নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ক’ভিডৰ মহাসংহাৰ

প্রাণঘাতী ক’ভিড–১৯ মহামাৰীৰ বিভীষিকাই কঁপাই তুলিছে ভাৰত৷ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰত ইতিমধ্যে ভাৰতত লাখ লাখ লোক আক্রান্ত হৈছে৷ প্রতিদিনে দেশখনত তিনি লক্ষাধিককৈ লোক আক্রান্ত হৈছে ক’ভিডত৷ ইফালে ক’ভিড মহামাৰীয়ে দেশৰ হাস্পতালসমূহত অভাৱনীয়ভাৱে নাটনিৰ সৃষ্টি কৰিছে অক্সিজেন, আইচিইউ বিছনা তথা জীৱনদায়িনী দৰবসমূহৰ৷ গতিকে বিনা চিকিৎসাত প্রাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে৷ মহাৰাষ্ট্র, দিল্লী, গুজৰাট, কর্ণাটক আদি ৰাজ্যসমূহৰ পৰিস্থিতি অতি ভয়াৱহ৷ দেশৰ ৰাজধানী মহানগৰ দিল্লীত হাস্পতালসমূহত এতিয়া অবর্ণনীয় পৰিস্থিতি৷ ক’ভিড ৰোগীক চিকিৎসা প্রদান কৰিবলৈ হাস্পতালসমূহত নাই পর্যাপ্ত সুবিধা৷ দিল্লীত প্রতিদিনে চিকিৎসা অবিহনে শ শ লোকে তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে৷ ভয়াৱহ এই পৰিস্থিতিৰ বাবে এতিয়া ভাৰতত মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনকেই বিশেষজ্ঞসকলে সমালোচনা কৰি আছে৷ কাৰণ ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংহাৰ আৰম্ভ হোৱাৰ পিছতো ৫খন ৰাজ্যত বিধানসভা নির্বাচন কুম্ভমেলাৰ দৰে জনসমুদ্র আয়োজনৰ ক্ষেত্রত অনুমতি প্রদান কৰিছিল চৰকাৰখনে৷ পশ্চিমবংগত ৮টাকৈ পর্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত কৰাৰ বিষয়টোক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ মহামাৰীৰ মহাসংহাৰ চলি থকা সময়তো কিয় পশ্চিমবংগত এনেদৰে দীঘলীয়া নির্বাচন প্রক্রিয়াৰ ব্যৱস্থা কৰা হ’ল, তাক লৈ দেশ–বিদেশৰ বহু নেতাই প্রশ্ণৰ অৱতাৰণা কৰিছে৷ চিকিৎসা বিশেষজ্ঞসকলে এনে সিদ্ধান্তক অবিবেচকী আখ্যা দিছে৷ লক্ষণীয়ভাৱে ক’ভিড সংহাৰ অব্যাহত থকাৰ সময়তে মাদ্রাজ উচ্চ ন্যায়ালয়ে দেশৰ গুৰুত্বপূর্ণ স্বতন্ত্র সংস্থা নির্বাচন আয়োগক তীব্র ভর্ৎসনা কৰিছে৷ মহামাৰীৰ এই দুর্যোগৰ সময়তো কিয় ক’ভিড প্রট’কল অবিহনে নির্বাচনী সমাৱেশবোৰ অনুষ্ঠিত কৰিবলৈ আয়োগে অনুমতি দিলে তাক লৈ ক্ষোভ উজাৰিছে মাদ্রাজ উচ্চ ন্যায়ালয়ে৷ অকল সেয়াই নহয়, সাধাৰণ লোকৰ হত্যাকাৰী বুলি নির্বাচন আয়োগৰ বিষয়ববীয়াসকলক সমালোচনা কৰিছে ন্যায়ালয়ে৷ হত্যাকাণ্ডৰ গোচৰ আয়োগৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে ৰুজু হোৱা উচিত বুলি মাদ্রাজ উচ্চ ন্যায়ালয়ে ঘোষণা কৰাৰ পাছতে বিষয়টোক লৈ দেশজুৰি