নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলাফলৰ পূর্বেই এখন আসন লাভ বিজেপিৰ

🔹 চুৰাটৰ এনডিএৰ প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত

বিশেষ বাৰ্তা, ২৩ এপ্রিল : লোকসভা নির্বাচনৰ আনুষ্ঠানিক ফলাফল ঘোষণাৰ পূর্বে কেন্দ্রত শাসকীয় বিজেপিয়ে লাভ কৰিলে এখন আসন৷ গুজৰাটৰ চুৰাটৰ বিজেপি প্রার্থী মুকেশ দালালে  বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷ কংগ্রেছ প্রার্থী নীলেশ কুম্ভানিৰ মনোনয়ন বাতিল হোৱাৰ বিপৰীতে আন আঠজন প্রার্থীয়ে কালি মনোনয়ন পত্র প্রত্যাহাৰ কৰাৰ পাছতে নির্বাচনী বিষয়াই বিজেপি প্রার্থী মুকেশ দালাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি প্রকাশ কৰে৷ বিজেপিয়ে নির্বাচনৰ প্রক্রিয়া চলি থকাৰ মাজতে এখন আসন লাভ কৰা বুলি আনুষ্ঠানিকভাৱে গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে প্রকাশ কৰিছে৷ বিজেপি প্রার্থী মুকেশ দালাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ পাছত মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে কয়– চুৰাট লোকসভা সমষ্টিৰ প্রার্থী মুকেশ দালাল বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বাবে তেওঁলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ উল্লেখ্য যে অহা ৭ মে’ত তৃতীয় পর্যায়ত গুজৰাটৰ মুঠ ২৬খন লোকসভা আসনৰ বাবে ভোটগ্রহণ হ’ব৷ ভোটগ্রহণৰ পূর্বে বিজেপিয়ে এখন আসন লাভ কৰি দলটোৰ কাংক্ষিত পৰিকল্পনা ফলপ্রসূ হোৱাৰ দিশে আগবাঢ়িছে৷ বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা মুকেশ দালাল বিজেপিৰ চুৰাট চহৰৰ সাধাৰণ সম্পাদক আৰু এছডিচিএ কমিটীৰ সদস্য৷ মোধ বণিক সম্প্রদায়ৰ মুকেশ দালাল বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলৰ ঘনিষ্ঠ ব্যক্তি৷ ১৯৮১ চনৰ পৰা বিজেপিৰ সৈতে জড়িত মুকেশ দালাল বাণিজ্যৰ স্নাতক হোৱাৰ উপৰি এলএলবি আৰু এমবিএ ডিগ্রীধাৰী৷

You might also like