ইবোলা আতংকত কম্পমান আফ্ৰিকা, ৯০০ সন্দেহজনক ৰোগী চিনাক্ত
কংগোত ইবোলা ভাইৰাছ মোকাবিলাৰ বাবে নিৰীক্ষণ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে নতুন নতুন আক্ৰান্তৰ ঘটনাও পোহৰলৈ আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মহাপৰিচালকে জানিবলৈ দিয়ে যে এতিয়ালৈকে ৯০০ৰো অধিক সন্দেহজনক ৰোগীৰ সন্ধান পোৱা গৈছে। ইয়াৰ ভিতৰত ১০১টা ঘটনা নিশ্চিত কৰা হৈছে।
কংগোৰ Ituri Provinceত এই ৰোগ সৰ্বাধিকভাৱে বিয়পি পৰিছে। প্ৰায় ৫০ লাখ লোকৰ বাসস্থান এই অঞ্চলটোত দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে। ইয়াৰে প্ৰতি চাৰিজনৰ ভিতৰত এজনক মানৱীয় সহায়ৰ প্ৰয়োজন হৈছে আৰু প্ৰতি পাঁচজনৰ ভিতৰত এজন নিজৰ ঘৰ এৰি স্থানচ্যুত হ’বলগীয়া হৈছে।
উল্লেখযোগ্য যে ১৬ মে’, ২০২৬ত কংগো আৰু উগাণ্ডাত ইবোলা ভাইৰাছৰ এই প্ৰাদুৰ্ভাৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘পাব্লিক হেল্থ ইমাৰ্জেন্সি অৱ ইণ্টাৰনেশ্যনেল কনচাৰ্ন’ (PHEIC) হিচাপে ঘোষণা কৰা হৈছে। ২২ মে’ত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ স্তৰ ৰাষ্ট্ৰীয় পৰ্যায়ত “অত্যন্ত উচ্চ”, আঞ্চলিক পৰ্যায়ত “উচ্চ” আৰু বিশ্ব পৰ্যায়ত “কম” বুলি ঘোষণা কৰে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ইবোলা এক গুৰুতৰ আৰু বহু সময়ত প্ৰাণঘাতী ৰোগ। এই ভাইৰাছে মানুহৰ লগতে কিছুমান জন্তু যেনে বান্দৰকো আক্ৰান্ত কৰিব পাৰে। সাধাৰণতে বনৰীয়া জন্তুৰ পৰা মানুহলৈ এই ভাইৰাছ বিয়পি পৰে। পিছত আক্ৰান্ত ব্যক্তিৰ ৰক্ত, ঘাম, শৰীৰৰ তৰল পদাৰ্থ অথবা তেওঁৰ সংস্পৰ্শত অহা বস্তু যেনে কাপোৰ বা বিছনাৰ জৰিয়তেও ই মানুহৰ মাজত সংক্ৰমিত হ’ব পাৰে।
ডিজিটেল ডেস্ক, ২৫ মে’