নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰ দর্শন কৰিলে ১.৫ কোটি ভক্তই

বিশেষ বাৰ্তা, ২৩ এপ্রিল : বিগত ২২ জানুৱাৰীত মহাসমাৰোহেৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্রাণ প্রতিষ্ঠা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ পিছৰে পৰা এতিয়ালৈকে অযোধ্যাৰ ৰাম মন্দিৰ দর্শন কৰিছে প্রায় ১.৫ কোটি ভক্তই৷ কালি এই তথ্য প্রকাশ কৰিছে শ্রীৰাম জন্মভূমি তীর্থক্ষেত্রৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে৷ ৰায়ে দাবী কৰা অনুসৰি, অকল ভাৰতীয়ই নহয়, ৰাম মন্দিৰ দর্শন কৰা ভক্তৰ তালিকাত আছে বিদেশী নাগৰিকো৷ প্রতিৱেশী দেশ ভূটানৰ লগতে মুঠ ৩০খন দেশৰ পৰা ৯০গৰাকী বিদেশী নাগৰিকে ৰাম মন্দিৰ দর্শন কৰিছে৷ কালি সংবাদ মাধ্যমৰ মুখামুখি হৈ চম্পত ৰায়ে কয় যে প্রতিদিনে অযোধ্যালৈ ৰামলালাৰ দর্শন কৰিবলৈ গড়ে ১ লাখকৈ ভক্ত আহিছে৷ লক্ষণীয়ভাৱে কালি ৰাম মন্দিৰৰ ভৱিষ্যৎ পৰিকল্পনাৰ কথাও তুলি ধৰে চম্পত ৰায়ে৷ বর্তমান ৰাম মন্দিৰৰ প্রথম মহলাৰ কাম চলি থকা বুলি ঘোষণা কৰিছে ৰায়ে৷

You might also like