শর্মাই ১০, ঈশান কিশনে ১০, অধিনায়ক সূর্যকুমাৰে ১৮, তিলক বার্মাই ২৭, হার্দিক পাণ্ডিয়াই ১৭ আৰু শিৱম ডুবেই অপৰাজিতভাৱে ৮ ৰান কৰে৷ ৱেষ্ট ইণ্ডিজৰ হৈ জেছন হল্ডাৰ আৰু ছামাৰ জোছেফ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ ৰ’ষ্টন চেজৰ সর্বাধিক ৪০, জেছন হ’ল্ডাৰৰ অপৰাজিত ৩৭ আৰু ৰ’ভমান পাৱেলৰ অপৰাজিত ৩৪ ৰানৰ সহায়ত ৱেষ্ট ইণ্ডিজে নির্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্রহ কৰে৷ অধিনায়ক ছাই হ’প আৰু ৰ’ষ্টন চেজে প্রথম উইকেটত ৬৮ ৰান সংগ্রহ কৰি প্রত্যয়জনক আৰম্ভণি দিয়ে৷ ছাই হ’পৰ ৰূপত ৱেষ্ট ইণ্ডিজে প্রথমটো উইকেট হেৰুৱায়৷ অধিনায়কগৰাকীয়ে ৩২ ৰানৰ অৱদান আগবঢ়ায়৷ ইপিনে, চেজে ছিমৰন হেটমায়াৰৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৩৪ ৰান সংগ্রহ কৰাৰ সময়তে হেটমায়াৰে ব্যক্তিগত ২৭ ৰানত বিদায় লয়৷ হেটমায়াৰৰ ১২টা বলৰ ইনিংছটোত আছিল এটা চাৰি আৰু দুটা ছয়৷ দলীয় স্ক’ৰ ১১৯ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল৷ চেজে ২৫টা বলত ৪০ আৰু ৰাডাৰফ’র্ডে ১৪ ৰান কৰি বিদায় লয়৷
অৱশ্যে পাৱেল আৰু হল্ডাৰে পঞ্চম উইকেটত অপৰাজিতভাৱে ৭৬ ৰান সংগ্রহ কৰি দলটোক সন্মানজনক স্থিতিত উপনীত কৰায়৷ পাৱেলে ১৯টা বলত ৩৪ আৰু হল্ডাৰে ২২টা বলত ৩৭ ৰান কৰে৷ ভাৰতৰ হৈ যশপ্রীত বুমৰাহে সর্বাধিক দুটা উইকেট লাভ কৰে৷