চর্চা চলিছে৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ মহামাৰীৰ এই দ্রুত সংক্রমণৰ বাবে চৰকাৰেই জগৰীয়া বুলি ইতিমধ্যে বিভিন্ন মহলে প্রতিপন্ন কৰিবলৈ চেষ্টা চলাইছে৷ কিন্তু এইক্ষেত্রত চৰকাৰৰ কোনো আশ্বস্ত প্রদান কৰিব পৰা উত্তৰ নাই৷ গতিকে দেশত প্রতিদিনে তিলতিলকৈ সাধাৰণ জনতাই মৃত্যুক আঁকোৱালি লোৱা ঘটনাৰ বাবে চৰকাৰ জগৰীয়া বুলি একপ্রকাৰ ধাৰণা কৰিবলৈ লৈছে সমগ্র দেশবাসীয়ে৷
অৱশ্যে দেশৰ এই দুর্যোগৰ সময়ত বিশ্বৰ বিভিন্ন ৰাষ্ট্রই ভাৰতলৈ সহায়ৰ হাত আগবঢ়াবলৈ সিদ্ধান্ত লোৱা বিষয়টো এই মুহূর্তত ইতিবাচক হিচাপে চিহ্ণিত হৈছে৷ ভাৰতবাসীৰ বাবে এয়া এক আশাৰ বতৰা যে আমেৰিকা, ব্রিটেইন, ফ্রান্স আদি অধিকসংখ্যক দেশেই ভাৰতক ক’ভিড মহামাৰীৰ মোকাবিলা কৰিবলৈ অক্সিজেন তথা বিভিন্ন চিকিৎসাজাত সামগ্রী যোগান ধৰাৰ সিদ্ধান্ত লৈছে৷ আনকি ভাৰতৰ বৈৰী ৰাষ্ট্র হিচাপে চিহ্ণিত চীন আৰু পাকিস্তানেও এই মুহূর্তত প্রতিৱেশী ভাৰতক সাহায্য আগবঢ়াব বুলি প্রতিশ্রুতি প্রদান কৰিছে৷ অধিকসংখ্যক মিত্র ৰাষ্ট্রই ভাৰতত অভাৱনীয় হাৰত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে৷ কাৰণ ভাৰতৰ দৰে জনবহুল ৰাষ্ট্র এখনত যদি মহামাৰীয়ে সংক্রমণৰ এই সংহাৰ অব্যাহত ৰাখে, তেন্তে বিশ্বৰ পৰিস্থিতি জটিল হৈ পৰিব৷ বিশ্বৰ বিভিন্ন দেশৰ জনসাধাৰণৰ বাবে ভাৰতৰ এই পৰিস্থিতিয়ে নমাই আনিব পাৰে সংকট৷ অভাৱনীয়ভাৱে ভাৰতত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বিশ্বৰ সকলো দেশৰ সৈতে দেশখনৰ ভ্রমণ সম্পর্ক বিচ্ছিন্ন হৈ পৰিলে ভাৰতৰ সমান্তৰালকৈ অন্য দেশবোৰো ক্ষতিৰ সন্মুখীন হ’ব৷ ইউৰোপ তথা আমেৰিকাই ভাৰতত বিভিন্ন উদ্যোগ–প্রতিষ্ঠানত প্রত্যক্ষ বিনিয়োগ হিচাপে আগবঢ়াইছে বৃহৎ পৰিমাণৰ পুঁজি৷ দেশখনত ক’ভিড মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিলে এক অর্থনৈতিক বিপর্যয়ো নামি আহিব৷ ইয়াৰ পৰা পৰিত্রাণ কোনো দেশেই নাপাব৷ গতিকে ভাৰতৰ ক’ভিড পৰিস্থিতিক লৈ উদ্বিগ্ণ এতিয়া সমগ্র বিশ্ব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তর্জাতিক সংগঠনসমূহে ভাৰতৰ এই ক’ভিড পৰিস্থিতি জটিল হ’লে সমগ্র পৃথিৱীলৈ ভয়াৱহ পৰিস্থিতি নামি আহিব বুলি ইতিমধ্যে আশংকা কৰিছে৷ গতিকে বর্তমান সময় ভাৰতৰ বাবে অতি জটিল৷ এই জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আন্তর্জাতিক একতাৰ যে গত্যন্তৰ নাই সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷

You might also like